উপনিষদত যোগ (Yoga in the Upanishads)

 উপনিষদত যোগ 

(Yoga in the Upanishads) 


উপনিষদ সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক গ্ৰন্থ৷ বৈদিক শিক্ষাৰ বিস্তৃত বিৱৰণ উপনিষদত পোৱা যায়৷ ভাৰতীয় আধ্যাত্মিক শাস্ত্ৰত উপনিষদৰ এক মহত্বপূৰ্ণ স্থান আছে৷ ভাৰতীয় দৰ্শন আৰু আধ্যাত্মিক জ্ঞানৰ প্ৰাণ হ’ল উপনিষদ৷ উপনিষদসমূহত যোগ সম্পৰ্কীয় জ্ঞান যথেষ্ট পৰিমাণে পোৱা যায়৷ যোগ দৰ্শনৰ দৰে উপনিষদত যোগ সম্পৰ্কে ক্ৰমিক আৰু সুসংবদ্ধ তত্ত্ব পোৱা নাযায় যদিও যোগ দৰ্শনৰ দৰে উপনিষদতো যোগৰ লক্ষ্য আত্মদৰ্শন বা সমাধি বুলি কোৱা হৈছে৷ 

সংখ্যাৰ ফালৰ পৰা উপনিষদ বহুত৷ ইয়াৰ ভিতৰত বাৰখন উপনিষদক প্ৰধান উপনিষদ হিচাপে স্বীকাৰ কৰা হৈছে৷ এই উপনিষদ কেইখন হ’ল---বৃহদাৰণ্যক, শ্বেতাশ্বতৰ, ছান্দোগ্য, ঐতৰেয়, তৈত্তিৰীয়, কৌষীতকি, ঈশ, কেন, কঠ, প্ৰশ্ন, মুণ্ডক আৰু মাণ্ডুক্য৷ এই উপনিষদসমূহ হ’ল ভাৰতীয় আস্তিক-নাস্তিক আদি সকলো দৰ্শন-চিন্তাৰ মূল ভৰাল৷ ইয়াৰ উপৰিও এনে কিছুমান উপনিষদ আছে য’ত কেৱল যোগ বিষয়ক আলোচনা আছে৷ প্ৰধান উপনিষদসমূহৰ উপৰিও যোগৰ আলোচনা কৰা অন্যান্য কেইখনমান উপনিষদ হ’ল– অদ্বয়তাৰক, অমৃতনাদ, অমৃতবিন্দু, মুক্তিকা, তেজবিন্দু, ত্ৰিশিখীব্ৰাহ্মণ, ধ্যানবিন্দু, নাদবিন্দু, পাশুপতব্ৰহ্ম, ব্ৰহ্মবিদ্যা, বৰাহ, শাণ্ডিল্য, হংস, যোগকুণ্ডলি, যোগচুড়ামণি, যোগতত্ত্ব, যোগশিখোপনিষদ আদি৷ বিভিন্ন উপনিষদত যোগ সম্পৰ্কে যি পৰিভাষা প্ৰদান কৰা হৈছে তাৰে কেইখনমান উপনিষদৰ যোগ সম্পৰ্কীয় বিৱৰণ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি৷

কঠোপনিষদত যোগ সম্পৰ্কে কোৱা হৈছে যে, যোগ অভ্যাস কৰোতে কাৰোতে পঞ্চইন্দ্ৰিয় বা মন স্থিৰ হৈ যায় আৰু বুদ্ধিও পৰমাত্মাত স্থিৰ হৈ যায়; এই স্থিতিত ব্যক্তিৰ পৰমাত্মাৰ অতিৰিক্ত কোনো অন্য সত্তাৰ জ্ঞান নাথাকে আৰু তাৰ চেষ্টাও নাথাকে৷ কঠোপনিষদত যোগৰ কথা উল্লেখ আছে এনেদৰে---

