উপনিষদৰ কৰ্মবাদ আৰু সংসাৰ (Karmavada and Samsara)
কৰ্মবাদ আৰু সংসাৰ
(Karma and Samsara)
ভাৰতীয় দৰ্শনত কৰ্মবাদৰ ধাৰণা এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা৷ ইয়াৰ মূল তাৎপৰ্য হ’ল ব্যক্তিয়ে তেওঁৰ সম্পাদিত কৰ্মৰ ফল অৱশ্যই ভোগিব লাগিব৷ যেনে কৰ্ম, তেনে ফল৷ এই ফল পাপ কৰ্ম বা অসৎ কৰ্মৰ বাবে অশুভ, দুখ, যন্ত্ৰণাৰ ৰূপত দেখা দিয়ে আৰু পুণ্য কৰ্ম বা সৎ কৰ্মৰ ফল শুভ আৰু আনন্দৰ ৰূপত উপস্থিত হয়৷ মানুহে ইয়াৰ পৰা কেতিয়াও পৰিত্ৰাণ নাপায়৷ উপনিষদত এই কৰ্মবাদৰ নিয়মক জাগতিক আৰু নৈতিক নিয়ম ‘ঋত’ বুলি কোৱা হৈছে৷ ঋকবেদ অনুসৰি ঋত হ’ল জাগতিক আৰু নৈতিক নিয়ম৷ এই নিয়মৰ দ্বাৰা মানুহৰ নৈতিক জগত আৰু সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড পৰিচালিত হৈছে৷
উপনিষদ-দৰ্শনত কৰ্মবাদী তত্ত্ব বহুলভাৱে প্ৰতিষ্ঠিত হৈছে৷ বৃহদাৰণ্যকোপনিষদত কৰ্মবাদ স্বীকাৰ কৰি কোৱা হৈছে যে, ‘পুৰুষ হ’ল কৰ্মময়, পুৰুষৰ কামনা অনুসৰি তেওঁৰ ইচ্চা জাগ্ৰত হয় আৰু ইচ্চানুসৰি তেওঁ কৰ্ম কৰে৷’ শ্বেতাশ্বতৰ উপনিষদ অনুসাৰে ঈশ্বৰ হ’ল ‘কৰ্মাধ্যক্ষ’৷ ঈশ্বৰ নিয়মো হয় আৰু প্ৰেমীও হয়৷ তেওঁৰ প্ৰেম নিয়মৰ মাধ্যমত প্ৰকট হয়৷ কৰ্মৰ ক্ৰিয়া সম্পূৰ্ণৰূপে আৱেগ ৰহিত আৰু ন্যায়সংগত, ই নিষ্ঠুৰ আৰু দয়ালু একোৱে নহয়৷ বেয়া কৰ্মৰ বাবে ই নিষ্ঠুৰ আৰু ভাল কৰ্মৰ বাবে ই দয়ালু৷ ব্যক্তিয়ে শুভ কৰ্মৰ বাবে সুখ আৰু অশুভ কৰ্মৰ বাবে দুখ ভোগ কৰিবলৈ বহুবাৰ জন্মগ্ৰহণ কৰিবলগীয়া হয়৷ বহুতো সময়ত সঞ্চিত কৰ্মৰ ফলত জন্মজন্মান্তৰত লাভ কৰা হয়৷ উপনিষদে আমাক সদায় সৎকৰ্ম সম্পাদনত প্ৰেৰণা দিয়ে৷ ঈশোপনিষদত এই কথা স্পষ্টৰূপে কোৱা আছে যে–
কুৰ্ৱন্নেবেহ কৰ্মাণি জিজীৱিষেচ্চতং সমাঃ৷
এৱং ত্বয়ি নান্যথেতোহস্তি ন কৰ্ম লিপ্যতে নৰে৷৷ [ঈশোপনিষদ, শ্লোক নং-২]
অৰ্থাৎ ‘‘এই জগতত শাস্ত্ৰবিহিত কৰ্মসকল [সৎকৰ্ম] কৰিয়ে শতবৰ্ষ জীয়াই থকাৰ ইচ্চা পোষণ কৰিব পাৰে; কাৰণ ঐ ধৰণৰ কৰ্ময়ে তেওঁক কৰ্মবন্ধনত আৱদ্ধ নকৰে৷ ইয়াৰ বাহিৰে মানুহৰ আন কোনো গতি নাই৷’’
বৃহদাৰণ্যকোপনিষদ মতে, শ্ৰেষ্ঠ কৰ্মৰ কৰ্তা সদায় শ্ৰেষ্ঠ ব্যক্তি আৰু নিকৃষ্ট কৰ্ম কৰোতাসকলে সদায় নিকৃষ্ট ব্যক্তিত পৰিণত হয়৷ পুণ্য কৰ্মৰ দ্বাৰা মানুহৰ জীৱনত পবিত্ৰতা, নিৰ্মলতা আৰু স্বচ্চতাৰ উদ্ভৱ হয়৷ আনহাতে, নিকৃষ্ট জীৱনে মানুহক দুখী আৰু অশান্ত কৰি তোলে৷ পুণ্যকৰ্মৰ দ্বাৰা মানুহ পুণ্যাত্মা আৰু পাপকৰ্মৰ দ্বাৰা পাপাত্মাত পৰিণত হয়৷ প্ৰশ্নোপনিষদ মতে, উপৰৰ ফালে গতিশীল বায়ুই মৃত্যু পৰ্যন্ত পুণ্য কৰ্ম কৰাৰ বাবে জীৱক স্বৰ্গলোকলৈ লৈ যায় আৰু পাপকৰ্মৰ বাবে নৰকত লৈ যায়৷ যি ব্যক্তিয়ে পাপ আৰু পুণ্য দুয়ো প্ৰকাৰৰ মিশ্ৰ কৰ্ম সম্পদান কৰে, তেওঁলোকক পুনৰ মনুষ্য যোনীলৈ লৈ যায় অৰ্থাৎ পুনৰ মনুষ্যৰূপে জন্মগ্ৰহণ কৰিবলগীয়া হয়৷
