উপকাৰণ কাক বোলে? উপকাৰণ কেই প্ৰকাৰৰ? সদৰ্থক বা অনুকূল উপকাৰণ আৰু নঞৰ্থক বা প্ৰতিকূল উপকাৰণ, কাৰণ আৰু উপকাৰণৰ পাৰ্থক্য আৰু সম্বন্ধ
১। উপকাৰণ কাক বোলে?
উত্তৰ : কাৰণৰ অপৰিহাৰ্য অংশক উপকাৰণ বোলে৷ অৰ্থাৎ কাৰণৰ অন্তৰ্ভূক্ত বিভিন্ন ঘটনাবোৰৰ প্ৰত্যেকটোৱে একো একোটা উপকাৰণ৷ উদাহৰণস্বৰূপে, গছৰ পৰা পৰি মানুহ এজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত গছৰ উচ্চত, মাটিৰ কঠিনতা, আঘাতৰ গুৰুত্ব, আশ্ৰয়ৰ অভাৱ, দৈহিক অক্ষমতা আদি একো একোটা উপকাৰণ৷
২। উপকাৰণ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰ : উপকাৰণ দুই প্ৰকাৰৰ–
(i) সদৰ্থক বা অনুকূল উপকাৰণ; আৰু
(ii) নঞৰ্থক বা প্ৰতিকূল উপকাৰণ৷
৩। সদৰ্থক বা অনুকুল উপকাৰণ কাক বোলে?
উত্তৰ : যি ঘটনাৰ উপস্থিতি কাৰ্য উৎপাদনৰ কাৰণে আৱশ্যক তাক অনকূল বা সদৰ্থক উপকাৰণ বালে৷ অৰ্থাৎ যি উপকাৰণ উপস্থিত থাকিলে কাৰ্যটো ঘটে সেয়ে অনুকূল উপকাৰণ৷ যেনে– গছৰ পৰা পৰি মানুহ এজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত গছৰ উচ্চতা, মাটিৰ কঠিনতা, আঘাতৰ গুৰুত্ব আদি হল অনুকুল উপকাৰণ৷
৪। নঞৰ্থক বা প্ৰতিকূল উপকাৰণ কাক বোলে?
উত্তৰ : যি উপকাৰণ অনুপস্থিত থাকিলেহে কাৰ্যটো ঘটে অৰ্থাৎ যি ঘটনাৰ অনুপস্থিতি কাৰ্য উৎপাদনৰ কাৰণে আবশ্যক, তাক নঞৰ্থক বা প্ৰতিকূল উপকাৰণ বোলে৷ যেনে– গছৰ পৰা পৰি মানুহ এজনৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত আশ্ৰয়ৰ অভাৱ, দৈহিক অক্ষমতা আদি হ'ল নঞৰ্থক উপকাৰণ৷
৫। কাৰণ আৰু উপকাৰণৰ পাৰ্থক্য নিৰ্ণয় কৰা৷
উত্তৰ : কাৰণ আৰু উপকাৰণৰ পাৰ্থক্য–
(i) উপকাৰণ কাৰণৰ অন্তৰ্ভূক্ত একো একোটা অপৰিহাৰ্য অংশ৷ আনহাতে, কাৰণ হ’ল বিভিন্ন উপকাৰণ অৰ্থাৎ অনুকূল আৰু প্ৰতিকূুল উপকাৰণৰ সমষ্টি৷
(ii) কাৰণ উপস্থিত থাকিলে কাৰ্য উপস্থিত থাকিবই৷ কিন্তু উপকাৰণ এটা উপস্থিত থাকিলেও কাৰ্য উপস্থিত নাথাকে৷
(iii) কাৰ্য উৎপাদনৰ বাবে কাৰণ হৈছে অপৰিহাৰ্য আৰু পৰ্যাপ্ত চৰ্ত৷ কিন্তু উপকাৰণ কাৰ্য উৎপাদনৰ বাবে অপৰিহাৰ্য আৰু পৰ্যাপ্ত চৰ্ত নহয়। উপকাৰণ কাৰ্য উৎপাদনৰ বাবে অপৰিহাৰ্য হয় সঁচা, কিন্তু পৰ্যাপ্ত নহয়৷
(iv) কাৰণ হৈছে ‘সমগ্ৰ’ আৰু উপকাৰণ হৈছে ‘অংশ’৷ সমগ্ৰ আৰু অংশৰ মাজত যি পাৰ্থক্য বৰ্তমান, কাৰণ আৰু উপকাৰণৰ মাজত তেনে পাৰ্থক্যই বৰ্তমান৷
৬। কাৰণ আৰু উপকাৰণৰ সম্বন্ধ বা সম্পৰ্ক ব্যাখ্যা কৰা৷
উত্তৰ : কাৰণ আৰু উপকাৰণৰ সম্পৰ্ক–
গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ অন্যৰিপেক্ষ অৰ্থাৎ চৰ্তহীন, নিয়ত, অব্যৱহিত, পূৰ্বৱৰ্তী ঘটনা আৰু পৰিমানগত দিশৰ পৰা কাৰণ আৰু কাৰ্য সমপৰিমানৰ বা সমান৷ আনহাতে, উপকাৰণ হৈছে কাৰণৰ অন্তৰ্ভূক্ত অপৰিহাৰ্য অংশ৷ অৰ্থাৎ কাৰণৰ অন্তৰ্ভূক্ত বিভিন্ন ঘটনাবোৰৰ প্ৰত্যেকটোৱে একো একোটা উপকাৰণ৷
কাৰণ আৰু উপকাৰণৰ সম্বন্ধ সম্পৰ্কত লৌকিক আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা আলোচনা কৰিব পাৰি৷ লৌকিক দৃষ্টিকোণৰ পৰা বিভিন্ন উপকাৰণৰ ভিতৰত যিটো উপকাৰণৰ প্ৰভাৱ আমাৰ চকুত প্ৰধানকৈ ধৰা পৰে নাইবা যিটো উপকাৰণ কাৰ্যৰ অব্যৱহিত পূৰ্বৱৰ্তী সিয়ে কাৰণ৷ লৌকিক দৃষ্টিত যিকোনো এটা উপকাৰণেই কাৰণ৷ যেনে– দিয়াচলাইৰ কাঠি এডালেৰে জুই জ্বলোৱাত দিয়াচলাইৰ কাঠি ডালে কাৰণ৷
কিন্তু কাৰণ আৰু উপকাৰণৰ সম্বন্ধ সম্পৰ্কীয় এই ব্যাখ্যা বৈজ্ঞানিক দৃষ্টিভংগীৰ পৰা গ্ৰহণযোগ্য নহয়৷ মিলৰ মতে, “কাৰণ হৈছে অনুকূল আৰু প্ৰতিকূল উপকাৰণ সূহৰ সমষ্টি৷” কাৰণ আৰু উপকাৰণৰ প্ৰকৃত সম্বন্ধ হৈছে ‘সমগ্ৰ’ আৰু ইয়াৰ বিভিন্ন অংশৰ মাজৰ সম্বন্ধ৷ অংশই কেতিয়াও সমগ্ৰৰ সমান হব নোৱাৰে, সমগ্ৰই অংশক অন্তৰ্ভূক্ত কৰে৷ সেইকাৰণে কাৰণৰ অপৰিহাৰ্য অংশ হিচাপে উপকাৰণক উপলদ্ধি কৰিব পাৰি৷
আৰু পঢ়ক
কাৰণ কাক বোলে? কাৰণৰ গুণগত আৰু পৰিমাণগত লক্ষণ
ডাউনলোড
Comments
Post a Comment