বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য


১। বৈজ্ঞানিক আগমন কাক বোলে?

উত্তৰ : যি আগমনত কোনো বস্তু বা ঘটনাৰ বিশেষ বিশেষ দৃষ্টান্ত কেইটামানৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰি সেই শ্ৰেণীৰ সকলো বস্তু বা ঘটনা সম্পর্কে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয় তাক বৈজ্ঞানিক আগমন বোলে৷ যেনে

                   ৰাম হয় মৰণশীল৷

                   হৰি হয় মৰণশীল৷

                   যদু হয় মৰণশীল৷

                 : , সকলো মানুহ হয় মৰণশীল৷


২। বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য বা লক্ষণসমূহ উল্লেখ কৰা৷

উত্তৰ : বৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য--

(i) বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে৷

(ii) বৈজ্ঞানিক আগমনৰ বিশেষ বিশেষ দৃষ্টান্তবোৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ নাইবা পৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয় অৰ্থাৎ বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল৷

(iii) বৈজ্ঞানিক আগমন অনুমিতি স্বভাৱৰ অৰ্থাৎ বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো অনুমানৰ সহায়ত প্ৰতিষ্ঠিত হয়। 

(iv) বৈজ্ঞানিক আগমন আগমনৰ আকাৰগত ভিত্তি প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰশীল৷

(v) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় সু-নিশ্চিত৷ কাৰণ বৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধৰ বিচাৰ কৰা হয়৷


 ৩। অবৈজ্ঞানিক আগমন কাক বোলে?

 উত্তৰ : যি আগমনত কোনো বস্তু বা ঘটনাৰ বহুতো দৃষ্টান্ত পৰ্যবেক্ষণ কৰি আৰু কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ কোনো চেষ্টা নকৰাকৈ কেৱল সেই পৰ্যবেক্ষণৰ দ্বাৰা পোৱা অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাক অবৈজ্ঞানিক আগমন বোলে৷ যেনেকেইটামান কলা বৰণৰ কাউৰী দেখি অনুমান কৰা হয় যেসকলো কাউৰী হয় কলা


৪।  অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য বা লক্ষণসমূহ উল্লেখ কৰা৷

উত্তৰ : অবৈজ্ঞানিক আগমনৰ বৈশিষ্ট্য---

(i) অবৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা  কৰে

(ii) অবৈজ্ঞানিক আগমন পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰশীল৷ অৰ্থাৎ অবৈজ্ঞানিক আগমনৰ দৃষ্টান্তসমূহ বাস্তুব জগতৰ পৰা পৰ্যবেক্ষণৰ সহায়ত সংগ্ৰহ কৰা হয়৷

(iii) অবৈজ্ঞানিক আগমন অনুমিতি স্বভাৱৰ। অৰ্থাৎ অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো অনুমানৰ সহায়ত প্ৰতিষ্ঠা কৰা হয়৷

(iv) অবাধিত অভিজ্ঞতা অৰ্থাৎ অভিজ্ঞতাৰ একৰূপতা আৰু বিৰোধী দৃষ্টান্তৰ অভাৱেই অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি৷

(v) অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় অনিশ্চিত স্বভাৱৰ বা সম্ভবনামূলক৷ কাৰণ অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধৰ বিচাৰ কৰা নহয়৷


৫। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্য সমূহ লিখা৷

 উত্তৰ : বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্য

(i) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়ো প্ৰকাৰ আগমনতে সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়৷

(ii) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়ো প্ৰকাৰৰ আগমনে প্ৰকৃত আগমন। কাৰণ দুয়োটাতে আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ থাকে৷

(iii) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক উভয় প্ৰকাৰৰ আগমনতে বিশেষ বিশেষ দৃষ্টান্তসমূহ পৰ্যবেক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয়৷

(iv) বৈজ্ঞানিক আৰু অবৈজ্ঞানিক দুয়ো প্ৰকাৰৰ আগমনে অনুমিতি স্বভাৱৰ৷ দুয়োটাতে সিদ্ধান্তটো অনুমানৰ সহায়ত প্ৰতিষ্ঠা কৰা হয়৷


