আগমনৰ ভিত্তি, বস্তুগত আৰু আকাৰগত, ইয়াৰ পাৰ্থক্য, আগমনৰ বিৰোধাভাস, কাৰ্যকাৰণ বিধি আৰু বস্তুগত ভিত্তি

১৷ আগমনৰ ভিত্তি বুলিলে কি বুজা?

উত্তৰ যি যি প্ৰক্ৰিয়া আৰু বিধি বিশেষক আশ্ৰয় কৰি আগমনে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে অৰ্থাৎ সামান্য সম্বন্ধ প্ৰতিষ্ঠা কৰে, সেই প্ৰক্ৰিয়া আৰু বিধিবোৰকে আগমনৰ ভিত্তি বোলো হয়৷ আগমনৰ ভিত্তি দুই প্ৰকাৰৰআকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি৷

২৷ আগমনৰ বস্তুগত ভিত্তি বুলিলে কি বুজা?

উত্তৰ যি যি প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰি আগমনৰ উপাত্ত হিচাপে বস্তু বা সমল সংগ্ৰহ কৰা হয় আৰু আগমনৰ সিদ্ধান্তৰ বস্তুগত সত্যতা নিৰূপণ কৰা হয়, সেই প্ৰক্ৰিয়াবোৰক আগমনৰ বস্তুগত ভিত্তি বোলে৷ পৰ্যবেক্ষণ অৰ্থাৎ নিৰীক্ষণ আৰু পৰীক্ষণ আগমনৰ বস্তুগত ভিত্তি৷

৩৷ আগমনৰ আকাৰগত ভিত্তি বুলিলে কি বুজা?

উত্তৰঃ যি যি বিধি বা নিয়মৰ ওপৰত নিৰ্ভৰ কৰি আগমন অনুমানে বিশেষ বিশেষ দৃষ্টান্তৰ সহায়ত এটা সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হয় আৰু ইয়াৰ আকাৰগত সত্যতা প্ৰতিপাদন কৰে, সেই বিধি বা নিয়মবোৰক আগমনৰ আকাৰগত ভিত্তি বোলা হয়। প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি আগমনৰ আকাৰগত ভিত্তি।

৪৷ আগমনৰ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তিৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা৷

উত্তৰ আগমনৰ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তিৰ মাজত পাৰ্থক্য

(i) আগমনৰ আকাৰগত ভিত্তিৰ দ্বাৰা আগমনে বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যত উপনীত হয়৷ আনহাতে, আগমনৰ বস্তুগত ভিত্তিৰ দ্বাৰা আগমনে উপাত্ত হিচাপে বিশেষ বিশেষ দৃষ্টান্তসমূহ সংগ্ৰহ কৰে৷

(ii) আকাৰগত ভিত্তিয়ে আগমন অনুমানৰ আকাৰগত সত্যতা নিৰূপণ কৰে৷ আনহাতে, বস্তুগত ভিত্তিৰ দ্বাৰা আগমন অনুমানৰ বস্তুগত সত্যতা নিৰূপণ কৰা হয়৷

(iii) আগমনৰ আকাৰগত ভিত্তি অভিজ্ঞতাপূূৰ্ব স্বতঃসিদ্ধ মৌলিক নীতি৷ কিন্তু আগমনৰ বস্তুগত ভিত্তি অভিজ্ঞতালদ্ধ৷

(iv) আগমনৰ আকাৰগত ভিত্তিয়ে আগমন অনুমানৰ সিদ্ধান্তৰ নিশ্চয়তা প্ৰদান কৰে৷ কিন্তু বস্তুগত ভিত্তিয়ে সিদ্ধান্তৰ নিশ্চয়তা প্ৰদান নকৰে।

৫৷ আগমনৰ আকাৰগত ভিত্তি কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ আগমনৰ আকৰগত ভিত্তি দুই প্ৰকাৰৰ

(i) প্ৰকৃতিৰ একৰূপতা বিধি৷

(ii) কাৰ্যকাৰণ বিধি৷

৬। প্ৰকৃতিৰ একৰূপতা বিধি বুলিলে কি বুজা?

উত্তৰ প্ৰকৃতিৰ একৰূপতা বিধি আগমনৰ এক আকাৰগত ভিত্তি৷ প্ৰকৃতিৰ একৰূপতা বিধিৰ মূল অর্থ হৈছে একে অৱস্থাত প্ৰকৃতিয়ে সদায় একেদৰে আচৰণ কৰে৷ যি অৱস্থাত যি ঘটিছিল সেই একে অৱস্থাত যদি পুনৰাবৃতি ঘটে তেনেহলে সেই ঘটনা আকৌ তেনেদৰে ঘটিব৷ প্ৰকৃতিৰ একৰূপতা বিধি আগমনৰ এক অবশ্য স্বীকাৰ্য স্বতঃসিদ্ধ অভিজ্ঞতাপূৰ্ব মৌলিক নীতি৷

৭৷ প্ৰকৃতিৰ একৰূপতা বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বোলা হয়?