য়দা পঞ্চৱতিষ্ঠন্তে জ্ঞানানি মনসা সহ৷

বুদ্ধিশ্চ ন বিচষ্টতে তামাহুঃ পৰমাং গতিম্‌৷৷ [২.৩.১০]

অৰ্থাৎ পাঁচটা জ্ঞনেন্দ্ৰিয় যেতিয়া নিজ নিজ বিষয়ৰ পৰা নিবৃত্ত হৈ সংকল্পাদি ৰহিত মনৰ আনুগত্য হৈ অৱস্থান কৰে আৰু বুদ্ধিৰ স্বীয় বিষয়ত প্ৰবৃত্ত নহয়, যোগীসকলে সেই যোগৰ অৱস্থাকে শ্ৰেষ্ঠ গতি বা অৱস্থা বুলি কৈছে৷ এই স্থিতিকে যোগীসকলে পৰমগতি বা যোগৰ সৰ্বোচ্ছ অৱস্থা বুলি কোৱাৰ কাৰণ হ’ল--- এই অৱস্থাত অন্তকৰণৰ সমস্ত বিষয় নিৰুদ্ধ হোৱাত ইয়াৰ বিক্ষেপ নিবৃত্ত হয় আৰু বুদ্ধি স্থিৰ আৰু নিৰ্মল হৈ পৰমাত্মাত আশ্ৰয় লাভ কৰে৷ ইয়াকে যোগৰ চৰম অৱস্থা বা শ্ৰেষ্ঠ গতি বোলা হয়৷

কঠোপনিষদত আকৌ কোৱা হৈছে যে মন, বুদ্ধি, ইন্দ্ৰিয়ৰ স্থিৰ ধাৰণাৰ নাম যোগ৷ এই যোগ লাভ কৰা সাধকে বিষয় বা প্ৰমাদৰ পৰা সৰ্বদা ৰহিত হয়৷

তাং য়োগমিতি মন্যন্তে স্থিৰামিন্দ্ৰিয়ধাৰণাম্‌৷

অপ্ৰমত্তস্তদা ভৱতি যোগেহি প্ৰভৱাপ্যয়ো৷৷ [২.৩.ৰৰ]

পৰমাত্মাক লাভ কৰাৰ ইচ্চা থকা সাধক সম্পৰ্কে কঠোপনিষদত কোৱা হৈছে যে, সাধকে নিৰন্তৰ যোগযুক্ত হৈ থাকিবলৈ দৃঢ় অভ্যাস কৰি থাকিব লাগিব৷ কাৰণ পৰমাত্মাক কৰ্মেন্দ্ৰিয়, জ্ঞানেন্দ্ৰিয় আৰু মন, বুদ্ধি, অহংকাৰৰ দ্বাৰা লাভ কৰা নাযায়৷ কাৰণ তেওঁ এই সকলোৰে অগোচৰ৷ গতিকে পৰমাত্মাক লাভ কৰিবলৈ মন-বুদ্ধিক নিয়ন্ত্ৰণ কৰি যোগ অভ্যাস কৰিব লাগিব৷

নৈৱ ৱাচা ন মনসা প্ৰাপ্তুং শক্যো ন চক্ষুষা৷

অস্তীতি ব্ৰুৱতোহন্যত্ৰ কথং তদুপলভ্যতে৷৷ [২.৩.১২]

যোগশিখোপনিষদ অনুসৰি যোগ হ’ল----

য়োহপান প্ৰাণয়োঐৰ্ক্যং স্থৰজো ৰেতসোস্তথা৷

সূৰ্য চন্দ্ৰসোৰ্য়োগাদ্‌ জীৱাত্মা পৰমাত্মানো৷৷

এৱং তু দ্বন্দ্ব জালস্য সংয়োগো যোগ উচ্যতে৷৷

অৰ্থাৎ প্ৰাণ আৰু অপাণৰ একতা সতৰজ ৰূপী কুণ্ডলিনীৰ শক্তি আৰু স্বৰেত ৰূপী আত্মতত্ত্বৰ মিলন, সূৰ্য স্বৰ আৰু চন্দ্ৰ স্বৰৰ মিলন, তথা জীৱাত্মা আৰু পৰমাত্মাৰ মিলনে যোগ৷ যোগশিখোপনিষদত যোগৰ প্ৰকাৰ সম্পৰ্কে  ব্যাখ্যা কৰি কোৱা হৈছে যে---

