উপকাৰণ কাক বোলে? উপকাৰণ কেই প্ৰকাৰৰ? সদৰ্থক বা অনুকূল উপকাৰণ আৰু নঞৰ্থক বা প্ৰতিকূল উপকাৰণ, কাৰণ আৰু উপকাৰণৰ পাৰ্থক্য আৰু সম্বন্ধ
১। উপকাৰণ কাক বোলে ? উত্তৰ : কাৰণৰ অপৰিহাৰ্য অংশক উপকাৰণ বোলে৷ অৰ্থাৎ কাৰণৰ অন্তৰ্ভূক্ত বিভিন্ন ঘটনাবোৰৰ প্ৰত্যেক টোৱে একো একোটা উপকাৰণ৷ উদাহৰণ স্বৰূপে, গছৰ পৰা পৰি মানুহ এজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত গছৰ উচ্চত , মাটিৰ কঠিনতা , আঘাতৰ গুৰুত্ব , আশ্ৰয়ৰ অভাৱ , দৈহিক অক্ষমতা আদি একো একোটা উপকাৰণ৷ ২। উপকাৰণ কেই প্ৰকাৰৰ আৰু কি কি ? উত্তৰ : উপকাৰণ দুই প্ৰকাৰৰ – (i) সদৰ্থক বা অনুকূল উপকাৰণ; আৰু (ii) নঞৰ্থক বা প্ৰতিকূল উপকাৰণ৷ ৩। সদৰ্থক বা অনুকুল উপকাৰণ কাক বোলে ? উত্তৰ : যি ঘটনাৰ উপস্থিতি কাৰ্য উৎপাদনৰ কাৰণে আৱশ্যক তাক অনকূল বা সদৰ্থক উপকাৰণ বালে৷ অৰ্থাৎ যি উপকাৰণ উপস্থিত থাকিলে কাৰ্যটো ঘটে সেয়ে অনুকূল উপকাৰণ৷ যেনে – গছৰ পৰা পৰি মানুহ এজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত গছৰ উচ্চতা, মাটিৰ কঠিনতা , আঘাতৰ গুৰুত্ব আদি হল অনুকুল উপকাৰণ৷ ৪। নঞৰ্থক বা প্ৰতিকূল উপ...