উত্তৰ প্ৰকৃতিৰ একৰূপতা বিধি আগমনৰ আকাৰগত ভিত্তি৷ কাৰণ এই বিধিৰ ওপৰত ভিত্তি কৰিয়েই আগমনৰ আকাৰগত সত্যতা নিৰূপণ কৰা হয়৷ আগমনৰ উদ্দেশ্য হৈছে সিদ্ধান্ত স্বৰূপে এটা যাথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা৷ এই বচনটোৱে হৈছে আগমনৰ আকাৰ৷ এই যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰাৰ বাবে আগমনে প্ৰথমতে পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰে৷ কিন্তু পৰ্যবেক্ষণৰ সহায়ত সামান্য বচন প্ৰতিষ্ঠা  কৰিব নোৱাৰি৷ আগমনত পৰ্যবেক্ষণলদ্ধ বিশেষ বিশেষ দৃষ্টান্তত পোৱা গুণ স্বভাবৰ ওপৰত ভিত্তি কৰি প্ৰকৃতিৰ একৰূপতা বিধিৰ সহায়ত সেই গুণ স্বভাবক সেই জাতীয় জ্ঞাত-অজ্ঞাত সকলো দৃষ্টান্তলৈ প্ৰসাৰিত কৰি এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়৷ এই বিধিৰ ওপৰত ভিত্তি নকৰিলে জ্ঞাত বিষয়ৰ পৰা  অজ্ঞাত বিষয়লৈ, বিশেষৰ পৰা সামান্যলৈ, কিছুমানৰ পৰা সকলোলৈ গতি কৰিব নোৱাৰি৷ প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰিয়েই আগমনে বিশেষ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হৈ সিদ্ধান্ত স্বৰূপে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে৷ সেই কাৰণে প্ৰকৃতিৰ একৰূপতা বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয়৷

৮৷ আগমনৰ বিৰোধাভাস বুলিলে কি বুজা?

উত্তৰ তৰ্কবিজ্ঞানী মিলৰ প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে আগবঢ়োৱা পৰস্পৰ বিৰোধী মতবাদেই আগমনৰ বিৰোধাভাস৷ মিলে এবাৰ কলে প্ৰকৃতিৰ একৰূপতা বিধি সকলো আগমনৰ মূল ভিত্তি৷ এই বিধি আগমনৰ এক অবশ্য স্বীকাৰ্য, স্বতঃসিদ্ধ, অভিজ্ঞতাপূূৰ্ব মৌলিক নীতি৷ মিলে আন এবাৰ কলে যে প্ৰকৃতিৰ একৰূপতা বিধি অবৈজ্ঞানিক আগমনৰ ফল৷ অৰ্থাৎ এই বিধি অভিজ্ঞতালব্ধ। এই দুয়োটা মতেই পৰস্পৰ বিৰোধী৷ প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কীয়  মিল এনে পৰস্পৰ বিৰোধী মতবাদক তৰ্কবিজ্ঞানত আগমনৰ বিৰোধাভাস বোলা হয়৷

৯। কাৰ্যকাৰণ বিধি বুলিলে কি বুজা?

উত্তৰ কাৰ্যকাৰণ বিধি আগমনৰ এক আকাৰগত ভিত্তি৷ কাৰ্যকাৰণ বিধিৰ প্ৰকৃত অৰ্থ হৈছে প্ৰত্যেক কাৰ্যৰে এটা সুনিৰ্দিষ্ট কাৰণ থাকে, বিনা কৰণত এই জগতত কোনো ঘটনাই নঘটে৷ কাৰ্যকাৰণ বিধি আগমনৰ এক অবশ্য স্বীকাৰ্য, স্বতঃসিদ্ধ, অভিজ্ঞতাপূৰ্ব মৌলিক নীতি৷

১০৷ কাৰ্যকাৰণ বিধিক কিয় আগমনৰ আকাৰগত ভিত্তি বোলে?

উত্তৰ  কাৰ্যকাৰণ বিধি আগমনৰ আকাৰগত ভিত্তি, কাৰণ আগমনৰ আকাৰগত সত্যতা এই বিধিৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিৰ্ণয় কৰা হয়৷ কোনো এটা ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ হলে কেতবোৰ সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়৷ এই সুত্ৰবোৰক অপসৰণৰ মূল সুত্ৰ বোলো হয়৷ এই সূত্ৰবোৰ অনুসৰি অন্বেষণীয় ঘটনাৰ লগত যুক্ত অপ্ৰাসংগিক বা অপ্ৰয়োজনীয় বিষয়বোৰ অপসৰণ বা বৰ্জন কৰি ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰা হয়৷

অপসৰণৰ এই সূত্ৰবোৰ আকৌ কাৰ্যকাৰণ বিধিৰ পৰা নিগমন পদ্ধতিৰে প্ৰাপ্ত৷ কাৰ্যকাৰণ বিধিৰ ওপৰত ভিত্তি কৰিয়েই এই সূত্ৰবোৰ গঠন কৰা হয়৷ গতিকে কোনো ঘটনাৰ কাৰণ আৱিস্কাৰ বা প্ৰমাণ কৰিবলৈ হলে মূলতঃ কাৰ্যকাৰণ বিধিৰ ওপৰতেই নিৰ্ভৰ কৰিব লগা হয়৷ সেই কাৰণে কাৰ্যকাৰণ বিধিক আগমনৰ আকাৰগত ভিত্তি বোলা হয়৷

ডাউনলোড 

আগমনৰ ভিত্তি : আকাৰগত আৰু বস্তুগত

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?