সুস্থতাৰ বাবে যোগ
সুস্থতাৰ বাবে যোগ
(Yoga for Well being)
সম্প্ৰতি যোগ এক সাৰ্বজনীন শৰীৰ চৰ্চাৰ পদ্ধতিত পৰিণত হৈছে৷ মানৱ জাতিৰ সকলো শ্ৰেণীৰ পক্ষে উপযোগী পদ্ধতি হিচাপে বৰ্তমান যোগ বা যোগব্যায়ামৰ উপযোগিতা সৰ্বত্ৰ স্বীকৃত হৈছে৷ যোগ বা যোগাসনে একমাত্ৰ পদ্ধতি যিয়ে এফালে মানৱ দেহক সুস্থ, সৱল, নিৰোগী আৰু কাৰ্যক্ষম কৰি ৰাখিব পাৰে আৰু আনফালে মানসিক শান্তি আৰু আধ্যাত্মিক চেতনা জাগ্ৰত কৰিব পাৰে৷ সেইকাৰণে জতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে, দেশ-বিদেশৰ সকলো স্তৰতে ভাৰতীয় যোগবিদ্যাই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷
যোগৰ লগত সুস্বাস্থ্যৰ এটা ঘনিষ্ট সম্পৰ্ক আছে৷ নিয়মিত যোগ অভ্যাসকাৰীসকলে এই সম্পৰ্কে ভালদৰে জানে৷ সুস্থ দেহেৰে নিয়মিত যোগ অভ্যাস কৰিলে সম্ভাৱ্য ৰোগ আক্ৰমণক বহু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায়৷ সাধাৰণতে আমি মন আৰু শৰীৰক পৃথক দুটা তত্ত্ব বুলি ভাবোঁ যদিও দৰাচলতে মন আৰু শৰীৰৰ মাজত এক গভীৰ সম্বন্ধ আছে যাৰ ওপৰত শৰীৰৰ সুস্থতা নিৰ্ভৰ কৰে৷ মনৰ স্থূল ৰূপ হ’ল শৰীৰ আৰু শৰীৰৰ সূক্ষ্মৰূপ হ’ল মন৷ যোগৰ অনুশীলনে এই দুই তত্ত্বৰ মাজত সামঞ্জস্যতা বা সমন্বয় স্থাপন কৰে৷ শৰীৰ আৰু মন উভয়ৰে ভিতৰত কিছু সমস্যা বা উত্তেজনাৰ সৃষ্টি হ’ব পাৰে৷ প্ৰতিটো মানসিক সমস্যাৰ অনুৰূপে এক দৈহিক সমস্যাৰ সৃষ্টি হয় আৰু দৈহিক কোনো ত্ৰুটি ঘটিলেও মানসিক অশান্তিৰ উদ্ভৱ হয়৷ যোগ বা আসনৰ উদ্দেশ্য হ’ল দেহ আৰু মনৰ এই সমস্যা দূৰ কৰা৷ ইয়াৰ বাবে যোগে শাৰীৰিক স্তৰত কাম কৰি মানসিক উত্তেজনা বা চাপসমূহ দূৰ কৰে; অৰ্থাৎ শৰীৰৰ সহায়ত মনত প্ৰৱেশ কৰে৷ আকৌ, দৈহিক স্তৰৰ সমস্যা সমাধানৰ বাবে কেতিয়াবা যোগ প্ৰক্ৰিয়াৰ বিভিন্ন পদ্ধতিৰো সহায় লোৱা হয় [যেনে– ধ্যান]৷ প্ৰাণায়ম, ষটকৰ্ম, ধ্যান আৰু যোগমূদ্ৰাৰ লগতে আন কিছুমান নিৰ্বাচিত আসন অভ্যাস কৰিলে শাৰীৰিক আৰু মানসিক উভয় স্তৰতে সমস্যাৰ সমাধান কৰি দেহ-মনৰ ক্ৰিয়াকলাপ সহজ হৈ পৰে৷ ইয়াৰ ফলস্বৰূপে সুপ্ত ঊৰ্জা মুক্ত হয়, শৰীৰৰ প্ৰাণশক্তি জাগ্ৰত হয় আৰু শৰীৰৰ অৱস্থান সুদৃঢ় হয়; আৰু মনত শান্তভাৱ, সৃজনীশীলতা, উৎফুল্লতা আৰু সাম্যৱস্থাৰ উদ্ভৱ হয়৷