মন্ত্ৰো লয়ো হঠো ৰাজযোগান্তা ভূমিকাঃ কমাত্‌৷

এক এৱ চতুৰ্ধাহং মহায়োগাহভিধীয়তে৷৷ 

অৰ্থাৎ মন্ত্ৰযোগ, লয়যোগ, হঠযোগ, ৰাজযোগ এই চাৰিযোগৰ চাৰি পদ্ধতি আছে৷ এই চাৰিযোগক একলেগে চতুৰ্বিধ যোগ বুলি কোৱা আৰু এই চতুৰ্বিধ যোগেই মহাযোগ৷

শ্বেতাশ্বতৰ উপনিষদত যোগ অনুশীলনৰ বাবে উপযুক্ত স্থানৰ কথা কোৱা হৈছে৷ শ্বেতাশ্বতৰ উপনিষদত কোৱা হৈছে--- যোগাভ্যাসৰ বাবে সমতল স্থান থাকিব য’ত কৰ্কশ পাথৰ, অগ্নি, বালি, শব্দ, পানী নাথাকে৷ য’ত চকুক পীড়া দিয়া বস্তু নাই আৰু যি স্থান যোগৰ বাবে প্ৰিয় তেনে স্থানে আটাইতকৈ উপযোগী স্থান৷ এনে স্থানত অৱশ্যই যোগ সিদ্ধি লাভ হয়৷ 

উপনিষদত মোক্ষ প্ৰাপ্তিৰ বাবে জ্ঞানৰ কথা কোৱা হৈছে৷ জ্ঞানৰ লগতে যোগৰ জ্ঞান থকাও আৱশ্যক৷ তত্ত্বোপনিষদত কোৱা হৈছে---

যোগ হীনং কথং জ্ঞানং মোক্ষদং ভৱতি ধ্ৰুৱম্‌৷

যোগোহপি জ্ঞান হীনস্তু ন ক্ষমোং মোক্ষকৰ্মণি৷৷ 

অৰ্থাৎ যোগ বিহীন জ্ঞান মোক্ষ প্ৰদান কৰোতা হ’ব নোৱাৰে আৰু জ্ঞানহীন যোগো মোক্ষ কৰ্মত অসমৰ্থ৷ গতিকে মোক্ষ প্ৰাপ্তিৰ বাবে যোগৰ জ্ঞান অৱশ্যক৷

অমৃতনাদ উপনিষদত যোগৰ অংগৰ কথা বৰ্ণনা কৰি কোৱা হৈছে---

প্ৰত্যাহাৰস্তথা ধ্যানং প্ৰাণায়মৌহয় ধাৰণা৷

তৰ্কশ্চৈৱ সমাধিশ্চ ষডংগোযোগ উচ্যতে৷ 

অৰ্থাৎ প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, প্ৰাণায়াম, তৰ্ক আৰু সমাধি--- এই ষড়াংগক যোগ বুলি কোৱা হয়৷ 

শ্বেতাশ্বতৰ উপনিষদত যোগৰ ফলাফলৰ বৰ্ণনা কৰি কোৱা হৈছে যে, যোগ সিদ্ধি হৈ যোৱাৰ পিছত শৰীৰ পাতল হয়, নিৰোগী হয়৷ মানুহৰ কোনো বিষয়ৰ প্ৰতি আসক্তি নাথাকে৷ যোগীৰ শৰীৰ আকৰ্ষণীয় হৈ পৰে৷ স্বৰ মধুৰ হয়, শৰীৰৰ পৰা দিব্য গোন্ধ ওলায়, আৰু শৰীৰত মল-মুত্ৰৰ উৎপাদন কমি যায়৷ শ্বেতাশ্বতৰ উপনিষদ আছে---

