সৃষ্টিৰ অতিজাগতিক তত্ত্ব (Acosmic Theory of Creation)
সৃষ্টিৰ অতিজাগতিক তত্ত্ব
(Acosmic Theory
of Creation)
উপনিষদত সৃষ্টি সম্পৰ্কীয় দুই তৰপীয়া তত্ত্ব আছে--- সৃষ্টিৰ জাগতিক তত্ত্ব আৰু অতিজাগতিক তত্ত্ব৷ সৃষ্টিৰ জাগতিক তত্ত্বত বিশ্বজগতীয় বস্তু বা সত্তাসমূহৰ আধাৰত সৃষ্টিতত্ত্বক ব্যাখ্যা কৰা হৈছে আৰু সৃষ্টিৰ অতিজাগতিক তত্ত্বত ঈশ্বৰ বা ব্ৰহ্মই মূল তত্ত্ব বা পৰমসত্তা৷ ইয়াৰ বাহিৰে কোনো সীমিত সত্তা বা বস্তুৰ স্বতন্ত্ৰ সত্তা নাই৷ এই মতাদত বিশ্বব্ৰহ্মাণ্ডক মায়া বা ভ্ৰম বুলি অভিহিত কৰি ইয়াৰ সমস্ত সত্তাক অস্বীকাৰ কৰা হয় আৰু ইয়াৰ বিপৰীতে এই বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰালত এক নিত্য, শাশ্বত সত্তাৰ অস্তিত্ব স্বীকাৰ কৰা হয়৷ গতিকে সৃষ্টিৰ অতিজাগতিক তত্ত্বত সৃষ্টিকৰ্তাৰ ধাৰণা পাওঁ যাৰ আলমত সমস্ত জগতৰ ব্যাখ্যা প্ৰদান কৰা হয়৷ এই সৃষ্টিকৰ্তাক উপনিষদত বিভিন্ন সময়ত বিভিন্ন নামেৰে প্ৰকাশ কৰা হৈছে৷ উপনিষদত জগতৰ আদিসত্তা হিচাপে আমি এক পৰমসত্তাৰ ধাৰণা পাওঁ, যাক সৃষ্টিকৰ্তা, ঈশ্বৰ, আত্মা বা ব্ৰহ্ম ইত্যাদি বিভিন্ন নামেৰে জনা যায়৷ অধ্যাপক ৰাণাডেৰ গ্ৰন্থক অনুসৰণ কৰি তলত সৃষ্টিৰ অতিজাগতিক তত্ত্ববোৰক আলোচনা কৰা হ’ল৷
১। সৃষ্টি সম্পৰ্কীয় ধাৰণা আৰু সৃষ্টি সম্পৰ্কীয় পৌৰাণিক আৰু দাৰ্শনিক দ্বৈততা : শ্নোপনিষদত পিপ্পলাদ কৈছে যে, সৃষ্টিৰ আদিতে সৃষ্টিকৰ্তাই সৃষ্টিৰ কাৰণে উৎসাহ ব্যক্ত কৰি তপস্যা কৰিছিল৷ তাৰ পিছত তেওঁ জড় আৰু প্ৰাণশক্তিৰ অনুৰূপে ৰয়ি আৰু প্ৰাণৰ এক যোৰ সৃষ্টি কৰে৷ এই যোৰৰ পৰা তেওঁ সকলো অস্তিত্বমূলক বস্তুৰ সৃষ্টি কৰাৰ চেষ্টা কৰে৷ পিপ্পলাদে প্ৰাথমিক সৃষ্টিৰ ক্ষেত্ৰত এনে এক যুগ্মৰ ধাৰণাৰ অৱতাৰণা কৰিছিল৷ তৈত্তিৰীয় উপনিষদ মতেও, সৃষ্টিকৰ্তা সৃষ্টিৰ আদিতে তপস্যা কৰে আৰু তাৰ পিছত সকলো অস্তিত্বশীল বস্তুৰ সৃষ্টি কৰে৷ এইবোৰ সৃষ্টি কৰি তেওঁ তাতে প্ৰৱেশ কৰে আৰু তাত প্ৰৱেশ কৰি তেওঁ নিজৰ ব্যক্ত আৰু অব্যক্ত ৰূপ, সবিশেষ আৰু নিৰ্বিশেষ ৰূপ, চেতন আৰু অচেতন ৰূপ আৰু সত্য আৰু অসত্য ৰূপ ধাৰণ কৰে৷
