কাৰণ সমন্বয়, কাৰ্য সংমিশ্ৰণ, সমজাতীয় আৰু বিজাতীয় কাৰ্য সংমিশ্ৰণ, নানাকাৰণবাদ আৰু কাকতালীয় দোষ

আগমনৰ ভিত্তি : আকাৰগত আৰু বস্তুগত

১। কাৰণ সমন্বয় কাক বোলে?

Ans : যেতিয়া একাধিক কাৰণ সংযোজিত বা মিলিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটা জটিল বা মিশ্ৰ কাৰ্য সম্পাদন কৰে, তেতিয়া এই কাৰণবোৰক কাৰণ সমন্বয় বা কাৰণ সংযোজন বোলে৷ যেনে- এটা গধুৰ শীল এজন মানুহে তুলিব নোৱাৰি দহজন মানুহে মিলি তুলিলে৷ ইয়াত দশজন মানুহৰ সন্মিলিত প্ৰচেষ্টাক কাৰণ সমন্বয় বা কাৰণ সংযোজক৷

২। কাৰ্য সংমিশ্ৰণ কাক বোলে

Ans : যেতিয়া একাধিক কাৰণ সংযোজিত বা মিলিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটা জটিল বা মিশ্ৰ কাযৰ সম্পাদন কৰে, তেতিয়া সেই কাৰণবোৰৰ সন্মিলিত প্ৰচেষ্টাত উৎপাদিত কাৰ্যটোক কাৰ্য সংমিশ্ৰণ বোলা হয়৷ যেনে- এটা গধুৰ শীল এজন মানুহে তুলিব নোৱাৰি দহজন মানুহে মিলি তুলিলে৷ ইয়াত শিল তোলা ঘটনাটো কাৰ্য সংমিশ্ৰণ৷

৩। কাৰ্য সংমিশ্ৰন কেই প্ৰকাৰ আৰু কি কি?

Ans : কাৰ্য সংমিশ্ৰ দুই প্ৰকাৰৰ

(i) সমজাতীয় কাৰ্য সংমিশ্ৰণ৷

(ii) বিজাতীয় কাৰ্য সংমিশ্ৰন৷

৪। সমজাতীয় কাৰ্য সংমিশ্ৰণ কাক বোলে?

Ans : একাধিক কাৰণৰ সন্মিলিত ক্ৰিয়াৰ ফলত যি কাৰ্যৰ সৃষ্টি হয় সেই মিশ্ৰ কাৰ্যটো যদি কাৰণবোৰৰ প্ৰতে্যকে সতন্ত্ৰভাৱে সৃষ্টি কৰা কাৰ্যৰ সমজাতীয় হয়, তেনেহলে তাক সমজাতীয় কাৰ্য সংমিশ্ৰন বোলে৷ যেনে- এটা ঘৰত দহডাল মমবাতি জলালে আমি যি পোহৰ পাওঁ সেই পোহৰ সমজাতীয় কাৰ্য সংমিশ্ৰণ৷

৫। বিজাতীয় কাৰ্য সংমিশ্ৰণ কাক বোলে?

Ans : একাধিক কাৰণৰ সন্মিলিত ক্ৰিয়াৰ ফলত যি মিশ্ৰ কাৰ্য সৃষ্টি হয়, সেই মিশ্ৰ কাৰ্যটো যদি কাৰণবোৰৰ প্ৰতে্যক সতন্ত্ৰভাৱে সৃষ্টি কৰা কাৰ্যবোৰৰ সমজাতীয় নহৈ বিজাতীয় হয়, তেনেহলে সেই মিশ্ৰ কাৰ্যটোক বিজাতীয় কাৰ্য সংমিশ্ৰণ বোলা হয়৷  যেনে- অক্সিজেন আৰু হাইড্ৰজেন গেছ বিদু্যৎ শক্তিৰে মিহলাই পানী উৎপাদন কৰিলে পানী বিজাতীয় কাৰ্য সংমিশ্ৰণ৷

৬। নানাকাৰণবাদ বা কাৰণবহুত্ব বুলিলে কি বুজা?

