ব্ৰহ্মৰ জাগতিক আৰু অতিজাগতিক আদৰ্শ (Cosmic and Acosmic Ideal of Brahman)

ব্ৰহ্মৰ জাগতিক আৰু অতিজাগতিক আদৰ্শ

(Cosmic and Acosmic Ideal of Brahman)

উপনিষদত ব্ৰহ্মই পৰমসত্তা৷ জগতৰ সমস্ত বিষয়, জৈৱিক আৰু অজৈৱিক, ভৌতিক আৰু অভৌতিক, জড় আৰু চেতন সমস্ত বিষয়ৰ অন্তৰালত থকা মূল সত্তাটোৱে হৈছে ব্ৰহ্ম৷ ইন্দ্ৰিয়গ্ৰাহ্য জগত আৰু অতীন্দ্ৰিয় জগত সকলোতে পৰমব্ৰহ্ম বিদ্যমান৷ এই ফালৰ পৰা বিচাৰ কৰি উপনিষদত ব্ৰহ্মৰ যথাৰ্থ স্বৰূপ নিৰ্ধাৰণ কৰা হৈছে৷ উপনিষদৰ ব্ৰহ্মতত্ত্ব ভালদৰে অনুধাৱন কৰিলে আমি ইয়াৰ দুই ধৰণৰ আদৰ্শ পাওঁজাগতিক [Cosmic] আৰু অতিজাগতিক [Acosmic] প্ৰথম আদৰ্শত বিশ্বজগতৰ সকলো বিষয়কে সামৰি লৈ ব্ৰহ্মৰ স্বৰূপ ব্যাখ্যা কৰা হৈছে আৰু দ্বিতীয় আদৰ্শত জগতৰ অতীত অতীন্দ্ৰিয় কথাবোৰৰ আধাৰত ব্ৰহ্মৰ স্বৰূপ ব্যাখ্যা কৰা হৈছে৷

উপনিষদত ব্ৰহ্মৰ স্বৰূপ উপলব্ধি কৰা হৈছিল জাগতিকভাৱে আৰু ইয়াৰ সমাধান লাভ কৰা হৈছিল অতিজাগতিকভাৱে৷ জগতৰ মূল তত্ত্ব সম্পৰ্কীয় সমস্ত প্ৰশ্নৰ উত্তৰত পৰমসত্তাৰ [Absolute] ধাৰণা ব্যক্ত কৰা হৈছে আৰু পৰমসত্তা হৈছে ব্ৰহ্ম৷ উপনিষদ মতে, জগত অসীম সত্তা ব্ৰহ্মৰ পৰাই উৎপত্তি হৈছে৷ এই নিত্য সত্তাৰ অনুশাসনতে সূৰ্য আৰু চন্দ্ৰ নিজ নিজ স্থানত অৱস্থিত৷ এই অবিনাশী সত্তাৰ নিয়মতে স্বৰ্গ আৰু পৃথিৱী নিজ নিজ স্থানত স্থিত৷ এই অসীম সত্তাৰ জাগতিক নিয়ম [cosmic order] অনুসৰি দণ্ড, মিনিট, ঘণ্টা, দিন, ৰাতি, পক্ষ, মাহ, ঋতু আৰু বৰ্ষ পৰিকল্পনা অনুসাৰে নিজ নিজ কাৰ্য সম্পাদন কৰে৷ এই অবিনাশী সত্তাৰ নিয়মতে কিছুমান নদ-নদী হিমালয়ৰ দৰে পৰ্বতৰ পৰা নিৰ্গত হৈ নিজৰ স্বাভাৱিক গতিৰে বৈ থাকে৷ বালাকিয়ে [Balaki] ব্ৰহ্মৰ স্বৰূপ ব্যখ্যা কৰিবলৈ গৈ কৈছে যে, ব্ৰহ্ম সূৰ্যত স্থিত পুৰুষ [আদিত্যপুৰুষ], ইয়াৰ পিছত ক্ৰমশঃ চন্দ্ৰ, পোহৰ, আকাশ, বায়ু, অগ্নি, পানীত স্থিত পুৰুষ পোৱা গৈছে৷ আকৌ, ব্ৰহ্ম মন, ছাঁ, প্ৰতিধ্বনি আৰু শৰীৰত স্থিত পুৰুষ৷ কিন্তু ব্ৰহ্ম কেৱল এইখিনিয়ে নহয়৷ বালাকিয়ে এইটো স্বীকাৰ কৰিছে যে, তেওঁ ইয়াতকৈ আৰু একো নাজানে৷ ব্ৰহ্ম সত্যৰ সত্য, ‘সত্যস্য সত্যম্‌’ ব্ৰহ্ম সকলো সত্তাৰে মূল স্ৰোত৷ তৈত্তিৰীয় উপনিষদত কোৱা হৈছে যে, ‘‘ পৰা এই সমস্ত সত্তাৰ জন্ম হৈছে, জন্ম লোৱাৰ পিছত জীৱিত থাকে, আৰু মৃত্যুৰ পিছত গমন কৰা হয়, সেই সত্তা ব্ৰহ্ম’’

