জৈন নীতিশাস্ত্ৰৰ ত্ৰিৰত্নৰ ধাৰণা - Jaina Concept of Triratna or Three Jewels
ত্ৰিৰত্ন [Triratna or Three Jewels]
জৈন দৰ্শনৰ ত্ৰিৰত্নৰ ধাৰণা ভাৰতীয় নৈতিক দৰ্শনৰ এক মহত্বপূৰ্ণ ধাৰণা হিচাপে বিবেচিত৷ ‘ত্ৰিৰত্ন’ মোক্ষ লাভৰ উপায়স্বৰূপ৷ মোক্ষ লাভৰ উপায় নিৰ্দেশ কৰিবলৈ গৈ উমাস্বাতি ‘তত্ত্বাৰ্থাধিগমসূত্ৰ’ত কৈছে– ‘সম্যকদৰ্শন-জ্ঞান-চাৰিত্ৰাণি মোক্ষমাৰ্গঃ’৷ অৰ্থাৎ সম্যক দৰ্শন [Right Faith], সম্যক জ্ঞান [Right Knowledge] আৰু সম্যক চৰিত্ৰ [Right Conduct]– এই তিনিটাই মোক্ষ লাভৰ উপায়৷ জীৱনৰ পৰম পুৰুষাৰ্থ মোক্ষ লাভৰ উপায় কাৰণে জৈন দৰ্শনত এই তিনিটা উপায়ক ‘ত্ৰিৰত্ন’ [Three Jewels] বোলা হয়৷ জৈন দৰ্শনৰ এই ত্ৰিৰত্ন মিলিতভাৱে মোক্ষ-মাৰ্গ; প্ৰত্যেকে পৃথকে মোক্ষ-মাৰ্গ নহয়৷ জৈন ত্ৰি-ৰত্ন সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ’ল ঃ
১। সম্যক দৰ্শন [Right Faith] ঃ সত্যৰ প্ৰতি শ্ৰদ্ধাই সম্যক দৰ্শন৷ জৈনশাস্ত্ৰত প্ৰতিপাদিত সিদ্ধান্ত আৰু তত্ত্বৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু বিশ্বাসে সম্যক দৰ্শন৷ জৈন দৰ্শনত তীৰ্থঙ্কৰসকলক পথপ্ৰদৰ্শক বুলি কোৱা হয়; সেয়ে তীৰ্থঙ্কৰৰ প্ৰতি শ্ৰদ্ধা আৰু আস্থাও সম্যক দৰ্শন৷ জৈন তীৰ্থঙ্কৰ কথিত তত্ত্বত ৰুচি, প্ৰীতি আৰু শ্ৰদ্ধা হ’ল সম্যক দৰ্শন৷ জৈনসকলে সম্যক দৰ্শন বুলিলে কোনো তত্ত্ব, উপদেশ আদিত বিচাৰ-বিশ্লেণপূৰ্বক শ্ৰদ্ধা কৰাকে বুজাইছে৷ তীৰ্থঙ্কৰসকলৰ উপদেশ শ্ৰৱণ কৰিবৰ সময়ত কাৰো যাতে অশ্ৰদ্ধা নাথাকে, শ্ৰদ্ধা সহকাৰে তাক শ্ৰৱণ কৰা উচিত৷ কুণ্ঠা, অশ্ৰদ্ধা, অভক্তিৰ দ্বাৰা কোনো মত বা পথ গ্ৰহণ কৰা উচিত নহয়৷
২৷ সম্যক জ্ঞান [Right Knowledge]ঃ সকলো প্ৰকাৰৰ সংশয়, ভ্ৰম, অনি(য়তাৰ পৰা মুক্ত হৈ জীৱ-অজীৱৰ [আত্মা-অনাত্মাৰ] যথাৰ্থ স্বৰূপ উপলব্ধিয়ে সম্যক জ্ঞান৷ এক কথাত, তত্ত্বজ্ঞান বা যথাৰ্থ জ্ঞানেই সম্যক জ্ঞান৷ সম্যক জ্ঞানৰ তাৎপৰ্য হ’ল– মিথ্যা দৃষ্টি নিবাৰণ৷ সম্যক জ্ঞানৰ অৰ্থ হ’ল– জীৱ আৰু অজীৱৰ পাৰ্থক্যজ্ঞান৷ জৈন দৰ্শনত শাস্ত্ৰ আৰু আচাৰ্য বা তীৰ্থঙ্কৰসকলৰ উপদেশকো সম্যক জ্ঞান বুলি কোৱা হৈছে; কাৰণ সেই জ্ঞানৰ দ্বাৰা মিথ্যা দৃষ্টিৰ নিবৃত্তি হয় আৰু মোক্ষ প্ৰাপ্তি হয়৷