হঠযোগে দেহশুদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে৷ দেহশুদ্ধি নহ’লে মন শুদ্ধি সম্ভৱ নহয়৷ ‘শৰীৰমাদ্যং খলু ধৰ্মসাধনম্’– শৰীৰে সাধনাৰ ভিত্তিভূমি৷ গতিকে এই শৰীৰ যদি শুদ্ধি নহয়, দেহ যদি ৰোগাগ্ৰস্থ হয়, তেনেহ’লে মানসিক কোনো সমস্যাৰ সমাধান সম্ভৱ নহয়৷ দেহৰ স্নায়ু, পেশী যদি সুস্থ নাথাকে, তেনেহ’লে দেহস্থ আত্মা বা মনৰ আধ্যাত্মিক উন্নতি সম্ভৱ নহয়৷ উদাহৰণ হিচাপে কোৱা যায় যে, যকৃতৰ ক্ৰিয়া স্বাভাৱিক নাথাকিলে মানুহৰ মেজাজ খিটখিটীয়া স্বভাৱৰ হয়, পিতৃগন্থি (sex gland) স্বাভাৱিক নাথাকিলে মানুহ অত্যাধিক কামুক আৰু স্বাৰ্থপৰ হয়, থাইমাছ গ্ৰন্থি দোষযুক্ত হ’লে মানুহৰ স্বভাৱ অসৎ হোৱা সম্ভাৱনা থাকে, ইত্যাদি৷ গতিকে মানসিক সুস্থিৰতাৰ বাবে দেহৰ সুস্থতা অতিকৈ প্ৰয়োজন৷ নিয়মিত যোগ বা আসন অভ্যাস কৰিলে মানৱ দেহ সুস্থ থাকে আৰু দেহৰ সুস্থতাই মনক পৰিশুদ্ধ কৰি তোলাত সহায় কৰে৷
নাৰী, পুৰুষ, বৃদ্ধ, শিশু সকলোৱে শৰীৰ সুস্থ ৰখাৰ বাবে কিবা নহয় কিবা যোগাসন অভ্যাস কৰা উচিত৷ কোনো ধৰণৰ ঔষধ অবিহনে একমাত্ৰ যোগাসনে আমাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ৰাখিব পাৰে৷ টেনচন বা মানিসক চাপৰ পৰা মানুহৰ যে কিমান ধৰণৰ ৰোগ হ’ব পাৰে, আয়ু কমি যাব পাৰে, আধুনিক বিজ্ঞানীসকলে তাক প্ৰমাণ কৰি দেখুৱাইছে৷ ডায়বেটিছ, হৃদৰোগ, উ২৬১ক্তচাপ আদিৰ পৰা আৰম্ভ কৰি প্ৰায় সকলো ৰোগৰ মূলতে আছে মানসিক চাপ৷ যোগপণ্ডিতসকলৰ মতে, যোগৰ মাধ্যমত আটাইতকৈ কাৰ্যকৰী উপায়েৰে মানসিক চাপ নিয়ন্ত্ৰণ কৰা যায়৷ সেইকাৰণে প্ৰতদিনে যোগ বা যোগাসানৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে৷
গতিকে দেখা যায় যে, যোগাসনৰ নিয়মিত অভ্যস কৰিলে শৰীৰ সম্পূৰ্ণ সুস্বাস্থ্যৱান হয় আৰু অসুস্থ শৰীৰৰ ভিতৰতো সুস্বাস্থ্যৰ লক্ষণসমূহ প্ৰকট হ’বলৈ ধৰে৷ আসনসমূহ ভালদৰে অভ্যাস কৰিলে শৰীৰৰ সুপ্ত শক্তি জাগ্ৰত হয় আৰু জীৱনৰ প্ৰত্যেক ক্ষেত্ৰতে অধিক আত্মবিশ্বাস লাভ কৰা যায়৷ যোগ কেৱল দৈহিক সুস্বাস্থ্যই বজাই নাৰাখে, মানসিক সুস্থিৰতাৰ বাবেও নিয়মিত যোগ অভ্যাস কৰিব লাগে৷
Comments
Post a Comment