উপনিষদত যোগ (Yoga in the Upanishads)
উপনিষদত যোগ (Yoga in the Upanishads) উপনিষদ সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক গ্ৰন্থ৷ বৈদিক শিক্ষাৰ বিস্তৃত বিৱৰণ উপনিষদত পোৱা যায়৷ ভাৰতীয় আধ্যাত্মিক শাস্ত্ৰত উপনিষদৰ এক মহত্বপূৰ্ণ স্থান আছে৷ ভাৰতীয় দৰ্শন আৰু আধ্যাত্মিক জ্ঞানৰ প্ৰাণ হ’ল উপনিষদ৷ উপনিষদসমূহত যোগ সম্পৰ্কীয় জ্ঞান যথেষ্ট পৰিমাণে পোৱা যায়৷ যোগ দৰ্শনৰ দৰে উপনিষদত যোগ সম্পৰ্কে ক্ৰমিক আৰু সুসংবদ্ধ তত্ত্ব পোৱা নাযায় যদিও যোগ দৰ্শনৰ দৰে উপনিষদতো যোগৰ লক্ষ্য আত্মদৰ্শন বা সমাধি বুলি কোৱা হৈছে৷ সংখ্যাৰ ফালৰ পৰা উপনিষদ বহুত৷ ইয়াৰ ভিতৰত বাৰখন উপনিষদক প্ৰধান উপনিষদ হিচাপে স্বীকাৰ কৰা হৈছে৷ এই উপনিষদ কেইখন হ’ল---বৃহদাৰণ্যক, শ্বেতাশ্বতৰ, ছান্দোগ্য, ঐতৰেয়, তৈত্তিৰীয়, কৌষীতকি, ঈশ, কেন, কঠ, প্ৰশ্ন, মুণ্ডক আৰু মাণ্ডুক্য৷ এই উপনিষদসমূহ হ’ল ভাৰতীয় আস্তিক-নাস্তিক আদি সকলো দৰ্শন-চিন্তাৰ মূল ভৰাল৷ ইয়াৰ উপৰিও এনে কিছুমান উপনিষদ আছে য’ত কেৱল যোগ বিষয়ক আলোচনা আছে৷ প্ৰধান উপনিষদসমূহৰ উপৰিও যোগৰ আলোচনা কৰা অন্যান্য কেইখনমান উপনিষদ হ’ল– অদ্বয়তাৰক, অমৃতনাদ, অমৃতবিন্দু, মুক্তিকা, তেজবিন্দু, ত্ৰিশিখীব্ৰাহ্মণ, ধ্যানবিন্দু, নাদবিন্দ...