কিন্তু ব্ৰহ্ম কেৱল জাগতিক তত্ত্বই নহয়, তেওঁ অতিজাগতিক সত্তাও৷ জড়দ্ৰব্যৰ মূল তত্ত্বৰ ৰূপত ব্ৰহ্মক পোৱা লেও ইয়ে ব্ৰহ্মৰ প্ৰকৃত স্বৰূপ নহয়৷ বৌদ্ধিক চেতনাই ব্ৰহ্ম৷ মানুহ পূৰ্ণ নহয়৷ কাৰণ মানুহ অসংগতি আৰু দ্বৈতভাৱত গ্ৰস্থ৷ মানুহৰ ভিতৰত অৱশ্যে এনে শক্তি আছে যিয়ে সত্যক স্ব-ৰূপত জানিব পাৰে৷ গতিকে জড়, জীৱন, মন আৰু বৌদ্ধিক চেতনাৰ পৰিণতি ঘটে আনন্দত৷ মানুহে অৱশেষত এনে সত্য লাভ কৰে যে, পৰমানন্দই আদিতত্ত্ব৷ ইয়াতে মানুহৰ সকলো অনুসন্ধানৰ সমাপ্তি ঘটে৷ উপনিষদত মতে, সকলো নিম্নতৰ সত্তাৰ অন্তৰালত এক সৰ্বোচ্ছ ঐক্য আছে৷ এই সৰ্বোচ্ছ সত্তাই ব্ৰহ্ম৷ ব্ৰহ্ম সত্যম্‌, জ্ঞানম্আৰু অনন্তম

উপনিষদত এইটো প্ৰতিপাদিত কৰা হৈছে যে, ব্ৰহ্ম সকলো সত্তাৰে মূল, সকলো অস্তিত্বৱান সত্তা ব্ৰহ্মকে লাভ কৰিব বিচাৰে, কিন্তু ব্ৰহ্ম স্বয়ং-সম্পূৰ্ণ, তেওঁ কাকো পাব নিবিচাৰে, তেওঁৰ কোনো প্ৰয়োজন নাই৷ ব্ৰহ্মই সকলো বস্তুৰ মূল উৎস, ব্ৰহ্মই বৌদ্ধিক নীতি, মন, প্ৰাণ আৰু শৰীৰৰ দ্ৰষ্টা৷ ব্ৰহ্ম হৈছে সেই নীতি ভৌতিকবাদ, জীৱতত্ত্ব, মনস্তত্ত্ব, তৰ্কশাস্ত্ৰ, নীতিশাস্ত্ৰ আৰু কলাৰ ঐক্য স্থাপিত হয়৷ ব্ৰহ্ম আত্মাহীন ভূতদ্ৰব্যৰ পৰা আৰম্ভ কৰি দেৱতা পৰ্যন্ত, সকলো বস্তু আৰু সত্তাৰ সুব্যৱস্থিত জাগতিক সত্তা৷

ব্ৰহ্ম কেৱলমাত্ৰ এক বিশিষ্টহীন পৰমসত্তা নহয়৷ তেওঁ সমস্ত জগত৷ বায়ুক ব্ৰহ্মৰ প্ৰকাশ বুলি কোৱা হৈছে৷ শ্বেতাশ্বতৰ উপনিষদত কোৱা হৈছে যে, ব্ৰহ্ম পশু, পক্ষী, ইতৰ, বৃদ্ধ, বালক, বালিকা আদি সকলোৱে৷ ব্ৰহ্মই জগতক ধাৰণ কৰে আৰু সকলো ব্যক্তিৰে আত্মা৷ পৰলৌকিক অতীন্দ্ৰিয়তা আৰু লৌকিক সৰ্বব্যপকতা এই দুয়োটাই ব্ৰহ্মৰ সৰ্বোচ্ছ ৰূপ৷ প্ৰথম ৰূপত কোনো ধৰণৰ লৌকিক বিভিন্নতা নাথাকে, কিন্তু দ্বিতীয় ৰূপত লৌকিক বিভিন্নতা কাম কৰে৷