Ans : নানাকাৰণবাদ কাৰণ সম্বন্ধীয় এটা ভ্ৰান্ত ধাৰণা৷ যি মতবাদ অনুসৰি একে কাৰ্য বিভিন্ন সময়ত বিভিন্ন অৱস্থাত বিভিন্ন কাৰণৰ দ্বাৰা উৎপন্ন হব পাৰে, তাক নানকাৰণবাদ বা কাৰণবহুত্ব বোলা হয়৷ যেনে--- একে মৃত্যু কেতিয়াবা পানীত পৰি, কেতিয়াবা বেমাৰত পৰি, কেতিয়াবা দুৰ্ঘটনাত পৰি ইত্যাদি নানা কাৰণত সংঘটিত পাৰে৷

৭। নানাকাৰণবাদ সৃষ্টি বা উৎপত্তিৰ দুটা কাৰণ উল্লেখ কৰা৷

Ans : নানকাৰণবাদ সৃষ্টি বা উৎপত্তিৰ দুটা কাৰণ 

(i) কাৰ্যৰ বিশিষ্ট স্বভাৱবোৰ লক্ষ্য নকৰি কেৱল কাৰণৰ বিশিষ্ট স্বভাৱ লক্ষ্য কৰিলে নান কাৰণৰ উৎপত্তি হয়৷

(i) কাৰণৰ সামান্য স্বভাৱ লক্ষ্য নকৰি কাৰ্যৰ সামান্য স্বভাৱ লক্ষ্য কৰিলে নানকাৰণৰ উৎপত্তি হয়৷

৮। নানাকাৰণবাদ আৰু কাৰণসমন্বয় বা কাৰণ সংযোজনৰ পাৰ্থক্য নিৰ্ণয়  কৰা৷

Ans : নানকাৰণবাদ আৰু কাৰণসমন্বয় বা কাৰণ সংযোজনৰ মাজত পাৰ্থক্য

(i) নানাকাৰণবাদ মতে এটা কাৰ্যৰ নানাকাৰণ থাকিব পাৰে আৰু প্ৰতে্যকটো কাৰণে পৃথক পৃথকভাৱে কাৰ্যটো সম্পাদন কৰিব পাৰে৷ কিন্তু কাৰণ সমন্বয়তো নানাকাৰণ থাকিলে প্ৰত্যেকটো কাৰণে পৃথক পৃথকভাবে কাৰ্যটো সম্পাদন কৰিব নোৱাৰে৷

(ii) নানাকাৰণবাদ কাৰণ সম্বন্ধীয় এটা ভ্ৰান্ত ধাৰণা৷ কিন্তু কাৰণ সমন্বয় কাৰণ সম্বন্ধীয় কোনো ভ্ৰান্ত ধাৰণা নহয়৷

৯। নানাকাৰণবাদ বা কাৰণবহুত্ব ওপৰত এটি টোকা লিখা৷

Ans : যি মতবাদ অনুসৰি এটা নিৰ্দিষ্ট কাৰ্য বিভিন্ন সময় বিভিন্ন কাৰণৰ দ্বাৰা স্বতন্ত্ৰভাৱে ঘটিব পাৰে, তাক নানাকাৰণবাদ বা কাৰণবহুত্ব বোলা হয়৷ এই মতবাদ অনুসৰি একেই কাৰ্য বিভিন্ন সময়ত বিভিন্ন কাৰণৰ দ্বাৰা উৎপন্ন পাৰে৷ উদাহৰণস্বৰূপে, ‘মৃত্যুনামৰ কাৰ্যটো কেতিয়াবা বেমাৰত পৰি, কেতিয়াবা দূৰ্ঘটনাৰ কৱলত পৰি, কেতিয়াবা বিষপান কৰি, কেতিয়বা পানীত পৰি, কেতিয়াবা সৰ্পদংশনত আদি নানা কাৰণত ঘটিব পাৰে৷ এইদৰে যদি কোনো এটা কাৰ্য বিভিন্ন কাৰণৰ দ্বাৰা বিভিন্ন সময়ত স্বতন্ত্ৰভাৱে উৎপন্ন হয়, তেতিয়া তাক নানাকাৰণবাদ বা বহুকাৰণবাদ বোলা হয়৷

