Posts

Showing posts from March, 2022

সৃষ্টিৰ অতিজাগতিক তত্ত্ব (Acosmic Theory of Creation)

সৃষ্টিৰ অতিজাগতিক তত্ত্ব  (Acosmic Theory of Creation)   উপনিষদত সৃষ্টি সম্পৰ্কীয় দুই তৰপীয়া তত্ত্ব আছে --- সৃষ্টিৰ জাগতিক তত্ত্ব আৰু অতিজাগতিক তত্ত্ব৷ সৃষ্টিৰ জাগতিক তত্ত্বত বিশ্বজগতীয় বস্তু বা সত্তাসমূহৰ আধাৰত সৃষ্টিতত্ত্বক ব্যাখ্যা কৰা হৈছে আৰু সৃষ্টিৰ অতিজাগতিক তত্ত্বত ঈশ্বৰ বা ব্ৰহ্মই মূল তত্ত্ব বা পৰমসত্তা৷ ইয়াৰ বাহিৰে কোনো সীমিত সত্তা বা বস্তুৰ স্বতন্ত্ৰ সত্তা নাই৷ এই মতাদত বিশ্বব্ৰহ্মাণ্ডক মায়া বা ভ্ৰম বুলি অভিহিত কৰি ইয়াৰ সমস্ত সত্তাক অস্বীকাৰ কৰা হয় আৰু ইয়াৰ বিপৰীতে এই বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰালত এক নিত্য , শাশ্বত সত্তাৰ অস্তিত্ব স্বীকাৰ কৰা হয়৷ গতিকে সৃষ্টিৰ অতিজাগতিক তত্ত্বত সৃষ্টিকৰ্তাৰ ধাৰণা পাওঁ যাৰ আলমত সমস্ত জগতৰ ব্যাখ্যা প্ৰদান কৰা হয়৷ এই সৃষ্টিকৰ্তাক উপনিষদত বিভিন্ন সময়ত বিভিন্ন নামেৰে প্ৰকাশ কৰা হৈছে৷ উপনিষদত জগতৰ আদিসত্তা হিচাপে আমি এক পৰমসত্তাৰ ধাৰণা পাওঁ , যাক সৃষ্টিকৰ্তা , ঈশ্বৰ , আত্মা বা ব্ৰহ্ম ইত্যাদি বিভিন্ন নামেৰে জনা যায়৷ অধ্যাপক ...