২। আত্মা আৰু দ্বৈত লিংগৰ সৃষ্টি : সৃষ্টিতত্ত্বৰ ব্যাখ্যাৰ বাবে বৃহদাৰণ্যকোপনিষদত অস্তিত্বৰ লিংগগত দ্বৈততাক স্বীকাৰ কৰা হৈছে৷ এই উপনিষদ মতে, সৃষ্টিৰ আদিতে কেৱলমাত্ৰ পুৰুষৰূপী আত্মা বৰ্তমান আছিল৷ কিন্তু অকলে থকাটো সম্ভৱ নহয়৷ দ্বিতীয় কিবা নাথাকিলে আনন্দই নাথাকে৷ সুখ, দুখ, শোক, ভয়, আনন্দৰ ইতাদিৰ বাবে দ্বিতীয় কিবাৰ প্ৰয়োজন৷ সেয়ে আত্মাই সংগী বিচাৰিলে৷ আত্মাই নিজকে স্ত্ৰী আৰু পুৰুষ ৰূপে দুটা ভাগত বিভক্ত কৰিলে৷ এইদৰে পতি আৰু পত্নী হ’ল৷ পতি আৰু পত্নী ৰতিক্ৰিয়াত নিযুক্ত হ’ল৷ মাটিৰূপ স্ত্ৰীৰ ক্ষেত্ৰত পুৰুষৰূপ আত্মাৰ বীজ ৰোপণ কৰাৰ ফলত মানুহৰ উদ্ভৱ হ’ল৷ তাৰ পিছত ক্ৰমে গৰু, অশ্ব-অশ্বা, গাধ-গাধী, মেষ-মেষী ইত্যাদিৰ পৰা আৰম্ভ কৰি পোক-পুৰুৱালৈকে উৎপন্ন হ’ল৷ গতিকে দেখা যায় যে, আত্মাৰ পৰা সমস্ত জীৱৰ সৃষ্টি হৈছে।
৩। মধ্যস্থতাকাৰী ব্যক্তিৰ মাধ্যমত আত্মাৰ দ্বাৰা সৃষ্টি : ঐতিহ্যৰ উপনিষদ মতে, আৰম্ভণিতে কেৱল আত্মাৰ অস্তিত্ব আছিল৷ সেই আত্মাই এদিন জগত সৃষ্টি কৰাৰ কথা চিন্তা কৰিলে৷ এই উদ্দেশ্যে তেওঁ চতুৰ্বিধ লোকৰ সৃষ্টি কৰিলে৷ এই চতুৰ্বিধ লোক বা চাৰিজগত হ’ল– অম্ভোলোক, মৰীচিলোক, মৰলোক আৰু অপ্লোক৷ অম্ভোলোক পানীক ধাৰণ কৰে; অন্তৰীক্ষ বা আকাশেই মৰিচীলোক; পৃথিৱী হ’ল মৰলোক, কাৰণ ইয়াত সমস্ত প্ৰাণীয়ে মৰণশীল; যি লোক পৃথিৱীৰ নিম্ন স্থানত অৱস্থিত তাক অপ্লোক বোলা হয়৷ ঐতৰেয় উপনিষদৰ মতানুসাৰে সৃষ্টিক্ৰমত প্ৰথমতে আৱিৰ্ভূত হয় চাৰিটা লোক৷ জীৱৰ সৃষ্টি প্ৰদৰ্শনেই ইয়াৰ মূল উদ্দেশ্য৷
উক্ত চাৰিলোক সৃষ্টিৰ পিছত আত্মাই জগত-পুৰুষ সৃষ্টিৰ কথা চিন্তা কৰিলে৷ এই জগত-পুৰুষ হ’ল এজন মধ্যস্থতাকাৰী সত্তা যি পৰমসত্তা আত্মা আৰু বিশ্বব্ৰহ্মাণ্ডৰ মাজত অৱস্থান কৰে৷ চাৰিলোক সৃষ্টি কৰাৰ পিছত আত্মাই লোকসমূহৰ ৰক্ষক হিচাপে লোকপালক সমূহ সৃষ্টি কৰে৷ দেৱতাসকলেই লোকপালক৷ এই উপনিষদত কোৱা হৈছে যে, ঈশ্বৰে পানীৰ পৰা উদ্ধাৰ কৰি এক পুৰুষাকাৰ গঠন কৰে আৰু ইয়াক জীৱদেহৰ মূৰ্তৰূপ প্ৰদান কৰে৷ ঈশ্বৰ সেই পুৰুষাকাৰ পিণ্ডক উদ্দেশ্য কৰি সৃষ্টিৰ কাৰণে সংকল্প কৰে আৰু এই সংকল্পৰ ফলত চৰাইৰ কণীৰ পৰা পোৱালী জন্ম হোৱাৰ দৰে সৃষ্টিৰ অভিব্যক্তি হয়৷
