Posts

Showing posts from February, 2022

উপনিষদৰ সাধাৰণ সামাজিক অৱস্থা(General Social Conditions of Upanishads)

সাধাৰণ সামাজিক অৱস্থা (General Social Conditions) ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ বেদ আৰু উপনিষদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ বেদ আৰু উপনিষদ কেৱল ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰে নহয় , ভাৰতীয় সমাজ ব্যৱস্থাও বেদোপনিষদ নিৰ্ভৰ৷ বৈদিক যুগত উপনিষদীয় সমাজ ব্যৱস্থাৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত পোৱা যায়৷ উপনিষদৰ সামাজিক অৱস্থাৰ মাজতে বিভিন্ন উপনিষদিক দাৰ্শনিকসকলে জীৱন - নিৰ্বাহ কৰিছিল৷ উপনিষদত ভাৰতীয় সমাজত প্ৰচলিত বৰ্ণব্যৱস্থা , আশ্ৰম ব্যৱস্থা , নাৰীৰ স্থান ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছে৷ জাতি বা বৰ্ণব্যৱস্থা (Caste System) জাতি বা বৰ্ণৰ ধাৰণা উপনিষদৰ সময়ৰ পৰাই ভাৰতীয় সমাজত পোৱা যায়৷ বৃহদাৰণ্যকোপনিষদ মতে , জগতত প্ৰথমতে ব্ৰহ্মই আছিল৷ ব্ৰহ্ম অকলে আছিল কাৰণে তেওঁ কৰ্ম কৰা নাছিল৷ বিভিন্ন কৰ্ম কৰাৰ উদ্দেশ্যে তেওঁ বিভিন্ন জাতি সৃষ্টি কৰিলে৷ তেওঁ শ্ৰেয়োৰূপী ক্ষত্ৰিয় জাতি সৃষ্টি কৰিলে৷ যেনে – দেৱগণৰ ভিতৰত ইন্দ্ৰ , বৰুণ , সোম , ৰুদ্ৰ , পৰ্জন্য , যম , মৃত্যু , আৰু ঈশান – এওঁলোক ক্ষত্ৰিয়৷ ক্...