৬।  বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ পাৰ্থক্য লিখা৷

 উত্তৰ : বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ পাৰ্থক্য

(i) বৈজ্ঞানিক আগমনৰ বিশেষ বিশেষ দৃষ্টান্তবোৰ নিৰীক্ষণ আৰু পৰীক্ষণ--- পৰ্যবেক্ষণৰ এই উভয় প্ৰকাৰৰ প্ৰক্ৰিয়াৰ দ্বাৰাই সংগ্ৰহ কৰা হয়৷ কিন্তু অবৈজ্ঞানিক আগমনত কেৱল নিৰীক্ষণৰ দ্বাৰাহে সংগ্ৰহ কৰা হয়৷

(ii) বৈজ্ঞানিক আগমন প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰশীল৷ কিন্তু অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰা হয়৷

(iii) বৈজ্ঞানিক আগমনত সদৰ্থক আৰু নঞৰ্থক এই দুয়ো প্ৰকাৰৰ দৃষ্টান্ত পৰ্যবেক্ষণ কৰা হয় কিন্তু অবৈজ্ঞানিক আগমনত কেৱল সদৰ্থক দৃষ্টান্তহে পৰ্যবেক্ষিত হয়৷

(iv) বৈজ্ঞানিক আগমন এটি জটিল প্ৰক্ৰিয়া। কাৰণ বৈজ্ঞানিক আগমনত ঘটনাৰ প্ৰকৃতি বিশ্লেষণ, অপসৰণ, পৰ্যবেক্ষণ, প্ৰকল্প গঠন, প্ৰমাণীকৰণ আদি বহুতো স্তৰ অতিক্ৰম কৰিবলগা হয়৷ কিন্তু অবৈজ্ঞানিক আগমন অতি সৰল৷ কাৰণ ইয়াত কেৱল দৃষ্টান্তসমূহ অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সামান্যীকৰণ কৰা হয়৷

(v) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় সু-নিশ্চিত স্বভাৱৰ, কিন্তু অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত অনিশ্চিত স্বভাবৰ বা সম্ভাবনা মূলক৷


৭। অবৈজ্ঞানিক আগমনৰ মূল্য নিৰূপণ কৰা৷

উত্তৰ: অবৈজ্ঞানিক আগমনত কাৰ্যকৰণ সম্বন্ধৰ ওপৰত নিৰ্ভৰ নকৰি কেৱল মাত্ৰ অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্তটো প্ৰতিষ্ঠা কৰা হয়৷ সেইকাৰণে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় সম্ভাৱনামূলক৷ বেকনে এই দিশটোৰ ওপৰত নিৰ্ভৰ কৰি অবৈজ্ঞানিক আগমনক শিশু সুলভ এক মূল্যহীন অনুমান বুলি অভিহিত কৰিছে৷ কাৰণ এটা মাত্ৰ ব্যতিক্ৰমী দৃষ্টান্তই অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সাবিৰ্কতাক নিষ্ফল কৰি তুলিব পাৰে৷

কিছুমান তৰ্কবিজ্ঞানীয়ে আকৌ কৈছে যে পৃথিৱীৰ সকলো কালৰ সকলো মানুহৰ অভিজ্ঞতাৰ মূল্য কম নহয়৷ গতিকে অবৈজ্ঞানিক আগমনৰ দিদ্ধান্ত যদিও অবাধিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল তথাপি ইয়াৰ সিদ্ধান্ত প্ৰায় নিশ্চয়তাৰে সমান৷

ফাওলাৰৰ মতে অবৈজ্ঞানিক আগমনৰ মূল্য দুটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে৷ 

(i) দৃষ্টান্ত সংখ্যা যিমানেই বেছি হব অবৈজ্ঞানিক আগমনৰ সম্ভাবনা সিমানেই বেছি হব৷

(ii) যদি নঞৰ্থক দৃষ্টান্ত অনুপস্থিত থাকে তেন্তে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সম্ভাৱনা বেছি হব৷

নিৰপেক্ষভাবে বিচাৰ কৰিলে দেখা যায় যে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কাৰ্যকৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত নহলেও অবৈজ্ঞানিক আগমন মূল্যহীন নহয়৷ সকলো আগমন প্ৰথমে অবৈজ্ঞানিক আগমনৰ অৱস্থাত থাকে। তাৰ পিছত প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ সমৰ্থন স্থাপন কৰিব পাৰিলে সেই আগমনেই বৈজ্ঞানিক আগমনলৈ উন্নীত হয়৷ গতিকে দেখা যায় যে অবৈজ্ঞানিক আগমনে বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰি দিয়ে৷

Comments

Post a Comment

Popular posts from this blog

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?