লঘুত্বমাৰোগ্যমলোলুপত্বং বৰ্ণপ্ৰসাদঃ স্বৰসৌষ্ঠৱঞ্চ৷

গন্ধ শুভো মূত্ৰপুৰীষমল্পং যোগপ্ৰবৃত্তিং প্ৰথমাং ৱদন্তি৷৷ [২.১৩]

অৰ্থাৎ শৰীৰ লঘুতা, নিৰোগ অৱস্থা, লোভৰ নিবৃত্তি, উজ্জ্বল কান্তি, স্বৰৰ মাধুৰ্য, দেহৰ সুগন্ধ, মল-মুত্ৰৰ অল্পতা--- এইবোৰকে যোগীসকলে যোগৰ প্ৰথম সিদ্ধি বুলি কয়৷ একে কথাকে শ্বেতাশ্বতৰ উপনিষদত আকৌ কোৱা হৈছে এইদৰে---

ন তস্য ৰোগো ন জৰা ন মৃত্যুঃ৷

প্ৰাপ্তস্য যোগািগ্নময়ং শৰীৰম্‌৷ [২.১২]

মৈত্ৰায় উপনিষদত কোৱা হৈছে যে---

একত্বং প্ৰাণনসোৰিন্দ্ৰিয়াণাং তথৈৱ চ৷

সৰ্ৱভাৱ পৰিত্যাগো যোগ ইত্যভিধীয়তে৷৷ [৬.২৫]

অৰ্থাৎ মন, প্ৰাণ আৰু ইন্দ্ৰিয় একাকাৰ হৈ যোৱা, একাগ্ৰ অৱস্থা লাভ কৰা, বাহ্যিক বিষয়ৰ পৰা বিমুখ হৈ ইন্দ্ৰিয়ই মনত আৰু মন আত্মাত লাগি যোৱা, আৰু প্ৰাণ নি(ল হৈ যোৱাকে যোগ বোলা হয়৷

ত্ৰিশিখীব্ৰাহ্মণোপনিষদত যোগ দৰ্শনৰ দৰে অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য আদিক যমৰ অন্তৰ্গত কৰি আলোচনা কৰা হৈছে---

অহিংসা সত্যমস্তেয়ং ব্ৰহ্মচৰ্য দয়াৰ্জৱম্‌৷

ক্ষমা ধৃতিমিতাহাৰং শৌচং চৈৱ য়মা দশাঃ৷৷ [৩৩]

শাণ্ডিল্য উপনিষদত অষ্ট আসনৰ কথা উল্লেখ কৰা হৈছে৷ এই আঠটা আসন হ’ল--- স্বস্তিকাসন, পদ্মাসন, গোমুখাসন, বীৰাসন, সিদ্ধাসন, সিংহাসন, ভদ্ৰাসন আৰু ময়ুৰাসন৷ জাৱাল উপনিষদত আকৌ ধাৰণাৰ কথা উল্লেখ কৰি কোৱা হৈছে---

সৰ্বকাৰণমব্যক্তং নিৰূপ্যচেতনম্‌ 

সাক্ষাদাত্মনি সম্পূৰ্ণে ধাৰেয়ৎপ্ৰাণনেন তু৷৷

অৰ্থাৎ জ্ঞান প্ৰসাদৰ দ্বাৰা বিশুদ্ধ সত্ব হৈ ধ্যানমগ্ন আত্মাক দেখা৷ যোগ দৰ্শনৰ দৰে উপনষিদতো সমাধিক যোগৰ অন্তিম অংগ বুলি স্বীকাৰ কৰা হৈছে৷

গতিকে দেখা যায় যে, ভাৰতীয় পৰম্পৰাত বেদোপনিষদৰ কালৰ পৰা যোগ সাধনৰ ব্যৱস্থা আছিল৷ ভাৰতীয় যোগিক পৰম্পৰা একেবাৰে নতুন নহয় ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দৰে ই অতি প্ৰাচীন৷

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?