৪। আত্মা আৰু সম্ভূত তত্ত্ব : তৈত্তিৰীয় উপনিষদত সৃষ্টিতত্ত্বৰ সম্ভূতি তত্ত্ব পোৱা যায়৷ ইয়াত সৃষ্টি বুলিলে আত্মাৰ পৰা নিৰ্গত হোৱা তত্ত্বক বুজোৱা হৈছে৷ তৈত্তিৰীয় উপনিষদত ইয়াক ব্যখ্যা কৰি কোৱা হৈছে– ‘‘আত্মা বা ব্ৰহ্মৰ পৰা আকাশৰ উৎপত্তি হৈছে, আকাশৰ পৰা বায়ু, বায়ুৰ পৰা অগ্নি, অগ্নিৰ পৰা পানী, পানীৰ পৰা পৃথিৱী বা মাটি, পৃথিৱীৰ পৰা উদ্ভিদ আৰু গছ-লতা, উদ্ভিদৰ পৰা খাদ্য বা অন্ন আৰু অন্নৰ পৰা মানুহৰ উৎপত্তি হৈছে৷’’
৫। শ্বেতাশ্বতৰ উপনিষদৰ ঈশ্বৰবাদী সৃষ্টিতত্ত্ব : শ্বেতাশ্বতৰ উপনিষদত পৰমেশ্বৰৰ অস্তিত্ব স্বীকাৰ কৰি সৃষ্টিতত্ত্বৰ ব্যাখ্যা কৰা হৈছে৷ শ্বেতাশ্বতৰ উপনিষদত কোৱা হৈছে যে, সৰ্বভূতৰ পৰিণাম সম্পদানকাৰী কাল, বস্তুসমূহৰ প্ৰকৃতি বা নিজাশক্তি বা স্বভাৱ, নিয়তি, যদৃচ্চা, মাটি প্ৰভৃতি ভূতসমূহ অথবা পুৰুষ বা আত্মা– এইবোৰ কোনোটেৱে জগতৰ উৎপাদন কাৰণ নহয়৷ শ্বেতাশ্বতৰ উপনিষদ মতে, এক অদ্বিতীয় দেৱ পৰমেশ্বৰে কাল আৰু জীৱাত্মাৰ সৈতে নিখিল কাৰণসমূহক পৰিচালনা কৰে৷ জগতৰ কাৰণ স্বৰূপে কোনো এক আদি উপাদনকো স্বীকাৰ কৰিব নোৱাৰি৷ কাৰণ সকলো জড় উপাদানে ঈশ্বৰ-সৃষ্ট৷ ঈশ্বৰৰ নিৰ্ভুল পৰিকল্পনাত মাটি, পানী, অগ্নি আৰু আকাশ সৃষ্টি হৈছে৷ এই উপনিষদ অনুসাৰে ৰুদ্ৰই নিজৰ শক্তিৰ দ্বাৰা জগতক শাসন কৰে৷ যিয়ে জগতৰ সৃষ্টি আৰু বিনাশ কৰিব পাৰে, তেৱেঁই জগতৰ কাৰণ৷ তেওঁ হ’ল পৰমেশ্বৰ, জগতৰ সমস্ত শক্তি তেওঁতে নিহিত থাকে৷ তেৱেঁই পৰম কাৰণ, সকলো আত্মাৰ প্ৰভূ৷ তেওঁ স্বয়ম্ভূ, সকলোৰে কাৰণ৷ তেওঁৰ পৰাই বিভিন্ন বস্তুৰ উৎপত্তি হয়৷
