উপনিষদৰ সাধাৰণ সামাজিক অৱস্থা(General Social Conditions of Upanishads)
সাধাৰণ সামাজিক অৱস্থা
(General Social Conditions)
ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ বেদ আৰু উপনিষদৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ বেদ আৰু উপনিষদ কেৱল ভাৰতীয় ধৰ্ম আৰু দৰ্শনৰে নহয়, ভাৰতীয় সমাজ ব্যৱস্থাও বেদোপনিষদ নিৰ্ভৰ৷ বৈদিক যুগত উপনিষদীয় সমাজ ব্যৱস্থাৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত পোৱা যায়৷ উপনিষদৰ সামাজিক অৱস্থাৰ মাজতে বিভিন্ন উপনিষদিক দাৰ্শনিকসকলে জীৱন-নিৰ্বাহ কৰিছিল৷ উপনিষদত ভাৰতীয় সমাজত প্ৰচলিত বৰ্ণব্যৱস্থা, আশ্ৰম ব্যৱস্থা, নাৰীৰ স্থান ইত্যাদি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হৈছে৷
জাতি বা বৰ্ণব্যৱস্থা (Caste System)
জাতি বা বৰ্ণৰ ধাৰণা উপনিষদৰ সময়ৰ পৰাই ভাৰতীয় সমাজত পোৱা যায়৷ বৃহদাৰণ্যকোপনিষদ মতে, জগতত প্ৰথমতে ব্ৰহ্মই আছিল৷ ব্ৰহ্ম অকলে আছিল কাৰণে তেওঁ কৰ্ম কৰা নাছিল৷ বিভিন্ন কৰ্ম কৰাৰ উদ্দেশ্যে তেওঁ বিভিন্ন জাতি সৃষ্টি কৰিলে৷ তেওঁ শ্ৰেয়োৰূপী ক্ষত্ৰিয় জাতি সৃষ্টি কৰিলে৷ যেনে– দেৱগণৰ ভিতৰত ইন্দ্ৰ, বৰুণ, সোম, ৰুদ্ৰ, পৰ্জন্য, যম, মৃত্যু, আৰু ঈশান– এওঁলোক ক্ষত্ৰিয়৷
ক্ষত্ৰিয় সৃষ্টি কৰাৰ পিছতো ব্ৰহ্ম কৰ্মক্ষম নহ’ল৷ তেওঁ ইয়াৰ পিছত সৃষ্টি কৰিলে বৈশ্য জাতি৷ দেৱতাসকলৰ মাজত যিসকলে গণদেৱতা বুলি পৰিচিত তেওঁলোককে বৈশ্য জাতি বোলা হয়৷ যেনে– বসু, ৰুদ্ৰ, আদিত্য, বিশ্বদেৱ, মৰুৎগণ৷
ইয়াৰ পিছতো ব্ৰহ্ম সৰ্বকৰ্মত সম্পাদনত সমৰ্থৱান নহ’ল৷ সেয়ে তেওঁ শূদ্ৰক সৃষ্টি কৰিলে৷ শূদ্ৰ হ’ল পুষণৰূপী জাতি অৰ্থাৎ যিসকলে মানুহক পোষণ কৰে তাকে শূদ্ৰ বোলে৷ পৃথিৱীকে পূষা, কাৰণ পৃথিৱীয়ে সকলোকে পোষণ কৰে৷
ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰক সৃষ্টি কৰাৰ পিছতো ব্ৰহ্মৰ কাম সম্পন্ন নহ’ল৷ তেওঁ তেতিয়া ধৰ্মক সৃষ্টি কৰিলে৷ এই ধৰ্ম ক্ষত্ৰিয়ৰো ক্ষত্ৰিয় অৰ্থাৎ শক্তিশালীতকৈও শক্তিশালী৷ সেইকাৰণে ধৰ্মতকৈ শক্তিশালী আন একোৱে নাই৷ গতিকে দেখা যায় যে, উপনিষদৰ জাতি ব্যৱস্থা মূলত এক কৰ্ম ব্যৱস্থা যাক ধৰ্মৰ মাধ্যমত সু-শৃংখলিতভাৱে পৰিচালনা কৰা হয়৷
আশ্ৰম ব্যৱস্থা (Asrama System)
উপনিষদত আশ্ৰমধৰ্মৰ কথাও পোৱা যায়৷ আশ্ৰমধৰ্ম বুলিলে ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস– এই চাৰি আশ্ৰমত ব্যক্তিৰ কৰ্তব্য কৰ্মক বুজোৱা হয়৷ তৈত্তিৰীয় উপনিষদত বেদৰ অধ্যাপনা শেষ কৰাৰ পিছত গুৰুৱে শিষ্যক যিদৰে উপদেশ দিছে তাৰ পৰা ব্ৰহ্মচৰ্য আৰু গাৰ্হস্থ আশ্ৰমৰ উমান পোৱা যায়৷ তৈত্তিৰীয় উপনিষদত সন্ন্যাস আশ্ৰমৰ বাহিৰে বাকী সকলো আশ্ৰমৰ কথা কম-বেছি পৰিমাণে কোৱা হৈছে৷ গুৰু গৃহত শিক্ষা লাভৰ মাধ্যমত ইয়াত ব্ৰহ্মচৰ্য আশ্ৰম, সাংসাৰ ধৰ্মত প্ৰৱেশ কৰাৰ শিক্ষাৰ মাধ্যমত গাৰ্হস্থ আশ্ৰম, আৰু শাস্ত্ৰ অধ্যয়ন, দেৱকাৰ্য, পিতৃকাৰ্য আৰু গুৰুজনৰ সেৱাৰ মাধ্যমত বানপ্ৰস্থ আশ্ৰমৰ কথা কোৱা হৈছে৷
