কাৰণ সমন্বয়, কাৰ্য সংমিশ্ৰণ, সমজাতীয় আৰু বিজাতীয় কাৰ্য সংমিশ্ৰণ, নানাকাৰণবাদ আৰু কাকতালীয় দোষ
আগমনৰ ভিত্তি : আকাৰগত আৰু বস্তুগত ১। কাৰণ সমন্বয় কাক বোলে ? Ans : যেতিয়া একাধিক কাৰণ সংযোজিত বা মিলিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটা জটিল বা মিশ্ৰ কাৰ্য সম্পাদন কৰে , তেতিয়া এই কাৰণবোৰক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে৷ যেনে - এটা গধুৰ শীল এজন মানুহে তুলিব নোৱাৰি দহজন মানুহে মিলি তুলিলে৷ ইয়াত দশজন মানুহৰ সন্মিলিত প্ৰচেষ্টাক কাৰণ সমন্বয় বা কাৰণ সংযোজক৷ ২। কাৰ্য সংমিশ্ৰণ কাক বোলে ? Ans : যেতিয়া একাধিক কাৰণ সংযোজিত বা মিলিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটা জটিল বা মিশ্ৰ কাযৰ সম্পাদন কৰে , তেতিয়া সেই কাৰণবোৰৰ সন্মিলিত প্ৰচেষ্টাত উৎপাদিত কাৰ্যটোক কাৰ্য সংমিশ্ৰণ বোলা হয়৷ যেনে - এটা গধুৰ শীল এজন মানুহে তুলিব নোৱাৰি দহজন মানুহে মিলি তুলিলে৷ ইয়াত শিল তোলা ঘটনাটো কাৰ্য সংমিশ্ৰণ৷ ৩। কাৰ্য সংমিশ্ৰন কেই প্ৰকাৰ আৰু কি কি ? Ans : কাৰ্য সংমিশ্ৰ দুই প্ৰকাৰৰ – (i) সমজাতীয় কাৰ্য সংমিশ্ৰণ৷ (ii) বিজাতীয় কাৰ্য সংমিশ্ৰন৷ ৪। সমজাতীয়...