জৈন অনুব্ৰত - Anuvrata or Minutest Vow
অনুব্ৰত কাক বোলে? জৈন পঞ্চঅনুব্ৰতৰ ওপৰত এটি টোকা লিখা।
What is anuvrata or minutes vow? Write a short note on Jaina pancha anuvrata.
অনুব্ৰত [Anuvrata or Minutest Vow]
জৈন দৰ্শনত যিকেইটা পঞ্চমহাব্ৰতৰ উল্লেখ কৰা হৈছে, সেই ব্ৰতকেইটা পালন কৰাটো সম্ভৱ কেৱল কঠোৰ সন্যাসী জীৱন-যাপনৰ ক্ষেত্ৰত৷ কিন্তু সংসাৰী মানুহৰ পক্ষে এইকেইটা মহাব্ৰত পালন কৰা সম্ভৱ নহয়৷ সংসাৰী মানুহৰ কাৰণে জৈনদৰ্শনত মহাব্ৰতসমূহক অলপ সহজ আৰু শিথিল কৰা হৈছে৷ পঞ্চমহাব্ৰতৰ শিথিল ৰূপেই হৈছে পঞ্চঅনুব্ৰত৷ ‘অনু’ হ’ল ‘মহা’ৰ সম্পূৰ্ণ বিপৰীত৷ ‘মহা’ৰ অৰ্থ হ’ল ‘চৰম’ বা ‘কঠোৰ’; আৰু ‘অনু’ৰ অৰ্থ হ’ল ‘সহজ’ বা ‘সৰল’৷ গতিকে অনুব্ৰতকেইটা হ’ল খুব সৰল ব্ৰত৷ এই ব্ৰতকেইটা পালন কৰা অতি সহজ বাবে এইবোৰক ‘পঞ্চ-সহজব্ৰত’ বুলিও কোৱা হয়৷ এই পঞ্চঅনুব্ৰত কেইটাক তলত উল্লেখ কৰা হ’ল–
১। অহিংসা [Non-violence] ঃ জৈনমতে, গতিশীল আৰু গতিহীন আদি সকলো প্ৰকাৰৰ জীৱৰ প্ৰতি হিংসা বা অনিষ্ট সাধনৰ পৰা বিৰত থকাই অহিংসা৷ জৈনসকলে কায়, মন আৰু বাক্যৰে কাৰো ক্ষতি বা অনিষ্ট নকৰাক অহিংসা বুলিছে৷ কিন্তু এনে কঠোৰ অহিংসা ব্ৰত কেৱল জৈন ভিক্ষু বা সন্ন্যাসীসকলৰ পক্ষে সম্ভৱ৷ সেয়ে জৈনসকলে ইয়াক অলপ শিথিল কৰি অনুব্ৰত ৰূপত সংসাৰী বা গৃহীৰ কাৰণে আগবঢ়াইছে৷ জৈন দৰ্শনত গৃহীৰ বা ব্যক্তিৰ জীৱন ধাৰণৰ উদ্দেশ্যে কিছুমান বিশেষ হিংসাত অনুমোদন দিছে৷ জৈনমতে, হিংসা যিবোৰ শ্ৰাৱক বা গৃহীয়ে নিজৰ জীৱন-ধাৰণৰ খাতিৰত পৰিস্থিতিৰ সন্মুখীন হৈ বাধ্যতামূলকভাৱে সংঘটিত কৰে সেইবোৰ নিৰ্দোষ৷ অহিংসা ব্ৰতক জৈন নীতিতত্ত্বত সেইকাৰণে অনুব্ৰতৰ ৰূপ দি কোৱা হৈছে– জ্ঞাতভাৱে কোনো জীৱক হত্যা নকৰিবা, আত্মহত্যা নকৰিবা, গৰ্ভপাত নকৰিবা, হিংসাত্মক সংস্থাৰ লগত যুক্ত নাথাকিবা, কাৰো লগত নিৰ্দয় ব্যৱহাৰ নকৰিবা, অস্পৃশ্যৰূপে কাকো গণ্য নকৰিবা ইত্যাদি৷
