জৈন নীতিতত্ত্বত মহাব্ৰত - Mahavrata in Jaina Ethics
মহাব্ৰত [Mahavrata or Great Vow]
জৈন মতে, মোক্ষ লাভৰ সহায়ক কৰ্ম পাঁচ প্ৰকাৰৰ– অহিংসা, সত্য বা সুনৃত, অস্তেয়, ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ৷ এই পঞ্চব্ৰত মুক্তিকামী ব্যক্তিৰ অৱশ্য পালনীয়৷ মঠবাসী সন্ন্যাসীসকলৰ ক্ষেত্ৰত এই পাঁচটা ব্ৰত কঠোৰভাৱে পালনীয় কাৰণে ইহঁতক একেলগে ‘পঞ্চ মহাব্ৰত’ বুলি কোৱা হয়৷ এই পঞ্চ মহাব্ৰতৰ ভিতৰত আকৌ অহিংসাই হৈছে সৰ্বশ্ৰেষ্ঠ আৰু সৰ্বপ্ৰধান৷ এই পাঁচটা মহাব্ৰতৰ বিষয়ে তলত আলোচনা কৰা হ’ল৷
১। অহিংসা [Non-violence] ঃ পঞ্চমহাব্ৰতৰ সৰ্বপ্ৰথম আৰু সৰ্বপ্ৰধান ব্ৰতটো হ’ল ‘অহিংসা’৷ ‘অহিংসা’ শব্দৰ অৰ্থ হ’ল কোনো প্ৰাণীকে হিংসা নকৰা; সৰ্বপ্ৰকাৰ হিংসা পৰিত্যাগ কৰাই অহিংসা৷ ‘অহিংসা পৰমো ধৰ্মঃ’৷ জৈনমতে, গতিশীল আৰু গতিহীন আদি সকলো প্ৰকাৰৰ জীৱৰ প্ৰতি হিংসা বা অনিষ্ট সাধনৰ পৰা বিৰত থকাই অহিংসা।জৈনসকলে অহিংসাক অধিক ব্যাপকভাৱে প্ৰয়োগ কৰি কায়, মন আৰু বাক্যৰে কাৰো ক্ষতি বা অনিষ্ট নকৰাক অহিংসা বুলিছে৷ কোনো জীৱৰ অনিষ্ট নকৰা, অনিষ্টকাৰী চিন্তা নকৰা আৰু অনিষ্টকাৰী বাক্য প্ৰয়োগ নকৰাই অহিংসা৷ এই তিনি প্ৰকাৰৰ অহিংস কৰ্মক জৈন দৰ্শনত ‘ত্ৰিগুপ্তি’ বোলা হয়৷
জৈন দৰ্শনত অহিংসা বুলিলে কেৱল জীৱৰ প্ৰতি হিংসা বা ক্ষতি নকৰাকে নুবুজায়, বৰং ত্ৰস আৰু স্থাৱৰ আদি সৰ্বজীৱত প্ৰেম বিতৰণ আৰু হিতকৰ কৰ্ম অনুষ্ঠানো অহিংসাৰ অন্তৰ্গত৷ আন জীৱৰ প্ৰতি সক্ৰিয় সেৱা বা প্ৰেমক জৈন দৰ্শনত অহিংসাৰ ভিতৰত ধৰা হৈছে৷ যিহেতু সকলো জীৱেই সমান, গতিকে কোনো জীৱৰ প্ৰতি হিংসা প্ৰদৰ্শন হ’ল অধৰ্ম বা মহাপাপ৷
২৷ সত্য বা সুনৃত [Truth] ঃ পঞ্চমহাব্ৰতৰ দ্বিতীয় ব্ৰত হ’ল ‘সত্য’ বা সুনৃত৷ প্ৰিয়, হিতকৰ আৰু যথাৰ্থ বাক্য প্ৰয়োগেই সুনৃতব্ৰত৷ সত্যৰ আদৰ্শ সুনৃত৷ ‘সুনৃত’ৰ অৰ্থ হ’ল ‘যি উপাদেয় আৰু উপকাৰী’ বা ‘যি প্ৰিয় আৰু হিতকাৰী’৷ সেয়ে জৈনমতে যি ধ্ৰুৱ, কল্যাণময়, মধুৰ আৰু সৰ্বাংগসুন্দৰ, সিয়ে সত্য৷ গতিকে জৈন দৰ্শনত অপ্ৰিয় আৰু অহিতকৰ বাক্য সত্য