উপনিষদৰ ব্যাখ্যা অনুসৰি যি মানুহে নিঃস্বাৰ্থভাৱে সৎকৰ্ম সম্পাদন কৰে তেওঁক জন্ম আৰু মৰণৰ বিভীষিকাই আমনি নকৰে৷ ইয়াত যি ব্যক্তি স্বাৰ্থপৰভাৱে কৰ্মত নিবৃত্ত হয়, তেওঁ অনন্ত কাল ধৰি এই জন্ম-মতৃ্যৰ ভৱচক্ৰত আৱদ্ধ হ’বলগীয়া হয়৷ সেইকাৰণে গীতাৰ দৰে উপনিষদতো নিষ্কাম কৰ্মকে মহান কৰ্ম বুলি গণ্য কৰা হৈছে৷ নিজৰ শুভকৰ্মৰ দ্বাৰা মানুহে স্বৰ্গলাভ কৰে আৰু অশুভকৰ্মৰ দ্বাৰা নিৰকত গমন কৰে৷ উপনিষদৰ এই কৰ্ম সিদ্ধান্তৰ আধাৰতে ইয়াৰ পুনৰ্জন্ম তত্ত্ব ৰচিত হৈছে৷
জন্ম-মৃত্যুৰ অৱশ্যম্ভাৱী চক্ৰত উপনিষদ বিশ্বাসী৷ সৎকৰ্মৰ দ্বাৰা মানুহ পুণ্যাত্মা আৰু অসৎকৰ্মৰ দ্বাৰা পাপাত্মাত পৰিণত হয়’’ [বৃহদাৰণ্যকোপনিষদ, ৩.২.১৩]৷ কৰ্মই মানুহক সংসাৰ বন্ধনত আৱদ্ধ কৰে আৰু কৰ্মই মানুহক মুক্তি দিয়ে৷ ধৰ্ম, অধৰ্ম, পাপ আৰু পুণ্য মৃত ব্যক্তিক অনুসৰণ কৰে৷ কৰ্মপ্ৰৱাহ ৰূপী সংস্কাৰ আমাৰ জন্ম-মৃত্যুৰূপী বন্ধনৰ কাৰণ৷
উপনিষদ মতে, মৃত্যুৰ পিছত শৰীৰ আৰু সংসাৰৰ লগত জীৱৰ সম্বন্ধৰ পৰিসমাপ্তি ঘটে৷ নিজৰ কৃতকৰ্ম অনুসাৰে তেওঁলোকে ইহলোক আৰু পৰলোক গমন কৰে৷ সেই অনুসাৰে উপনিষদত তিনিটা গতিৰ [অৱস্থা] কথা উল্লেখ কৰা হৈছে৷ এই তিনিটা অৱস্থা বা গতি হ’ল--- দেৱযান গতি, পিতৃযান গতি আৰু তৃতীয় প্ৰকাৰৰ গতি৷ দেৱযান গতি অনুসৰি যি ব্যক্তি নিজৰ জীৱন কালত আধ্যাত্মবিদ্যাৰ অভ্যাস কৰে, তেওঁ ব্ৰহ্মলোক গমন কৰে আৰু ব্ৰহ্মৰ লগত বিলীন হয়; পিতৃযান গতি অনুসৰি যি ব্যক্তিয়ে যজ্ঞ, দান, শুভকৰ্ম, পূজা-পাঠ আদি সম্পাদিত কৰে, তেওঁ পুণ্যকৰ্ম অনুসৰি বিভিন্ন লোকত গমন কৰে আৰু পুণ্যকৰ্ম ক্ষয় হ’লে মৰ্তলোকত পুনৰ জন্মগ্ৰহণ কৰে; আনহাতে, নিম্নশ্ৰেণীৰ জীৱ, যেনে-- কীট-পতংগ ইত্যাদি তৃতীয় গতিত পৰে, তেওঁলোকৰ জন্ম-মৰণৰ চক্ৰৰ কেতিয়াও পৰিসমাপ্তি নঘটে৷ কঠোপনিষদ অনুসৰি দেৱযান হ’ল উত্তৰমাৰ্গ [উত্তৰায়ণ] আৰু পিতৃযান হ’ল দিক্ষণমাৰ্গ [দক্ষিণায়ন]৷ জন্ম-মৃত্যুৰ এই চক্ৰ অনবৰত চলি থাকে৷ মোক্ষৰ দ্বাৰাহে ইয়াৰ পৰা মুক্তি লাভ কৰা যায়৷ উপনিষদত কৰ্মস্বতন্ত্ৰতাক স্বীকাৰ কৰি কোৱা হৈছে যে, যিদৰে চৰাইয়ে নিজে নিজৰ বাঁহ সাজি লয়, তেনেদৰে মানুহেও নিজকে বন্ধনত পেলায়।
Tnq sir
ReplyDeleteTnq sir 😊
ReplyDelete