নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য
১। নিৰীক্ষণ বা সৰল পৰ্যবেক্ষণ কাক বোলে?
Ans : কোনো এটা নিৰ্দিষ্ট উদ্দেশ্য অনুসৰি প্ৰাকৃতিক পৰিৱেশত কোনো প্ৰাকৃতিক ঘটনাক সু-নিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰাক নিৰীক্ষণ বোলা হয়৷
২। নিৰীক্ষণৰ বৈশিষ্ট্য বা লক্ষণ সমূহ উল্লেখ কৰা৷
Ans : নিৰীক্ষণৰ বৈশিষ্ট্য বা লক্ষণ সমূহ–
(i) নিৰীক্ষণ এক প্ৰকাৰৰ প্ৰত্যক্ষ৷ অৰ্থাৎ নিৰীক্ষণত অন্বেষণীয় বিষয়বস্তুক পঞ্চ ইন্দ্ৰিয়ৰ মাধ্যমত পৰ্যবেক্ষণ কৰা হয়৷
(ii) নিৰীক্ষণ সদায় উদ্দেশ্য প্ৰণোদিত৷ নিৰীক্ষণৰ অন্তৰালত সদায় এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্য অনুসৰি বিষয়বস্তুক প্ৰত্যক্ষ কৰা হয়৷
(iii) নিৰীক্ষণ অনিবাৰ্যভাৱে নিবাৰ্চনাত্মক৷ নিৰীক্ষণত উদ্দেশ্য অনুসৰি বিষয়বস্তুক নিৰ্বাচন কৰি লোৱা হয়৷
(iv) নিৰীক্ষণৰ ক্ষেত্ৰত প্ৰাকৃতিক ঘটনাক প্ৰত্যক্ষ কৰা হয়৷ নিৰীক্ষণৰ ক্ষেত্ৰত ঘটনাৱলীৰ কাৰণে প্ৰকৃতিৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ প্ৰাকৃতিক নিয়মত যেতিয়া কোনো ঘটনা ঘটে তেতিয়াই আমি তাক নিৰীক্ষণ কৰিব পাৰো৷
(v) নিৰীক্ষণৰ ক্ষেত্ৰত প্ৰাকৃতিক ঘটনাক প্ৰাকৃতিক পৰিৱেশৰ মাজতেই প্ৰত্যক্ষ কৰা হয়৷
৩। পৰীক্ষণকাক বোলে?
Ans : কোনো এটা নিৰ্দিষ্ট উদ্দেশ্য অনুসৰি কৃত্ৰিম পৰিৱেশত কৃত্ৰিমভাৱে কোনো বস্তু বা ঘটনা প্ৰস্তুত কৰি তাক প্ৰত্যক্ষ কৰাক পৰীক্ষণ বোলে৷ অৰ্থাৎ বৈজ্ঞানিক গৱেষণাগাৰত যন্ত্ৰপাতিৰ সহায়ত কৃত্ৰিম উপায়েৰে কোনো বস্তু বা ঘটনাৰ সৃষ্টি কৰি সেই বস্তু বা ঘটনাৰ স্বভাৱ, লক্ষণ আদিক যত্ন আৰু মনোযোগেৰে প্ৰত্যক্ষ কৰাক পৰীক্ষণ বোলে৷
৪। পৰীক্ষণৰ বৈশিষ্ট্য বা লক্ষণ সমূহ উল্লেখ কৰা৷
Ans : পৰীক্ষণৰ বৈশিষ্ট্য্ বা লক্ষণ–
(i) পৰীক্ষণ এক প্ৰকাৰৰ প্ৰত্যক্ষ৷ অৰ্থাৎ পৰীক্ষণত অন্বেষণীয় বিষয়বস্তুক পঞ্চ ইন্দ্ৰিয়ৰ মাধ্যমত পৰ্যবেক্ষণ কৰা হয়৷
(ii) পৰীক্ষণ সদায় উদ্দেশ্যমূল্যক৷ পৰীক্ষণৰ অন্তাৰালত সদায় এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্য অনুসৰি বিষয়বস্তুক প্ৰত্যক্ষ কৰা হয়৷
(iii) পৰীক্ষণ অনিবাৰ্যভাৱে নিবাৰ্চনাত্মক৷ পৰীক্ষণত উদ্দেশ্য অনুসৰি বিষয়বস্তুক নিৰ্বাচন কৰি লোৱা হয়৷
(iv) পৰীক্ষণৰ ক্ষেত্ৰত কৃত্ৰিম উপায়েৰে প্ৰস্তুত কৰা ঘটনাক প্ৰত্যক্ষ কৰা হয়৷ বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত বিষয়বস্তুক কৃত্ৰিমভাৱে প্ৰস্তুত কৰি তাক প্ৰত্যক্ষ কৰাই পৰীক্ষণ৷
(v) পৰীক্ষণৰ ক্ষেত্ৰত কৃত্ৰিম ঘটনাক কৃত্ৰিম পৰিৱেশত প্ৰত্যক্ষ কৰা হয়৷
Comments
Post a Comment