৬। ব্ৰহ্মৰ পৰা সৃষ্টি : উপনিষদত বহু স্থানত ব্ৰহ্মকে জগতৰ সৃষ্টিকৰ্তা বুলি কোৱা হৈছে৷ বৃহদাৰণ্যকোপনিষদত সমস্ত জীৱ-জন্তু, ভৌতিক বস্তু আৰু দেৱতাক ব্ৰহ্ম বা আত্মাৰ পৰা উৎপন্ন হোৱা বুলি কোৱা হৈছে৷ মকৰাই যিদৰে নিজৰ অন্তৰৰ পৰা নিৰ্গত উপাদানেৰে জাল তৈয়াৰ কৰে, তেনেদৰে ব্ৰহ্মই নিজৰ ভিতৰৰ পৰাই জগত সৃষ্টি কৰে৷ মুণ্ডকোপনিষদতো কোৱা হৈছে যে, নিত্য ব্ৰহ্মৰ পৰা সকলো জীৱ-জগতৰ উৎপত্তি হৈছে আৰু পৰিণতিত ব্ৰহ্মতে বিলীন হৈ যায়৷ ছান্দোগ্যোপনিষদ মতে, প্ৰথমতে এক অদ্বিতীয় আত্মাৰে অস্তিত্ব আছিল যাৰ পৰা অগ্নিৰ উৎপত্তি হৈছে, অগ্নিৰ পৰা পানী আৰু পানীৰ পৰা অন্নৰ [পৃথিৱী] উৎপত্তি হয়৷ মুণ্ডকোপনিষদ মতে, অক্ষৰ ব্ৰহ্মই সগুণ ব্ৰহ্মক সৃষ্টি কৰিছে আৰু সগুণ ব্ৰহ্মই জীৱ, মানস, ইন্দ্ৰিয়, আকাশ, বায়ু, পানী, অগ্নি আৰু পৃথিৱীৰ সৃষ্টি কৰিছে৷ তৈত্তিৰীয় উপনিষদত কোৱা হৈছে যে, আত্মাৰ বহু হোৱাৰ ইচ্চাৰ পৰা সমস্ত বিশ্বজগতৰ উৎপত্তি হৈছে৷
৭। মুণ্ডকোপনিষদৰ ব্যক্তিবাদী-নৈৰ্ব্যক্তিবাদী সৃষ্টিতত্ত্ব : মুণ্ডকোপনিষদত তৈত্তিৰীয় উপনিষদৰ সম্ভূতিতত্ত্ব আৰু শ্বেতাশ্বতৰ উপনিষদৰ ঈশ্বৰবাদী তত্ত্বৰ এক সমন্বয় লক্ষ্য কৰা যায়৷ সৃষ্টিৰ আদিতে জ্যোতিস্বৰূপ পুৰুষৰ বা আত্মাৰ কোনো মূৰ্তি বা আকাৰ নাছিল৷ তেওঁ ভিতৰ-বাহিৰ সকলোতে বৰ্তমান৷ তেওঁ জন্মৰহিত, প্ৰাণৰ ক্ৰিয়া বৰ্জিত আৰু ইন্দিয়সমূহৰ প্ৰধান মন তেওঁৰ নাই৷ তেওঁ শুদ্ধ আৰু স্থূল আৰু অব্যক্ত প্ৰকৃতিতকৈ শ্ৰেষ্ঠ৷ তেওঁ সৰ্বভূতৰ আত্মা৷ তেওঁৰ পৰা জীৱন, মন, ইন্দ্ৰিয়, আকাশ, বায়ু, পানী, মাটি, পোহৰ আদিৰ জন্ম৷ তেওঁৰ পৰাই বিভিন্ন দেৱতা, দেৱদূত, মানৱ, পশু, পক্ষী প্ৰভৃতিৰ জন্ম হয়৷ তেওঁৰ পৰাই সমস্ত কৰ্মানুষ্ঠান পদ্ধতি– যপ, তপস্যা, শ্ৰদ্ধা, সত্য, ব্ৰহ্মচৰ্য, ধৰ্মীয় নীতি৷ অগ্নি ইয়াৰ মস্তক, চক্ষুদ্বয় চন্দ্ৰ-সূৰ্য, কৰ্ণদ্বয় দিক্, বেদসমূহ বাক্য, প্ৰাণ হ’ল বায়ু, অন্তকৰণ নিখিল বিশ্ব আৰু পাদদ্বয়ৰ বাবে আছে পৃথিৱী৷ তেওঁৰ পৰাই সৃষ্টি হৈছে মেঘ, মেঘৰ পৰা পৃথিৱীত জন্ম লয় শস্য৷ অনন্ত জীৱদেহৰ উপাদানভূত সেই শস্যৰ দ্বাৰা পুৰুষ বা আত্মা বীৰ্য ৰোপণ কৰি পৰমপুৰুষৰ পৰা বহু বস্তুৰ সৃষ্টি কৰে৷ গতিকে পৰমপুৰুষ হ’ল সমস্ত ভূতৰ অন্তৰাত্মা৷
Comments
Post a Comment