সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?
১। সাদৃশ্যানুমান বা সাদৃশ্যমূলক অনুমান কাক বোলে?
উত্তৰ : দুটা বস্তৰ মাজত থকা কেতবোৰ গুণ বা লক্ষণৰ সাদৃশ্য লক্ষণ কৰি সেই সাদৃশ্যৰ ভিত্তিত এটা বস্তুত থকা আন কোনো গুণ বা লক্ষণ দ্বিতীয় বস্তুটোতো আছে বুলি কৰা অনুমানক সাদৃশ্যানুমান বোলে৷ যেনে– পৃথিবীৰ দৰে মঙ্গল গ্ৰহতো মাটি, পানী, বায়ু, উত্তাপ আদি আছে পৃথিবীত জীৱ আছে, গতিকে মঙ্গল গ্ৰহতা জীব আছে৷
২। সাদৃশ্যানুমানৰ বৈশিষ্ট্য বা লক্ষণ সমূহ উল্লেখ কৰা৷
উত্তৰ : সাদৃশ্যানুমানৰ বৈশিষ্ট্যসমূহ হ’ল–
(i) সাদৃশ্যানুমানৰ এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্তত উপনীত হোৱা যায়৷ সামান্য বচন ইয়াত প্ৰতিষ্ঠা কৰা নহয়৷
(ii) সাদৃশ্যানুমান দুটা বস্তু বা দৃষ্টান্তৰ মাজত কিছুমান গুণ বা বিষয়ৰ সাদৃশ্যৰ ওপৰত প্ৰতিষ্ঠিত অনুমান৷ গতিকে এই সাদৃশ্য অসম্পূৰ্ণ সাদৃশ্য৷
(iii) সাদৃশ্যানুমান কাৰ্যকাৰণ সম্বন্ধৰ বিচাৰ কৰা নহয়৷ গতিকে সাদৃশ্যানুমানৰ সিদ্ধান্ত সদায় অনিশ্চিত স্বভাবৰ বা সম্ভাবনামূলক৷
(iv) সাদৃশ্যানুমান পৰ্যবেক্ষণৰ ওপৰত প্ৰতিষ্ঠিত অনুমান৷ সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা গুণ বা লক্ষণ সমূহ পৰ্যবেক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয়৷
(v) সাদৃশ্যানুমান এক দুৰ্বল আগমন অনুমান। কাৰণ ইয়াত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ নকৰি কেৱলমাত্ৰ এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্ত সম্পৰ্কে অনুমান কৰা হয়।
৩। সাদৃশ্যানুমান কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ : সাদৃশ্যানুমান দুই প্ৰকাৰৰ –
(i) সু - সাদৃশ্যানুমান (ii) কু - সাদৃশ্যানুমান।
৪। সু-সাদৃশ্যানুমান কাক বোলে?
উত্তৰ : যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য, সেই সাদৃশ্যানুমানক সু-সাদৃশ্যানুমান বোলে৷ যেনে– পৃথিৱীৰ দৰে মঙ্গল গ্ৰহতো মাটি, পানী, বায়ু আৰু উত্তাপ আদি আছে৷ পৃথিৱীত জীৱ আছে, গতিকে মঙ্গল গ্ৰহতো জীৱ আছে৷
৫। কু-সাদৃশ্যানুমান কাক বোলে?
উত্তৰ : যি সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য নহয়, গৌণ বা আকস্মিক গুণৰহে সাদৃশ্য হয়, সেই সাদৃশ্যানুমানক কু-সাদৃশ্যানুমান বোলে৷ যেনে– মানুহৰ দৰে উদ্ভিদৰো জন্ম বৃদ্ধি আৰু মৃত্যু আছে৷ মানুহৰ বুদ্ধি আছে, গতিকে উদ্ভিদৰো বুদ্ধি আছে৷
৬। সু-সাদৃশ্যানুমান আৰু কু-সাদৃশ্যানুমানৰ মাজত পাৰ্থক্য বা বৈসাদৃশ্যসমূহ কি উল্লেখ কৰা৷
উত্তৰ : সু-সাদৃশ্যানুমান আৰু কু-সাদৃশ্যানুমানৰ পাৰ্থক্য–
(i) সু-সাদৃশ্যানুমানত দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ মৌলিক আৰু গুৰুত্বপূৰ্ণ গুণৰ সাদৃশ্য। আনহাতে, কু-সাদৃশ্যানুমান দুটা বস্তুৰ মাজত থকা সাদৃশ্যবোৰ গৌণ আৰু আকস্মিক গুণৰ সাদৃশ্য৷
(ii) সু-সাদৃশ্যানুমানত জ্ঞাত গুণৰ পৰিমাণ অধিক আৰু অজ্ঞাত গুণৰ তুলনাতো সেইবোৰৰ সংখ্যা অধিক৷ কিন্তু কু-সাদৃশ্যানুমানত বৈসাদৃশ্য থকা গুণৰ সংখ্যা অধিক৷
(iii) সু-সাদৃশ্যানুমানত অজ্ঞাত গুণৰ পৰিমাণ কম থাকে। কিন্তু কু-সাদৃশ্যানুমানত তেনে নহবও পাৰে৷
