সক্ৰিয় উপকাৰণ, নিষ্ক্ৰিয় উপকাৰণ, প্ৰযোজক আৰু সংস্থা
১। সক্ৰিয় উপকাৰণ কাক বোলে?
Ans : যি উপকাৰণ ক্ৰিয়াশীল তাক সক্ৰিয় উপকাৰণ বোলে৷ যেনে– জ্বলন্ত দিয়াচলাইৰ কাঠি এডাল দাহ্য বস্তুৰ ওপৰত পোলোৱাত জুই জ্বলি উঠিল৷ ইয়াত জ্বলন্ত কাঠিডাল সক্ৰিয় উপকাৰণ৷
২। নিষ্ক্ৰিয় উপকাৰণ কাক বোলে?
Ans : যিবোৰ উপকাৰণৰ ওপৰত সক্ৰিয় উপকাৰণ ক্ৰিয়াশীল থাকে, তাক নিষ্ক্ৰিয় উপকাৰণ বোলে৷ যেনে--- জ্বলন্ত দিয়াচলাইৰ কাঠি এডাল দাহ্য বস্তুৰ ওপৰত পেলোৱাত জুই জলি উঠে৷ ইয়াত দাহ্য বস্তু হল নিষ্ক্ৰিয় উপকাৰণ৷
৩। প্ৰযোজক কাক বোলে?
Ans : যি শক্তিয়ে কোনো পৰিৱৰ্তন ঘটায় বা ক্ৰিয়াক উদ্দীপিত কৰে তাক প্ৰযোজক বা ক্ৰিয়া উদ্দীপক উপকাৰণ বোলে৷ যেনে– জ্বলন্ত দিয়াচলাইৰ কাঠি এডাল দাহ্য বস্তুৰ ওপৰত পোলোৱাত জুই জ্বলি উঠিল৷ ইয়াত জ্বলন্ত কাঠিডাল প্ৰযোজক৷
৪। সংস্থা কাক বোলে?
Ans : পাৰিপাশ্বিৰ্ক ঘটনাৰ যি সমাবেশ বা বিন্যাস থাকিলে ক্ৰিয়া উদ্দীপক শক্তিৰ পক্ষে কাৰ্যকৰী হোৱা সম্ভৱ হয় অৰ্থাৎ প্ৰযোজক কাৰ্য উৎপাদন কৰিব পাৰে, সেই ঘটনাৰ সমাবেশক সংস্থা বোলে৷ যেনে– জ্বলন্ত দিয়াচলাইৰ কাঠি এডাল দাহ্য বস্তুৰ ওপৰত পোলোৱাত জুই জ্বলি উঠিলে ইয়াত দাহ্য বস্তু হ'ব সংস্থা৷
ডাউনলোড
Comments
Post a Comment