Posts

Showing posts from January, 2022

ব্ৰহ্মৰ জাগতিক আৰু অতিজাগতিক আদৰ্শ (Cosmic and Acosmic Ideal of Brahman)

ব্ৰহ্মৰ জাগতিক আৰু অতিজাগতিক আদৰ্শ (Cosmic and Acosmic Ideal of Brahman) উপনিষদত ব্ৰহ্মই পৰমসত্তা৷ জগতৰ সমস্ত বিষয় , জৈৱিক আৰু অজৈৱিক , ভৌতিক আৰু অভৌতিক , জড় আৰু চেতন সমস্ত বিষয়ৰ অন্তৰালত থকা মূল সত্তাটোৱে হৈছে ব্ৰহ্ম৷ ইন্দ্ৰিয়গ্ৰাহ্য জগত আৰু অতীন্দ্ৰিয় জগত সকলোতে পৰমব্ৰহ্ম বিদ্যমান৷ এই ফালৰ পৰা বিচাৰ কৰি উপনিষদত ব্ৰহ্মৰ যথাৰ্থ স্বৰূপ নিৰ্ধাৰণ কৰা হৈছে৷ উপনিষদৰ ব্ৰহ্মতত্ত্ব ভালদৰে অনুধাৱন কৰিলে আমি ইয়াৰ দুই ধৰণৰ আদৰ্শ পাওঁ – জাগতিক [Cosmic] আৰু অতিজাগতিক [Acosmic] ৷ প্ৰথম আদৰ্শত বিশ্বজগতৰ সকলো বিষয়কে সামৰি লৈ ব্ৰহ্মৰ স্বৰূপ ব্যাখ্যা কৰা হৈছে আৰু দ্বিতীয় আদৰ্শত জগতৰ অতীত অতীন্দ্ৰিয় কথাবোৰৰ আধাৰত ব্ৰহ্মৰ স্বৰূপ ব্যাখ্যা কৰা হৈছে৷ উপনিষদত ব্ৰহ্মৰ স্বৰূপ উপলব্ধি কৰা হৈছিল জাগতিকভাৱে আৰু ইয়াৰ সমাধান লাভ কৰা হৈছিল অতিজাগতিকভাৱে৷ জগতৰ মূল তত্ত্ব সম্পৰ্কীয় সমস্ত প্ৰশ্নৰ উত্তৰত পৰমসত্তাৰ [Absolute] ধাৰণা ব্যক্ত কৰা হৈছে আৰু পৰমসত্তা হৈছে ব্ৰহ্ম৷ উপনিষদ মতে , জগত অসীম সত্তা...

উপনিষদৰ পুনৰ্জন্ম বা সংসাৰৰ ধাৰণা (Upanisadic Concept of Rebirth or Samsara)

পুনৰ্জন্ম বা সংসাৰ (Rebirth or Samsara) ‘ সংসাৰ ’ এটি সংস্কৃত বা পালি শব্দ যাৰ অৰ্থ হ ’ ল ‘ বিশ্ব ’ ৷ এইটো পুনৰ্জন্মৰ এটি ধাৰণা৷ সমস্ত জীৱন , বস্তু আৰু অস্তিত্বৰ চক্ৰই সংসাৰ৷ বেছিভাগ ভাৰতীয় দৰ্শন আৰু ধৰ্মৰ এইটো এটা মৌলিক বিশ্বাস যে সংসাৰ হ ’ ল মৃত্যু আৰু পুনৰ্জন্মৰ চক্ৰ৷ সংসাৰক বহুতো সময়ত ‘ কৰ্মচক্ৰ ’, ‘ জন্মচক্ৰ ’, ‘ ভৱচক্ৰ ’, ‘ লক্ষ্যহীন প্ৰৱাহ ’ বা ‘ জাগতিক অস্তিত্বৰ চক্ৰ ’ বুলিও কোৱা হয়৷ এই সংসাৰ ধাৰণাটো ভাৰতীয় দৰ্শনৰ কৰ্মতত্ত্বৰ লগত জড়িত৷ সংসাৰৰ ধাৰণাটো বৈদিক - পৰৱৰ্তী সাহিত্যত পোৱা যায় , কিন্তু বেদত বিশেষ আলোচনা হোৱা নাই৷ কিন্তু উপনিষদত সংসাৰৰ ধাৰণাক উন্নত আকাৰত প্ৰকাশ কৰা হয়৷ সংসাৰত আৱদ্ধই বন্ধন আৰু ইয়াৰ পৰা মুক্তি প্ৰাপ্তিয়ে হ ’ ল মোক্ষ , নিৰ্বাণ বা কৈৱল্য৷ উপনিষদৰ পৰাই ভাৰতীয় দৰ্শনত সংসাৰ বা পুনৰ্জন্মৰ প্ৰতি বিশ্বাস প্ৰচলিত হয়৷ উপনিষদত কৰ্ম আৰু পুনৰ্জন্মৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে৷ উপনিষদ অনুসাৰে মৃত্যুৰ পিছত মানৱ শৰীৰ বিভিন্ন ভাগত সিচৰিত হয় , কেৱল কৰ্...

উপনিষদৰ কৰ্মবাদ আৰু সংসাৰ (Karmavada and Samsara)

Image
কৰ্মবাদ আৰু সংসাৰ (Karma and Samsara) ভাৰতীয় দৰ্শনত কৰ্মবাদৰ ধাৰণা এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা৷ ইয়াৰ মূল তাৎপৰ্য হ ’ ল ব্যক্তিয়ে তেওঁৰ সম্পাদিত কৰ্মৰ ফল অৱশ্যই ভোগিব লাগিব৷ যেনে কৰ্ম , তেনে ফল৷ এই ফল পাপ কৰ্ম বা অসৎ কৰ্মৰ বাবে অশুভ , দুখ , যন্ত্ৰণাৰ ৰূপত দেখা দিয়ে আৰু পুণ্য কৰ্ম বা সৎ কৰ্মৰ ফল শুভ আৰু আনন্দৰ ৰূপত উপস্থিত হয়৷ মানুহে ইয়াৰ পৰা কেতিয়াও পৰিত্ৰাণ নাপায়৷ উপনিষদত এই কৰ্মবাদৰ নিয়মক জাগতিক আৰু নৈতিক নিয়ম ‘ ঋত ’ বুলি কোৱা হৈছে৷ ঋকবেদ অনুসৰি ঋত হ ’ ল জাগতিক আৰু নৈতিক নিয়ম৷ এই নিয়মৰ দ্বাৰা মানুহৰ নৈতিক জগত আৰু সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড পৰিচালিত হৈছে৷ উপনিষদ - দৰ্শনত কৰ্মবাদী তত্ত্ব বহুলভাৱে প্ৰতিষ্ঠিত হৈছে৷ বৃহদাৰণ্যকোপনিষদত কৰ্মবাদ স্বীকাৰ কৰি কোৱা হৈছে যে , ‘ পুৰুষ হ ’ ল কৰ্মময় , পুৰুষৰ কামনা অনুসৰি তেওঁৰ ইচ্চা জাগ্ৰত হয় আৰু ইচ্চানুসৰি তেওঁ কৰ্ম কৰে৷ ’ শ্বেতাশ্বতৰ উপনিষদ অনুসাৰে ঈশ্বৰ হ ’ ল ‘ কৰ্মাধ্যক্ষ ’ ৷ ঈশ্বৰ নিয়মো হয় আৰু প্ৰেমীও হয়৷ তেওঁৰ ...