নহয়৷ যি বাক্যই কোনো জীৱৰ অনিষ্ট কৰে বা জীৱৰ হানি ঘটায় সেই বাক্য সত্য বুলি স্বীকাৰ কৰা নাযায়৷ জৈনমতে, সত্য কেৱল মিথ্যাৰ বিৰোধী দিশ নহয়, সত্য হ’ল যি মিথ্যা নহয়, হিতকৰ আৰু সুন্দৰ সেই বাক্য বা বচন৷ কোনো ব্যক্তিয়ে কেৱল মিথ্যা কথা পৰিত্যাগ কৰিলেই নহ’ব, মধুৰ আৰু প্ৰিয় বচন প্ৰয়োগ কৰাও সত্যব্ৰত৷ সত্যব্ৰত মন, বচন, কৰ্মৰ দ্বাৰা পালন কৰা উচিত৷ অসত্য বা মিথ্যা চিন্তা, অসত্য কথন আৰু অসত্য কৰ্মৰ পৰা বিৰত থকাই যথাৰ্থ সত্যব্ৰত৷ জৈনসকলে আকৌ কৈছে, যি সত্যৰ দ্বাৰা আন ব্যক্তিৰ অনিষ্ট হয়, সেই সত্য পৰিত্যাগ কৰা উচিত৷ গতিকে দেখা যায় যে, সত্য বা সুনৃত প্ৰকৃততে অহিংসাব্ৰতৰে অন্তৰ্গত৷
৩৷ অস্তেয় [Non-stealing] ঃ ‘অস্তেয়’ শব্দৰ অৰ্থ হ’ল ‘অচৌৰ্য’ অৰ্থাৎ চৌৰ্যবৃত্তিৰ পৰা বিৰত থকা৷ অপৰৰ বস্তু চুৰি কৰা, আনকি চুৰি কৰাৰ ইচ্চা পোষণ নকৰাই অস্তেয়৷ কিন্তু জৈন দৰ্শনত ইয়াক অধিক ব্যাপকভাৱে প্ৰয়োগ কৰা হৈছে৷ জৈনমতে, দান বিহীন অন্যভাৱে পৰদ্ৰব্য গ্ৰহণ নকৰাই অস্তেয়৷ জৈন দৰ্শনত মন, বচন আৰু ক্ৰিয়াৰ দ্বাৰা চুৰিকাৰ্য ত্যাগক অস্তেয় বুলি কোৱা হৈছে৷ আনকি, জৈন দৰ্শনত এই কথাও কোৱা হৈছে যে, তন [শৰীৰ] ঢাকিবলৈ বস্ত্ৰ আৰু ক্ষুধা নিবাৰণৰ বাবে এমুঠি অন্নৰ অতিৰিক্ত গ্ৰহণো চুৰিকাৰ্য৷ এক কথাত, অনাৱশ্যক কোনো ব্যক্তিৰ পৰা কোনো বস্তু গ্ৰহণ কৰা চৌৰ্যবৃত্তিৰ সমান৷
৪৷ ব্ৰহ্মচৰ্য [Celibacy] ঃ পঞ্চমহাব্ৰতৰ চতুৰ্থ ব্ৰত হ’ল ব্ৰহ্মচৰ্য৷ যৌনতা দমন বা কামভাব নিয়ন্ত্ৰণ ব্ৰহ্মচৰ্য ব্ৰত৷ সাধাৰণতে ইন্দ্ৰিয়-সম্ভোগৰ পৰা বিৰত থকা বা জ্ঞানেন্দ্ৰিয়ৰ নিবৃত্তিকে ব্ৰহ্মচৰ্য বোলা হয়৷ কিন্তু জৈন দৰ্শনত ‘ব্ৰহ্মচৰ্য’ শব্দটোক ব্যাপক অৰ্থত প্ৰয়োগ কৰা হৈছে৷ জৈনমতে, সৰ্ব প্ৰকাৰৰ কামনা-বাসনা নীৰসনকে ব্ৰহ্মচৰ্য বুলি কোৱা হৈছে৷ মানসিক অথবা বাহ্য, লৌকিক অথবা পৰলৌকিক, স্বাৰ্থ অথবা পৰাৰ্থ, সূক্ষ্ম অথবা স্থূল, প্ৰত্যক্ষ অথবা পৰোক্ষ সৰ্বপ্ৰকাৰৰ কামনা বাসনাক নিয়ন্ত্ৰণ কৰিলেহে পৰিপূৰ্ণ ব্ৰহ্মচৰ্য ব্ৰত পালন কৰা হ’ব৷ কায়মনোবাক্যে কামনা-বাসনা