২৷ সত্য [Truth] ঃ প্ৰিয়, হিতকৰ আৰু যথাৰ্থ বাক্য প্ৰয়োগেই সত্য বা সুনৃতব্ৰত৷ সত্য ব্ৰত মন, বচন আৰু ক্ৰিয়াৰ দ্বাৰা পালিত হ’ব লাগিব৷ কিন্তু সাধাৰণ মানুহ বা গৃহীৰ পক্ষে এনে সত্য ব্ৰত পালন কৰা সম্ভৱ নহয়৷ সেয়ে জৈনসকলে ইয়াক অলপ শিথিল কৰি অনুব্ৰতৰ ৰূপ দিছে– ব্যৱসায়ত অনুচিত ক্ৰিয়াৰ আশ্ৰয় নল’বা, জ্ঞাতভাৱে ভুল সিদ্ধান্ত নিদিবা, ন্যায়ালয়ত মিথ্যা সাক্ষি নিদিয়া আৰু কাৰো বিৰুদ্ধে মিথ্যা অভিযোগ নকৰা, দ্বেষ বা লাভৰ আশাত কাৰো জীৱনৰ গুপ্ত কথা প্ৰকাশ নকৰা, অপৰৰ গচ্ছিত সম্পদ ঘুৰাই দিয়াত অমান্তি নহ’বা, জালিয়াতিৰ আশ্ৰয় নোলোৱা, দুৰভিসন্ধি যুক্ত মিথ্যা নোকোৱা ইত্যাদি৷
৩৷ অস্তেয় [Non-stealing] ঃ গৃহীৰ বাবে তৃতীয় অনুব্ৰত হ’ল অস্তেয়৷ অস্তেয় অনুব্ৰতৰ অৰ্থ হ’ল স্তেয় বা চৌৰ্যৰ পৰা আংশিক বিৰতি৷ অস্তেয় অনুব্ৰতত গৃহীক যি প্ৰদত্ত নহয় তাৰ পৰা বিৰতি বা সংযমৰ কথা কোৱা হৈছে৷ জৈন নীতিবিদ্যাত অস্তেয়ব্ৰতৰ অনুব্ৰতৰ ৰূপ দি সাধাৰণতে যিবোৰ কৰ্মৰ বিৰত থাকিবলৈ কোৱা হৈছে সেইবোৰ হ’ল– কাৰো বস্তু চোৰ নকৰা, ডকাতি নকৰা, বিনা সন্মতিত আন ব্যক্তিৰ সম্পদ গ্ৰহণ নকৰা, জ্ঞাতভাৱে চোৰাই দ্ৰব্য বেচ-কিনা নকৰা, নিষিদ্ধ বস্তুৰ ব্যৱসায় নকৰা, নিজৰ হিতৰ বাবে কোনো সংস্থাৰ ধন আত্মসাৎ নকৰা, হেৰুৱা কোনো সম্পত্তি অবৈধভাৱে আত্মসাৎ নকৰা, অপৰক চুৰি কৰিবলৈ উৎসাহিত নকৰা, ৰাজদ্ৰোহমূলক বা চৰকাৰ বিৰোধী কাৰ্য যুক্ত নোহোৱা, দ্ৰব্যত ভেজাল নকৰা, ইত্যাদি৷
৪। ব্ৰহ্মচৰ্য [Celibacy] ঃ ব্ৰহ্মচৰ্য মহাব্ৰত অনুসৰি এজন সন্ন্যাসীৰ বাবে যৌন-সম্ভোগ সম্পূৰ্ণৰূপে নিষিদ্ধ৷ আনকি, মানসিকভাৱেও এই কথা চিন্তা কৰাৰ পৰাও বিৰত থাকিব লাগিব৷ কিন্তু ব্ৰহ্মচৰ্য অনুব্ৰতৰ মাধ্যমত এজন গৃহীয়ে গোটেই জীৱন নিজৰ স্ত্ৰীৰ লগত সন্তোষপূৰ্ণ জীৱন অতিবাহিত কৰাৰ সংকল্প গ্ৰহণ কৰে৷ এই অনুব্ৰত মতে, নিজৰ স্ত্ৰী ব্যতীত আন সকলো নাৰীক মা, ভণ্টী বা কন্যাৰূপে গণ্য কৰিব লাগিব৷ সেইকাৰণে অনুব্ৰত হিচাপে ব্ৰহ্মচৰ্যক শিথিল ৰূপত প্ৰকাশ কৰি কোৱা হৈছে– গণিকাবৃত্তি বা আন কোনো ধৰণৰ ব্যভিচাৰ নকৰা, কমপক্ষে ১৮ বছৰ পৰ্যন্ত বিশুদ্ধ ব্ৰহ্মচৰ্যধৰ্ম পালন কৰা, ৪৫ বছৰ হোৱাৰ পিছত বিয়া নকৰা, মাহত অন্ততঃ বিশ দিন স্ত্ৰীসংগৰ পৰা বিৰতা থকা, বিকৃত যৌন-ক্ৰিয়াৰ পৰা বিৰত থকা, অপ্ৰাপ্ত বয়স্ক ব্যক্তিৰ লগত যৌন সম্পৰ্ক স্থাপন নকৰা, অশ্লীল বা কুকথা নোকোৱা ইত্যাদি ব্ৰহ্মচৰ্য ব্ৰত৷ এই ব্ৰত পালন কৰিবলৈ হ’লে যৌন প্ৰবৃত্তিৰ দহটা সহযোগী বিষয়ক সম্পূৰ্ণৰূপে ত্যাগ কৰিব লাগিব৷ এই দহটা সহগামী বিষয় হ’ল– মদ, মাংস, জুয়া, নৃত্য, গীত, দেহসজ্জা, অতিশয় উত্তেজনা, লাম্পট্য, লক্ষ্যহীনভাৱে ঘুৰিফুৰা প্ৰভৃতি৷