(iv) সু-সাদৃশ্যানুমানৰ সিদ্ধান্তৰ সম্ভাবনাৰ পৰিমাণ অধিক৷ কিন্তু কু-সাদৃশ্যানুমানত সিদ্ধান্তৰ সম্ভাবনাৰ পৰিমাণ কম থাকে৷
৭। সাদৃশ্যানুমানৰ মূল্য নিৰূপণ কৰা৷
উত্তৰ : সাদৃশ্যানুমানৰ সিদ্ধান্ত সম্ভাবনামূলক আৰু এই সম্ভাবনাৰ পৰিমাণৰ ওপৰত ভিত্তি কৰিয়েই সাদৃশ্যানুমানৰ মূল্য নিৰ্ধাৰণ কৰা হয়৷ মিলৰ মতে সাদৃশ্যানুমানৰ সম্ভাবনাৰ পৰিমাণ তিনিটা বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে-- জ্ঞাত সাদৃশ্যৰ পৰিমাণ, জ্ঞাত বৈসাদৃশ্যৰ পৰিমাণ আৰু অজ্ঞাত গুণাৱলীৰ পৰিমাণ৷ মিলে সাদৃশ্যানুমানৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত সাদৃশ্য থকা গুণৰ সংখ্যা গণনাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে৷ আনহাতে, কিছুমান তৰ্কবিজ্ঞানীয়ে, যেনে- ৱেল্টন, বোছাংকে, ছিজউইক আদিয়ে সাদৃশ্য থকা গুণৰ সংখ্যাৰ উপৰিও গুণবোৰৰ গুৰুত্বৰ ওপৰতো সাদৃশ্যানুমানৰ মূল্য নিৰ্ভৰ কৰে বুলি কয়৷
গতিকে সাদৃশ্যানুমানৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ হলে তলত দিয়া তিনিটা বিষয় গ্ৰহণ কৰিব লাগিব–
(i) সাদৃশ্য থকা গুণবিলাকৰ পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হ’ব সাদৃশ্যানুমানৰ সম্ভাবনাও সিমানেই বেছি হ'ব৷
(ii) বৈসাদৃশ্য থকা গুণবিলাকৰ পৰিমাণ আৰু গুৰুত্ব যিমানেই বেছি হব সাদৃশ্যানুমানৰ সম্ভাবনাও সিমানেই কম হ’ব৷
(iii) জ্ঞাত গুণসমূহৰ তুলনাত অজ্ঞাত গুণসমূহৰ পৰিমাণ যিমানেই বেছি হব সাদৃশ্যানুমানৰ সম্ভাবনাও সিমানেই কম হব৷
৮। সকলো প্ৰকাৰৰ অনুমান মূলত: সাদৃশ্যানুমান ভিত্তিক হয় নে?
উত্তৰ : সাদৃশ্যজ্ঞানেই সাদৃশ্যানুমানৰ মূল ভিত্তি৷ কিন্তু সাদৃশ্যজ্ঞান কেবল সাদৃশ্যানুমানৰেই মূল ভিত্তি নহয়৷ প্ৰকৃততে ই আগমন আৰু নিগমন সকলো প্ৰকাৰৰ অনুমানৰেই মূল ভিত্তি৷ আগমনত ৰাম, শ্যাম, যদু আদি বিশেষ বিশেষ কেইজনমান মানুহৰ মৃত্যুৰ সাদৃশ্য লক্ষ্য কৰি ‘সকলো মানুহ মৰণশীল’ বুলি এটা সামান্য বচন প্ৰতিষ্ঠ কৰা হয়৷ নিগমন অনুমানত সাবিৰ্ক সম্বন্ধৰ জ্ঞানৰ লগত বিশেষ সম্বন্ধৰ জ্ঞানৰ সাদৃশ্য লক্ষ কৰি সিদ্ধান্তটো প্ৰতিষ্ঠা কৰা হয়৷ গতিকে দেখা যায় যে সকলো অনুমানতেই সাদৃশ্যজ্ঞান বিদ্যমান৷ সেইকাৰণে তৰ্কবিজ্ঞানী মিলে কৈছে, সকলো অনুমানেই মূলতঃ সাদৃশ্যানুমান ভিত্তিক৷
কিন্তু মিলৰ এই মন্তব্য সত্য নহয়৷ আগমন আৰু নিগমন অনুমানত সাদৃশ্যজ্ঞান থাকিলেও ই সাদৃশ্যানুমানৰ দৰে নহয়–
(i) নিগমনত সামান্য বচনৰ পৰা বিশেষ বচন অনুমান কৰা হয়।আনহাতে, আগমনত বিশেষ বিশেষ বচনৰ পৰা সামান্য বচন প্ৰতিষ্ঠা কৰা নহয়৷ সাদৃশ্যানুমানৰ দৰে এটা বিশেষ বচনৰ পৰা আন এটা বিশেষ বচনলৈ যোৱা নহয়৷
(ii) নিগমন আৰু আগমনত সাৰ্বিক নিয়মৰ কথা আছে৷ নিগমনৰ সাৰ্বিক নিয়ম আশ্ৰয় বাক্যৰ সামান্য বচনত নিহিত থাকে আৰু আগমনৰ সাৰ্বিক নিয়ম কাৰ্যকাৰণ সম্বন্ধই যোগান ধৰে৷ কিন্তু সাদৃশ্যানুমানত সাবিৰ্ক নিয়মৰ কোনো কথা নাই৷
(iii) নিগমন আৰু আগমনৰ সাদৃশ্যজ্ঞান থাকিলেও ই সম্পূৰ্ণ সাদৃশ্যজ্ঞান৷ কিন্তু সাদৃশ্যানুমানৰ সাদৃশ্য জ্ঞান অসম্পূৰ্ণ৷
গতিকে সাদৃশ্যজ্ঞান সকলো অনুমানৰ ভিত্তি হলেও সকলো অনুমানেই সাদৃশ্যানুমানভিত্তিক নহয়৷
Val lagise pori
ReplyDelete