তৰ্কবিদ মিল আৰু বেইন বহুকাৰণবাদৰ সমৰ্থক৷ মিলৰ মতে, একেই কাৰ্য যে একেই কাৰণৰ লগত সকলো সময়তে সংযুক্ত থাকিব--- এনে কোনো কথা নাই৷ বহুতো সময়ত একেই ঘটনা বিভিন্ন কাৰণৰ দ্বাৰা উৎপন্ন পাৰে৷ অনুৰূপভাৱে বেইনেও কৈছে যে, কাৰ্যকাৰণ নিয়ম অনুযায়ী একেই কাৰণ সকলো সময়তে একেই কাৰ্য উৎপন্ন কৰে; একেই কাৰ্য বিভিন্ন অৱস্থাত বিভিন্ন কাৰণৰ দ্বাৰা উৎপন্ন পাৰে৷ মুঠতে, এই মতবাদ অনুসৰি এটা কাৰ্য সকলো সময়তে যে এটা কাৰণৰ লগত যুক্ত থাকিব সেইটো নহয়, এটা কাৰ্যৰ বিভিন্ন বিকল্প কাৰণ থাকিব পাৰে৷

মূল্যায়ন কিন্তু নানাকাৰণবাদ কাৰণ সম্পৰ্কীয় এটা ভ্ৰান্ত ধাৰণা৷ এই মতবাদ যে ভ্ৰান্ত তাক তিনিটা দৃষ্টিকোণৰ পৰা দেখুওৱা যায়

১। কাৰ্যৰ বিশেষীকৰণ [Specialising the effect] কাৰ্যক বিশেষভাৱে আৰু কাৰণক সাধাৰণভাৱে গ্ৰহণ কৰিলে নানাকাৰণবাদৰ সৃষ্টি হয়৷ অৰ্থাৎ কাৰণৰ বিশিষ্ট স্বভাৱ লক্ষ্য কৰি কাৰ্যৰ বিশিষ্ট স্বভাৱ লক্ষ্য নকৰিলে নানাকৰাণবাদৰ উৎপত্তি হয়৷

[] কাৰণৰ সামান্যীকৰণ [Generalising the cause] অনুৰূপভাৱে কাৰ্যক সাধাৰণভাৱে গ্ৰহণ কৰিলে কাৰণকো সাধাৰণভাৱে গ্ৰহণ কৰিব লাগিব৷ তাকে নকৰি যদি কাৰ্যক সাধাৰণভাৱে গ্ৰহণ কৰি কাৰণক বিশেষভাৱে গ্ৰহণ কৰা হয়, তেনেহলে নানাকাৰণবাদৰ সৃষ্টি হয়৷

[] যৌক্তিক দিশ [Logical aspect] যুক্তিৰ দিশৰ পৰা কাৰণৰ সংজ্ঞাৰ লগত নানাকাৰণবাদৰ কোনো মিল নাই৷ কাৰণৰ সংজ্ঞা , কাৰণ কাৰ্যৰ নিয়ত চৰ্তহীন অব্যৱহিত পূৰ্বৱৰ্তী ঘটনা৷ সকলো মৃত্যুৰ নিয়ত  পূৰ্বৱৰ্তী ঘটনা বেমাৰ, বিষপান, দূৰ্ঘটনা আদি নহয়৷ গতিকে নানাকাৰণবাদ কাৰণৰ লক্ষণৰ লগত বিসংগতিপূৰ্ণ৷

গতিকে দেখা যায়, নানাকাৰণবাদ এক ভ্ৰান্ত মতবাদ৷ এটা কাৰ্যৰ এটাই কাৰণ থাকে আৰু এটা কাৰণৰ এটাই কাৰ্য থাকে৷ প্ৰকৃতিৰ জটিলতা আৰু কাৰ্যকাৰণ সম্বন্ধৰ যথাৰ্থ পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ অভাৱৰ ফলত নানাকাৰণবাদ বা বহুকাৰণবাদৰ উদ্ভৱ হয়৷ 

১০। কাকতালীয় দোষ কাক বোলে?

Ans : কাৰণ হৈছে কাৰ্যৰ চৰ্তহীন নিয়ত পূবৰ্বতী ঘটনা৷ কিন্তু যিকোনো পূবৰ্বতী ঘটনা অৰ্থাৎ অনিয়ত পূবৰ্বতী ঘটনাক কাৰণ বুলি ধৰি ললে এক প্ৰকাৰৰ দোষৰ উদ্ভব হয়৷ ইয়াক কাকতালীয় দোষ বোলা হয়৷ যেনে--- তাল গছত কাউৰী পৰাটোৱে তাল সৰাৰ কাৰণ--- এই সিদ্ধান্ত কাকতালীয় দোষযুক্ত৷



Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?