সন্ন্যাস আশ্ৰমৰ কথা পোৱা যায় মুণ্ডকোপনিষদত৷ কিন্তু ছান্দোগ্যোপনিষদত ইয়াৰ বহল ব্যাখ্যা পোৱা যায়৷ এই উপনিষদত গৃহীক যজ্ঞ, পবিত্ৰতা, দান কৰাৰ পৰামৰ্শ দিয়া হয়; তপস্যাৰ বাবে নিৰ্জন ঠাইত যোৱাৰ পৰামৰ্শ দিয়া হয়; আৰু শিষ্যসকলক গুৰুৰ ওচৰত শিক্ষাগ্ৰহণৰ পৰামৰ্শ দিয়া হয়; আৰু সংসাৰ জীৱনৰ পৰা চৰম সন্ন্যাস লোৱাৰ শিক্ষা দিয়া হয়৷ এইদৰে দেখা যায় যে, ভাৰতীয় সমাজ ব্যৱস্থাৰ আশ্ৰমধৰ্মৰ ভিত্তি হ’ল ছান্দোগ্যোপনিষদৰ দৰে প্ৰাচীন উপনিষদ৷
উপনিষদত নাৰীৰ স্থান (Position of Women)
বৈদিক যুগত নাৰীসকলে যথেষ্ট স্বাধীনতা পাইছিল৷ তেওঁলোকে গুৰুগৃহত বহি শিক্ষা অৰ্জন কৰিব পাৰিছিল, যাগযজ্ঞও অনুষ্ঠিত কৰিব পাৰিছিল, কোনো আলোচনা, তৰ্ক আদিত ভাগ ল’বও পাৰিছিল৷ মুনি-ঋষিসকলৰ কন্যা সন্তানে আৱাসিক শিষ্যসকলৰ লগত সম পৰিমাণে বিদ্যা অৰ্জন কৰিব পাৰিছিল৷ ঋক্বেদৰ পৰা তৎকালীন নাৰী শিক্ষা আৰু সমাজ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ চিত্ৰ পোৱা যায়৷ অৰ্থববেদৰ পৰা পোৱা যায় তৎকালীন চিকিৎসাবিদ্যাৰ এটি বিস্তাৰিত বিৱৰণ৷ বৈদিক যুগত মহিলাসকলৰ বুদ্ধিবৃত্তি আৰু আধ্যাত্মিক সাফল্য বিশেষভাৱে প্ৰণিধানযোগ্য৷ এই যুগত নাৰীসকলৰ মাজত দুই শ্ৰেণীৰ বিদ্যাথী পোৱা গৈছিল– ব্ৰহ্মবাদিনী আৰু সন্ন্যাসিনী৷ বৈদিক যুগত যিসকল নাৰী প্ৰজ্ঞা, জ্ঞান, বুদ্ধি, আধ্যাত্মিকতা আদিৰ লগত জড়িত আছিল৷ কিছমান নাৰীয়ে ঋষিৰ ঈশ্বৰৰ প্ৰতি থকা স্তুতিস্তোত্ৰ ৰচনা কৰি তেওঁলোকৰ জ্ঞান-গৰিমা আৰু প্ৰজ্ঞাৰ পৰিচয় দিছিল৷ ইহঁতৰ ভিতৰত ঘোষা, লোপামূদ্ৰা, মৈত্ৰেয়ী আৰু গাৰ্গীৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷
উপনিষদত তিনি প্ৰকাৰৰ নাৰী পোৱা যায়– জগতৰ নাৰী, আধ্যাত্মিক নাৰী, আৰু বুদ্ধিদীপ্ত নাৰী৷ কাত্যায়নী হ’ল জগতৰ নাৰী, আধ্যাত্মিক নাৰী হিচাপে ঋষি যাজ্ঞবল্ক্যৰ সহধৰ্মিণী মৈত্ৰেয়ীৰ নাম পোৱা যায়৷ আনহাতে, বুদ্ধিদীপ্ত নাৰী হিচাপে উপনিষদত গাৰ্গীৰ নাম পোৱা যায়৷ গাৰ্গী হ’ল এগৰাকী বিচাৰ-বুদ্ধিসম্পন্ন নাৰী যিয়ে ঋষি যাজ্ঞবল্ক্যৰ সহায়ত যুক্তি-তৰ্কত লিপ্ত হৈছিল৷
গতিকে দেখা যায় যে, বৈদিক যুগৰ উপনিষদত নাৰীৰ স্থান পুৰুষৰ সমানে আছিল৷ নাৰী কেৱল গৃহনী নাছিল, নাৰী আছিল সন্ন্যাসিনী, ব্ৰহ্মবাদিনী, ব্ৰহ্মজ্ঞানী৷ সেইকাৰণে বেদ আৰু উপনিষদক কেৱল ধৰ্মগ্ৰন্থ হিচাপে নহয়, প্ৰাচীন ভাৰতৰ ৰাজনীতি, অৰ্থনীতি, সমাজ, সাহিত্য আৰু ইতিহাসৰ এটি দলিল হিচাপে গণ্য কৰা হয়৷
Comments
Post a Comment