Posts

Showing posts from February, 2021

জৈন অনুব্ৰত - Anuvrata or Minutest Vow

Image
  অনুব্ৰত কাক বোলে? জৈন পঞ্চঅনুব্ৰতৰ ওপৰত এটি টোকা লিখা। What is anuvrata or minutes vow? Write a short note on Jaina pancha anuvrata.  অনুব্ৰত [Anuvrata or Minutest Vow] জৈন দৰ্শনত যিকেইটা পঞ্চমহাব্ৰতৰ উল্লেখ কৰা হৈছে , সেই ব্ৰতকেইটা পালন কৰাটো সম্ভৱ কেৱল কঠোৰ সন্যাসী জীৱন - যাপনৰ ক্ষেত্ৰত৷ কিন্তু সংসাৰী মানুহৰ পক্ষে এইকেইটা মহাব্ৰত পালন কৰা সম্ভৱ নহয়৷ সংসাৰী মানুহৰ কাৰণে জৈনদৰ্শনত মহাব্ৰতসমূহক অলপ সহজ আৰু শিথিল কৰা হৈছে৷ পঞ্চমহাব্ৰতৰ শিথিল ৰূপেই হৈছে পঞ্চঅনুব্ৰত৷ ‘ অনু ’ হ ’ ল ‘ মহা ’ ৰ সম্পূৰ্ণ বিপৰীত৷ ‘ মহা ’ ৰ অৰ্থ হ ’ ল ‘ চৰম ’ বা ‘ কঠোৰ ’; আৰু ‘ অনু ’ ৰ অৰ্থ হ ’ ল ‘ সহজ ’ বা ‘ সৰল ’ ৷ গতিকে অনুব্ৰতকেইটা হ ’ ল খুব সৰল ব্ৰত৷ এই ব্ৰতকেইটা পালন কৰা অতি সহজ বাবে এইবোৰক ‘ পঞ্চ - সহজব্ৰত ’ বুলিও কোৱা হয়৷ এই পঞ্চঅনুব্ৰত কেইটাক তলত উল্লেখ কৰা হ ’ ল – ১।  অহিংসা [Non-violence] ঃ জৈনমতে , গতিশীল আৰু গতিহীন আদি সকলো প্ৰকাৰৰ জীৱৰ প্ৰতি হিংসা বা অনিষ্ট সাধনৰ পৰা বিৰ...

জৈন নীতিতত্ত্বত মহাব্ৰত - Mahavrata in Jaina Ethics

Image
জৈন নীতিতত্ত্বত মহাব্ৰত মানে কি? মহাব্ৰত কেই প্ৰকাৰৰ আৰু কি কি? আলোচনা কৰা।  What do you mean by Mahavrata? What are the Mahavratas? Discuss. মহাব্ৰত [Mahavrata or Great Vow] জৈন মতে , মোক্ষ লাভৰ সহায়ক কৰ্ম পাঁচ প্ৰকাৰৰ – অহিংসা , সত্য বা সুনৃত , অস্তেয় , ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ ৷ এই পঞ্চব্ৰত মুক্তিকামী ব্যক্তিৰ অৱশ্য পালনীয়৷ মঠবাসী সন্ন্যাসীসকলৰ ক্ষেত্ৰত এই পাঁচটা ব্ৰত কঠোৰভাৱে পালনীয় কাৰণে ইহঁতক একেলগে ‘ পঞ্চ মহাব্ৰত ’ বুলি কোৱা হয়৷ এই পঞ্চ মহাব্ৰতৰ ভিতৰত আকৌ অহিংসাই হৈছে সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বপ্ৰধান৷ এই পাঁচটা মহাব্ৰতৰ বিষয়ে তলত আলোচনা কৰা হ ’ ল৷ ১।  অহিংসা [Non-violence] ঃ পঞ্চমহাব্ৰতৰ সৰ্বপ্ৰথম  আৰু  সৰ্বপ্ৰধান  ব্ৰতটো  হ ’ ল  ‘ অহিংসা ’ ৷  ‘ অহিংসা ’ শব্দৰ অৰ্থ হ ’ ল কোনো প্ৰাণীকে হিংসা নকৰা ; সৰ্বপ্ৰকাৰ হিংসা পৰিত্যাগ কৰাই অহিংসা৷ ‘ অহিংসা পৰমো ধৰ্মঃ ’ ৷   জৈনমতে , গতিশীল আৰু গতিহীন আদি সকলো প্ৰকাৰৰ জীৱৰ প্ৰতি হিংসা বা অনিষ্ট সাধনৰ পৰা বিৰত ...

জৈন নীতিশাস্ত্ৰৰ ত্ৰিৰত্নৰ ধাৰণা - Jaina Concept of Triratna or Three Jewels

Image
ত্ৰিৰত্ন [Triratna or Three Jewels] জৈন দৰ্শনৰ ত্ৰিৰত্নৰ ধাৰণা ভাৰতীয় নৈতিক দৰ্শনৰ এক মহত্বপূৰ্ণ ধাৰণা হিচাপে বিবেচিত৷ ‘ ত্ৰিৰত্ন ’ মোক্ষ লাভৰ উপায়স্বৰূপ৷ মোক্ষ লাভৰ উপায় নিৰ্দেশ কৰিবলৈ গৈ উমাস্বাতি ‘ তত্ত্বাৰ্থাধিগমসূত্ৰ ’ ত কৈছে – ‘ সম্যকদৰ্শন - জ্ঞান - চাৰিত্ৰাণি মোক্ষমাৰ্গঃ ’ ৷ অৰ্থাৎ সম্যক দৰ্শন [Right Faith], সম্যক জ্ঞান [Right Knowledge] আৰু সম্যক চৰিত্ৰ [Right Conduct]– এই তিনিটাই মোক্ষ লাভৰ উপায়৷ জীৱনৰ পৰম পুৰুষাৰ্থ মোক্ষ লাভৰ উপায় কাৰণে জৈন দৰ্শনত এই তিনিটা উপায়ক ‘ ত্ৰিৰত্ন ’ [Three Jewels] বোলা হয়৷ জৈন দৰ্শনৰ এই ত্ৰিৰত্ন মিলিতভাৱে মোক্ষ - মাৰ্গ ; প্ৰত্যেকে পৃথকে মোক্ষ - মাৰ্গ নহয়৷ জৈন ত্ৰি - ৰত্ন সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ ’ ল ঃ   ১।  সম্যক দৰ্শন [Right Faith] ঃ সত্যৰ প্ৰতি শ্ৰদ্ধাই সম্যক দৰ্শন৷ জৈনশাস্ত্ৰত প্ৰতিপাদিত সিদ্ধান্ত আৰু তত্ত্বৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু বিশ্বাসে সম্যক দৰ্শন৷ জৈন দৰ্শনত তীৰ্থঙ্কৰসকলক পথপ্ৰদৰ্শক বুলি কোৱা হয় ; সেয়ে তীৰ্থঙ্কৰ...