What is Open Book Examination? অপেন বুক এক্সাম মানে কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা SOP দিব। তথাপি তলৰ কথা কেইটা জানি ৰখা ভাল। Open Book Exam মানে কি? 1. অলাইন পৰীক্ষাৰ এটা ভাগ। ঘৰতে বহি দিয়া পৰীক্ষা। 2. এই পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে লগত কিতাপ, নোটচ, কম্পিউটাৰ, লেপটপ, মোবাইল সকলো ৰাখিব পাৰিব। আৰু উত্তৰসমূহ তাৰ পৰা চাই চাই লিখিব পাৰিব। ৩। যদি কোনো বাহ্যিক উপায়ৰ সহায় লবলগীয়া হয় তাতো কোনো বাধা নাথাকে। পৰীক্ষা দিব লাগিব কেনেকৈ? ১। উনিভাৰ্চিটি বা কলেজৰ পৰা ৱেবছাইট লিংক দিব। অথবা হোৱাটচএপ যোগে প্ৰশ্নকাকত দিব। সেই নিৰ্দিষ্ট সময়ত লিংকটোৰ পৰা বা হোৱাটচএপৰ পৰা প্ৰশ্নকাকতখন ডাউনলোড কৰিব লাগিব। ২। তাৰ পিছত প্ৰশ্নকাকত চাই উত্তৰসমূহ লিখিব লাগিব। ৩। পৰীক্ষাৰ শেষত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত উত্তৰবহী স্কেন কৰি পিডিএফ বনাই পৰ্টেলত অথবা হোৱাটচ্এপত আপলোড কৰিব লাগিব। অবশ্যে সময় অতিৰিক্ত দিয়া হব। এই পৰীক্ষাত আমাৰ লাভ কি হব? ১। আমি ঘৰতে বহি পৰীক্ষা দিব পাৰিম। ২। পৰীক্ষাৰ কাৰণে বিশেষ পঢ়িব নালাগে। নোটচ চাইহে পৰীক্ষা দিম। ৩। আমি সুবিধা অনুসৰি কাৰোবাৰ হেল্প লব পাৰিম। যেনে পিডিএফ পঠোৱা, স্কেনিং ইত্যাদি। অসুবিধাসমূহ কি কি? ১। কো...