৫৷ অপৰিগ্ৰহ [Non-possesion] ঃ জৈনমতে, সকলো প্ৰকাৰৰ আসক্তি বৰ্জনেই অপৰিগ্ৰহ৷ সাধাৰণতে প্ৰয়োজনৰ অতিৰিক্ত সংগ্ৰহ বা সঞ্চয় নকৰাকে অপৰিগ্ৰহ ব্ৰত বোলা হয়৷ আনকি, জৈন ভিক্ষু বা সন্ন্যাসীসকলে দেহৰ বস্ত্ৰ পৰ্যন্ত ত্যাগো অপৰিগ্ৰহ৷ কিন্তু অপৰিগ্ৰহৰ এনে ৰূপ সংসাৰী বা গৃহীৰ কাৰণে সম্ভৱ নহয়৷ সেয়ে জৈন দৰ্শনত অপৰিগ্ৰহ ব্ৰত অলপ শিথিল কৰা হৈছে যাক অপৰিগ্ৰহ অনুব্ৰত বোলা হয়৷ এই উদ্দেশ্যে জৈন আচাৰ্যসকলে কিছুমান পৰিগ্ৰহৰ তালিকা প্ৰস্তুত কৰে আৰু এজন গৃহস্থীক উক্ত পৰিগ্ৰহৰ মাজতে তেওঁৰ আশা-আকাংক্ষাক সীমিত ৰাখিবলৈ নিৰ্দেশ দিয়ে৷ এইবোৰ হ’ল– ক্ষেত্ৰ [ভূমি], বাস্তু [ঘৰ-দুৱাৰ], হিৰণ্য [স্বৰ্ণমুদ্ৰাদি], সুবৰ্ণ [সোন], ধন [গৃহপালিত পশু প্ৰভৃতি], দাসী [পৰিচাৰিকা], দাস [পৰিচাৰক], কুপ্য [ৰত্নাদি], শয্যাসন [বিছনা] আৰু অন্যান্য আৰমদায়ক বস্তুসমূহ৷ এই কেইটা পৰিগ্ৰহ এজনৰ ব্যক্তিজীৱন আৰু তেওঁৰ সামাজিক জীৱনৰ বাবে যথেষ্ট৷ এজন গৃহীৰ দায়িত্ব হৈছে এই বিষয়বোৰৰ মাজতে তেওঁৰ ভোগৰ অধিকাৰ সীমিত ৰখা আৰু মাত্ৰাতিৰিক্ত চাহিদাক নিয়ন্ত্ৰণ কৰা৷ গতিকে প্ৰয়োজনৰ অতিৰিক্ত ধন সঞ্চয় নকৰা, উৎকোচ নোলোৱা আৰু নিদিয়া, ধনৰ আশাত কোনো ৰোগীৰ চিকিৎসাত দেৰি নকৰা, যৌতুক গ্ৰহণ নকৰা, ভোটৰ আশাত বা ভোট দানৰ বাবত অৰ্থৰ বিনিময় নকৰা ইত্যাদি অপৰিগ্ৰহ অনুব্ৰতৰ অন্তৰ্গত৷
এইদৰে জৈন দৰ্শনত পঞ্চমহাব্ৰতক শিথিল কৰি অনুব্ৰতৰ ৰূপ দিয়া হৈছে৷ এই অনুব্ৰত কেইটা সংসাৰী মানুহে পালন কৰাটো অনিবাৰ্য৷ যদিও এইবোৰ অনুব্ৰত পালনৰ যোগেদি গৃহীয়ে মুক্তি পাব নোৱাৰে, তথাপি অনুব্ৰতৰ অনুশীলনৰ মাধ্যমেদি গৃহীয়ে পঞ্চমহাব্ৰত পালন কৰিবলৈ সক্ষম হয়৷ অনুব্ৰতবোৰ পালনৰ ফলত গৃহীৰ মন লাহে লাহে পৰিশুদ্ধ হয়, কামনা-বাসনা তিৰোহিত হয় আৰু ইয়াৰ ফলত তেওঁলোকে মুক্তিৰ পথত অগ্ৰসৰ হ’ব পাৰে৷ পিছত গৃহীয়ে কঠোৰ সন্যাসী জীৱন-যপনৰ মাধ্যমত পঞ্চমহাব্ৰত পালন কৰি অনন্তজ্ঞান, অনন্তদৰ্শন, অনন্তশক্তি আৰু অনন্ত-আনন্দ লাভৰ দূৰ্গম পথত অগ্ৰসৰ হয়৷
অন্যান্য লিংকসমূহ :
দৰ্শন আৰু তৰ্কবিদ্যাৰ ক্লাছসমূহ
Comments
Post a Comment