কাৰণ কাক বোলে? কাৰণৰ সংজ্ঞা, গুণগত আৰু পৰিমাণগত লক্ষণ
কাৰণ কাক বোলে? কাৰণৰ সংজ্ঞা, গুণগত আৰু পৰিমাণগত লক্ষণ
অথবা
কাৰণৰ এটা সন্তোষজনক সংজ্ঞা দিয়া৷
উত্তৰ : কাৰণৰ সন্তোষজনক সংজ্ঞাটো আগবঢ়াইছে তৰ্কবিজ্ঞানী কাৰভেথ ৰীড৷ কাৰভেথ ৰীডৰ মতে, “গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ অন্যনিৰপেক্ষ অৰ্থাৎ চৰ্তহীন, নিয়ত, অব্যৱহিত, পূবৰ্বতী ঘটনা আৰু পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সম পৰিমাণৰ বা সমান৷”
২। হিউমৰ কাৰণৰ সংজ্ঞাটো কি?
উত্তৰ : হিউমৰ মতে, 'কাৰণ হৈছে কাৰ্যৰ নিয়ত পূৰ্ব্ববৰ্তী ঘটনা।ʼ
৩। মিলৰ মতে কাৰণৰ সংজ্ঞাটো কি?
উত্তৰ : মিলৰ মতে, “যদি কোনো ঘটনা বা ঘটনাৱলীৰ সংমিশ্ৰণৰ পাছত আন এটা ঘটনা নিয়ত আৰু অন্য নিৰপেক্ষ অৰ্থাৎ চৰ্তহীনভাৱে ঘটে, তেনেহলে অগ্ৰৱৰ্তী ঘটনাক কাৰণ আৰু অনুৱৰ্তী ঘটনাক কাৰ্য বালে৷”
৪। বেইনৰ মতে কাৰণৰ সংজ্ঞাটো কি?
উত্তৰ : বেইনৰ মতে, “কোনো কাৰ্য সংঘটিত হোৱাৰ বাবে যিবোৰ চৰ্ত বা সংস্থিতিৰ অনিবাৰ্য প্ৰয়োজন সেইবোৰৰ সমগ্ৰতাক কাৰণ বোলে৷”
৫। কাৰভেথ ৰীডৰ মতে কাৰণৰ সংজ্ঞাটো কি?
উত্তৰ : কাৰভেথ ৰীডৰ মতে, “ গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ অন্যনিৰপেক্ষ অৰ্থাৎ চৰ্তহীন, নিয়ত, অব্যৱহিত, পূৰ্বৱৰ্তী ঘটনা আৰু পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সম পৰিমাণৰ বা সমান৷"
৬। কাৰণৰ গুণগত লক্ষণ সমূহ কি কি?
উত্তৰ : কাৰণৰ গুণগত লক্ষণ সমূহ হল :
(i) কাৰণ কাৰ্য পৰস্পৰ সাপেক্ষ অৰ্থাৎ পৰস্পৰ নিৰ্ভৰশীল৷ কাৰণ নাথাকিলে কাৰ্যৰ কোনো অৰ্থ নাথাকে আৰু কাৰ্য নাথাকিলে কাৰণৰো কোনো অৰ্থ নহয়৷
(ii) কাৰণ আৰু কাৰ্য দুয়োটাই কোনো বিশেষ সময়ত সংঘটিত হোৱা ঘটনা৷ কাৰণ আৰু কাৰ্য বিশেষ সময়ত ঘটে বাবে আমি প্ৰকৃতিৰ ৰাজ্যত অহৰহ পৰিবৰ্তন লক্ষ কৰিব পাৰো৷
(iii) কাৰণ কাৰ্যৰ পুৰ্বৱৰ্তী ঘটনা৷ কাৰণ হৈছে কাৰ্যৰ আগত ঘটা ঘটনা আৰু কাৰ্য হৈছে কাৰণৰ পিছত ঘটা ঘটনা৷
(iv) কাৰণ কাৰ্যৰ নিয়ত পুৰ্বৱৰ্তী ঘটনা৷ কিন্তু যিকোনো পুৰ্বৱৰ্তী ঘটনা কাৰণ নহয়। কাৰণ হ'বলৈ হলে ই নিয়তভাৱে অৰ্থাৎ সদায় অপৰিৱৰ্তিতভাৱে আগত ঘটা ঘটনা হ'ব লাগিব৷
(v) কাৰণ কাৰ্যৰ অব্যৱহিত পুৰ্বৱৰ্তী ঘটনা৷ অব্যৱহিত অগ্ৰৱৰ্তী ঘটনা অৰ্থাৎ নিকটৱৰ্তী পূৰ্বৱৰ্তী ঘটনা হে কাৰণ হব পাৰে৷
৭। কাৰণৰ পৰিমাণগত লক্ষণ সমূহ কি কি?
উত্তৰ : পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য পৰস্পৰ সমান৷ কাৰণৰ গুণগত স্বভাৱৰ পৰা আৰু বিজ্ঞানৰ দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা নিয়মৰ পৰা কাৰণৰ এই পৰিমাণগত লক্ষণটো পোৱা যায়৷
(i) গুণগত লক্ষণ অনুসৰি কাৰণ কাৰ্যৰ পৰ্যাপ্ত হেতু আৰু কাৰ্য কাৰণৰ অৱশ্যম্ভাৱী পৰিণাম৷ যদি এইটো হয় তেনেহলে কাৰ্য কাৰণৰ ৰূপান্তৰ মাত্ৰ বা পৰিণাম মাত্ৰ৷ গতিকে পৰিমাণৰ ফালৰ পৰা কাৰণ আৰু কাৰ্য সমান হ'বই লাগিব, নহ'লে সেই কাৰণ প্ৰকৃত কাৰণ হ'ব নোৱাৰে৷
(ii) দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতা নিয়ম অনুসৰি এই জগতত যিমান দ্ৰব্য আৰু শক্তি আছে তাৰ কোনো বিনাশ নাই অৰ্থাৎ ইয়াৰ কোনো হ্ৰাস বা বৃদ্ধি নহয়৷ গতিকে দ্ৰব্য আৰু শক্তিৰ এই অবিনশ্বৰতা নিয়ম অনুসৰি কাৰণ আৰু কাৰ্যৰ এই নিয়মৰ অধীনত আনিলে কাৰণ আৰু কাৰ্যৰো কোনো হ্ৰাস বৃদ্ধি নহয়, গতিকে পৰিমাণৰ দিশৰ পৰা কাৰণ আৰু কাৰ্য সম পৰিমাণৰ৷
(ii) তদুপৰি, কাৰণ যদি অন্য নিৰপেক্ষ হৈ নিয়ত কাৰ্যক উৎপন্ন কৰিব পাৰে আৰু কাৰ্যটো যদি চৰ্তহীন হয় আৰু নিয়ত এটা বিশেষ কাৰণৰ পৰা উৎপন্ন হয়, তেন্তে যুক্তিৰ বৈধতা ৰক্ষা কৰি ক'ব পাৰি কাৰণ আৰু কাৰ্য সমপৰিমানৰ।
আৰু পঢ়ক
ডাউনলোড
Comments
Post a Comment