ব্ৰহ্ম নিগুৰ্ণ আৰু সগুণ৷ কিন্তু সগুণ আৰু নিগুৰ্ণ ব্ৰহ্ম এক আৰু অভিন্ন৷  সগুণ ব্ৰহ্মই ঈশ্বৰ৷ আমাৰ ওচৰত ব্ৰহ্মৰ তিনিটা ধাৰণা আছে--- পৰমসত্তা হিচাপে ব্ৰহ্ম, সৃজন শক্তিৰূপী ঈশ্বৰ আৰু জগতত ব্যাপ্ত ঈশ্বৰ৷ কিন্তু এই তিনিটা পৃথক সত্তা নহয়৷ এই ক্ৰম তৰ্কীয়ভাৱে সজোৱা হৈছে৷ এইদৰে সত্তাৰ চাৰিটা অৱস্থা পোৱা যায়--- নিৰপেক্ষ ব্ৰহ্ম, সৃজনাত্মাক শক্তি ঈশ্বৰ, বিশ্বাত্মা বা হিৰণ্যগৰ্ভ আৰু জগত৷ উপনিষদত পৰমসত্তা ব্ৰহ্মৰ অখণ্ড স্বৰূপক এইদৰে ব্যাখ্যা কৰা হৈছে৷

মাণ্ডুক্যোপনিষদ মতে, ব্ৰহ্ম চতুষ্পাদআৰু ইয়াৰ চাৰি তত্ত্ব --- ব্ৰহ্ম, ঈশ্বৰ, হিৰণ্যগৰ্ভ আৰু বিৰাজ৷ তৈত্তিৰীয় উপনিষদতত্ৰিসুপৰ্ণধাৰণাৰ দ্বাৰা ব্ৰহ্মৰ স্বৰূপ ব্যক্ত কৰা হৈছে--- বিৰাজ, হিৰণ্যগৰ্ভ আৰু ঈশ্বৰ৷ নিৰপেক্ষ সত্তা যেতিয়া নিজৰ স্ব-ৰূপত থাকে, সৃষ্টিৰ পৰা স্বতন্ত্ৰ থাকে, তেতিয়া তাক ব্ৰহ্ম বুলি কোৱা হয়৷ যেতিয়া তেওঁ নিজকে বিশ্বজগত ৰূপে প্ৰকাশ কৰে, তেতিয়া তাক বিৰাজ বোলা হয়৷ যেতিয়া তেওঁ বিশ্বজগতত গতিশীল আত্মাৰ ৰূপত চিন্তা কৰা হয়, তেতিয়া তেওঁ হিৰণ্যগৰ্ভ৷ আৰু যেতিয়া তেওঁক বিশ্বৰ স্ৰষ্টা, ৰক্ষক আৰু সংহাৰকৰ্তা ৰূপে চিন্তা কৰা হয়, তেতিয়া তেওঁক ঈশ্বৰ বোলে৷ ঈশ্বৰৰ এই তিনিটা কাৰ্যক যেতিয়া আমি পৃথকে বিবেচনা কৰোঁ তেতিয়া তেওঁ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ বা শিৱত পৰিণত হয়৷ এয়াই ব্ৰহ্মৰ অতিজাগতিক আদৰ্শ৷

ব্ৰহ্মৰ স্বৰূপ নঞৰ্থক৷ ব্ৰহ্ম সৎ বা অসৎ এটাও নহয়৷ ব্ৰহ্ম কেৱল সৎ, চিৎ আৰু আনন্দ স্বৰূপ৷ আত্মাসত্তা, আত্মচেতনা আৰু আত্মানন্দ এক আৰু অভিন্ন৷ ব্ৰহ্ম পূৰ্ণ সত্তা, তেওঁৰ কোনো অনস্তিত্ব নাই; ব্ৰহ্ম পূৰ্ণ চেতনা, তেওঁৰ কোনো জড়তা নাই; ব্ৰহ্ম পূৰ্ণ আনন্দ, তেওঁৰ কোনো দুখ নাই, ব্ৰহ্মত আনন্দৰ কোনো অভাৱ নাই৷

গতিকে দেখা যায় যে, জাগতিক আৰু অতিজাগতিক আদৰ্শক সামৰি ব্ৰহ্মৰ চাৰিটা দিশ আছে--- [] অতীন্দ্ৰিয় সৰ্বব্যাপক সত্তা, যি যিকোনো মূৰ্ত সত্তাৰ পূৰ্বৱৰ্তী; [] সমস্ত বিভিন্নতাৰ কাৰণ ৰূপী সত্তা; [] জগতৰ অন্তৰতম সাৰসত্তা; আৰু [চ্ছ্ৰ] ব্যক্ত জগত৷ একে পৰমব্ৰহ্মত এই চাৰিটা ৰূপ সদায় সমৰূপত উপস্থিত থাকে৷

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?