দমনেই যথাৰ্থ ব্ৰহ্মচৰ্য পালন৷ আকৌ, ব্ৰহ্মচৰ্য মানে কেৱল ইন্দ্ৰিয়-সংযম বা কাম-দমনেই নহয়, কোনো ধৰণৰ ব্যভিচাৰত লিপ্ত নোহোৱাকো বুজায়৷ জৈনমতে, কেৱল যৌন-সম্ভোগৰ পৰা বিৰত থকাই নহয়, এজন ব্ৰহ্মচাৰীয়ে স্ত্ৰীলোকক মা, ভনী বা কন্যা বুলিয়ে গণ্য কৰিব লাগিব; কোনো ক্ষেত্ৰত অশ্লীল কথা উচ্চাৰণ কৰিলে তেওঁৰ ব্ৰহ্মচৰ্য ব্ৰত লংঘন কৰা বুজাব৷
৫৷ অপৰিগ্ৰহ [Non-possesion] ঃ সর্বশেষ ব্রত হল অপৰিগ্ৰহ। সাধাৰণতে সকলো ধৰণৰ ইন্দ্ৰিয় বা বিষয়ৰ আসক্তি বৰ্জনেই হ’ল অপৰিগ্ৰহ৷ ‘অপৰিগ্ৰহ’ শব্দ ‘পৰিগ্ৰহ’ৰ বিপৰীত৷ ‘পৰিগ্ৰহ’ৰ অৰ্থ হ’ল ‘সংগ্ৰহ বা গ্ৰহণ’ আৰু ‘অপৰিগ্ৰহ’ শব্দৰ অৰ্থ হ’ল ‘অসংগ্ৰহ বা অগ্ৰহণ’৷ গতিকে প্ৰয়োজনৰ অতিৰিক্ত সংগ্ৰহ বা সঞ্চয় নকৰাকে অপৰিগ্ৰহ ব্ৰত বোলা হয়৷ কিন্তু জৈনমতে, কেৱলমাত্ৰ অসংগ্ৰহই অপৰিগ্ৰহ নহয়; সেই অসংগ্ৰহ বা অগ্ৰহণ অপৰিগ্ৰহ যি আসক্তিবৰ্জিত৷ জৈন দৰ্শনত অপৰিগ্ৰহক ব্যাপক অৰ্থত প্ৰয়োগ কৰি কোৱা হৈছে যে, সৰ্বপ্ৰকাৰ মোহ বা আসক্তি ত্যাগেই অপৰিগ্ৰহ৷
ওপৰোক্ত পঞ্চব্ৰত কেৱল জৈন ভিক্ষুসকল বা সন্ন্যাসীকলৰ উদ্দেশ্যে নিৰ্দেশিত৷ এজন সন্ন্যাসী অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ– এই পাঁচটা ব্ৰত কঠোৰভাৱে পালন কৰে বাবে তেওঁলোকৰ কাৰণে এইবোৰ মহাব্রত। এনে কঠোৰ ৰূপত পালিত ব্ৰতকেইটাৰ দ্বাৰাহে যথাৰ্থতে মুক্তি লাভ সম্ভৱ৷ এজন সন্ন্যাসীৰ বাবে এই পঞ্চব্ৰত যিমান কঠোৰ আৰু পৰিপূৰ্ণভাৱে পালন কৰা সম্ভৱ, এজন সাধাৰণ লোক বা গৃহীৰ কাৰণে সিমান সহজ আৰু সম্ভৱ নহয়৷ সেয়ে মোক্ষ লাভৰ পথত অগ্ৰসৰ হ’বলৈ জৈন দৰ্শনত এই পঞ্চব্ৰতকে সহজ আৰু শিথিল ৰূপত উপস্থাপন কৰিছে৷ পঞ্চব্ৰতৰ এই সহজ আৰু শিথিল ৰূপ জৈন নীতিতত্ত্বত ‘অনুব্ৰত’ হিচাপে পৰিচিত৷ জৈনমতে, এগৰাকী সংসাৰী মানুহ বা গৃহীয়ে এই পঞ্চঅনুব্ৰত পালনৰ যোগেদি মহাব্ৰত পালনৰ বাবে উপযুক্ত হৈ উঠে৷ পিছত মহাব্ৰতসমূহ যথাযথভাৱে পালন কৰি মোক্ষ লাভ কৰিব পাৰে৷
অন্যান্য লিংক :
জৈন নীতিতত্ত্বৰ চমু প্ৰশ্নোত্তৰ
বৌদ্ধ নীতিশাস্ত্ৰত ব্ৰহ্মবিহাৰ
Comments
Post a Comment