৩৷ সম্যক চৰিত্ৰ [Right Conduct]ঃ হিতকৰ কৰ্মৰ আচৰণ আৰু অহিতকৰ কৰ্মৰ পৰিত্যাগক সম্যক চৰিত্ৰ বোলা হয়৷ যিবিলাক কৰ্ম আত্মাৰ বন্ধনৰ কাৰণ, সেইবিলাক কৰ্ম পৰিত্যাগ আৰু শ্ৰদ্ধাৱান আৰু জ্ঞানৱান পুৰুষৰ পাপ কৰ্মৰ নিবৃত্তিৰ বাবে যিবিলাক কৰ্মৰ অনুশীলন প্ৰয়োজন তাকেই সম্যক চৰিত্ৰ বোলা হয়৷ এক কথাত, সৰ্বপ্ৰকাৰৰ গৰ্হিত কৰ্ম পৰিত্যাগ আৰু সৎ কৰ্মৰ আচৰণেই সম্যক চৰিত্ৰ৷ মোক্ষ লাভ কাৰণে তীৰ্থঙ্কৰৰ প্ৰতি শ্ৰদ্ধা বা সম্যক জ্ঞানেই পৰ্যাপ্ত নহয়, লগতে নিজৰ আচৰণকো সংযম কৰি তোলা একান্তই প্ৰয়োজন৷ সেয়ে জৈন দৰ্শনত সম্যক চৰিত্ৰৰ কাৰণে কামনা-বাসনা, ইন্দ্ৰিয় আৰু মনক সংযম কৰিবলৈ কোৱা হৈছে আৰু এইবোৰৰ কাৰণে যিবিলাক সদাচৰণৰ প্ৰয়োজন সেইবোৰক আপন কৰিবলৈ কোৱা হৈছে৷ সম্যক চৰিত্ৰই মন, বচন আৰু কৰ্মক নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ জৈন দৰ্শনত সম্যক চৰিত্ৰ পালনৰ বাবে কিছুমান আচৰণসমূহ উল্লেখ কৰা হৈছে–
১৷ পঞ্চসমিতি পালন৷ পঞ্চসমিতি হ’ল– ঈৰ্ষা, ভাষা, এষণা, আদান আৰু উৎসৰ্গ৷
২৷ গুপ্তি পালন৷ গুপ্তি তিনিবিধ– কায়, মন, বাক্৷ অৰ্থাৎ কায়, মনে, বাক্যে কাৰো ক্ষতি নকৰাই গুপ্তি৷
৩৷ দহ প্ৰকাৰৰ ধৰ্ম পালন আৱশ্যকীয়৷ এই দহটা ধৰ্ম হ’ল– সত্য, ক্ষমা, শৌচ, তপ, সংযম, ত্যাগ, বিৰক্তি বা অনাসক্তি, বিনম্ৰতা, সৰলতা আৰু ব্ৰহ্মচৰ্য৷
৪৷ বাৰটা ভাবনা অৰ্থাৎ ‘অনুপ্ৰেক্ষা’ পালন৷ কোনো বিষয়ত নিৰন্তৰ বা পুনঃপুনঃ চিন্তন কৰি থকাই অনুপ্ৰেক্ষা৷
৫৷ ‘পৰীষহজয়’ পালন৷ পৰীষহজয় বুলিলে বাধাসমূহৰ পৰা বিজয় প্ৰাপ্তিক বুজায়৷ শীত, গৰম, ক্ষুধা, তৃষ্ণা আদিৰ পৰা প্ৰাপ্ত দুখ সহ্য কৰাৰ যোগ্যতা আৱশ্যক৷
৬৷ ‘পঞ্চব্ৰত’ [five vows] পালন আৱশ্যক৷ অহিংসা, সত্য, অস্তেয়, ব্ৰহ্মচাৰ্য আৰু অপৰিগ্ৰহ হ’ল পঞ্চব্ৰত৷
জৈনমতে, এই ত্ৰিৰত্নৰ সম্যক অনুশলীনৰ মাধ্যমেদি ব্যক্তিয়ে সকলো ধৰণৰ কৰ্মপ্ৰবৃত্তি বৰ্জন আৰু কামনা-বাসনাদি ইন্দ্ৰিয়-সংযম কৰি মোক্ষ লাভ কৰিব পাৰে৷ মোক্ষৰ অৰ্থ কেৱল দুখৰ বিনাশ নহয়, বৰং আত্মাৰ অনন্ত চতুষ্টয় অনন্ত জ্ঞান, অনন্ত শক্তি, অনন্ত দৰ্শন আৰু অনন্ত আনন্দ প্ৰাপ্তিও৷ যিদৰে মেঘ আঁতৰিলে সূৰ্যই তাৰ পোহৰ বিলাব পাৰে, তেনেদৰে কৰ্মবন্ধনৰ পৰা মুক্ত হৈ আত্মাই তাৰ পূৰ্ণতাক পুনৰ উপলব্ধি কৰিব পাৰে৷
উৎস :
ব্লগাৰৰ নিজ গ্ৰন্থ নীতিবিদ্যাৰ পৰা যুগুতাই লোৱা হৈছে।
আকৌ চাওক :
দৰ্শন আৰু তৰ্কবিদ্যাৰ ক্লাছসমূহ
জৈন নীতিতত্ত্বৰ চমু প্ৰশ্নোত্তৰ
বৌদ্ধ নীতিশাস্ত্ৰত ব্ৰহ্মবিহাৰ ভাবনা
Comments
Post a Comment