উপনিষদৰ পুনৰ্জন্ম বা সংসাৰৰ ধাৰণা (Upanisadic Concept of Rebirth or Samsara)
পুনৰ্জন্ম বা সংসাৰ
(Rebirth or Samsara)
‘সংসাৰ’ এটি সংস্কৃত বা পালি শব্দ যাৰ অৰ্থ হ’ল ‘বিশ্ব’৷ এইটো পুনৰ্জন্মৰ এটি ধাৰণা৷ সমস্ত জীৱন, বস্তু আৰু অস্তিত্বৰ চক্ৰই সংসাৰ৷ বেছিভাগ ভাৰতীয় দৰ্শন আৰু ধৰ্মৰ এইটো এটা মৌলিক বিশ্বাস যে সংসাৰ হ’ল মৃত্যু আৰু পুনৰ্জন্মৰ চক্ৰ৷ সংসাৰক বহুতো সময়ত ‘কৰ্মচক্ৰ’, ‘জন্মচক্ৰ’, ‘ভৱচক্ৰ’, ‘লক্ষ্যহীন প্ৰৱাহ’ বা ‘জাগতিক অস্তিত্বৰ চক্ৰ’ বুলিও কোৱা হয়৷ এই সংসাৰ ধাৰণাটো ভাৰতীয় দৰ্শনৰ কৰ্মতত্ত্বৰ লগত জড়িত৷ সংসাৰৰ ধাৰণাটো বৈদিক-পৰৱৰ্তী সাহিত্যত পোৱা যায়, কিন্তু বেদত বিশেষ আলোচনা হোৱা নাই৷ কিন্তু উপনিষদত সংসাৰৰ ধাৰণাক উন্নত আকাৰত প্ৰকাশ কৰা হয়৷ সংসাৰত আৱদ্ধই বন্ধন আৰু ইয়াৰ পৰা মুক্তি প্ৰাপ্তিয়ে হ’ল মোক্ষ, নিৰ্বাণ বা কৈৱল্য৷
উপনিষদৰ পৰাই ভাৰতীয় দৰ্শনত সংসাৰ বা পুনৰ্জন্মৰ প্ৰতি বিশ্বাস প্ৰচলিত হয়৷ উপনিষদত কৰ্ম আৰু পুনৰ্জন্মৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে৷ উপনিষদ অনুসাৰে মৃত্যুৰ পিছত মানৱ শৰীৰ বিভিন্ন ভাগত সিচৰিত হয়, কেৱল কৰ্মহে অৱশিষ্ট থাকে৷ মানুহ সৎকৰ্মৰ দ্বাৰা সৎ আৰু অসৎকৰ্মৰ দ্বাৰা অসৎ হয়৷ মানুহৰ জীৱন তেওঁৰ চৰিত্ৰ মূৰ্তৰূপ৷
মানুহৰ মৃত্যু আৰু পুনৰ্জন্ম সন্দৰ্ভত উপনিষদত বিস্তৃত বিবৰণ দিয়া হৈছে৷ উপনিষদ মতে, বৰ্তমান শৰীৰ ত্যাগ কৰা আগতে জীৱাত্মাই নিজৰ ভাবী শৰীৰৰ সন্ধান কৰি লয়৷ আত্মা এইক্ষেত্ৰত সৃজনশীল, কাৰণ আত্মাই শৰীৰ সৃষ্টি কৰে৷ আত্মাই যেতিয়াই শৰীৰ ত্যাগ কৰে, তেতিয়াও এক নতুন দেহ ধাৰণ কৰে৷ জীৱাত্মাৰ প্ৰত্যেক জীৱনৰ স্থিতি তেওঁৰ পূৰ্বৱৰ্তী জীৱনৰ জ্ঞান আৰু কৰ্মৰ দ্বাৰা নিৰ্ধাৰিত হয়৷ জ্ঞান, শিক্ষা আৰু চৰিত্ৰ তেতিয়া জীৱাত্মাৰ লগত সংযুক্ত হয়৷ ড॰ ৰাধাকৃষ্ণণতে ঈশোপনিষদ আৰু বৃহদাৰণ্যকোপনিষদৰ উদ্ধৃতি উল্লেখ কৰি কৈছে যে অজ্ঞানী আৰু অবুদ্ধ সকলে মৃত্যুৰ পিছত অসুৰ সকলৰ সূৰ্যহীন লোকলৈ গমন কৰে আৰু সৎলোক বা জ্ঞানলোকৰ উদ্দেশ্যে এইটো কোৱা হৈছে যে তেওঁলোকে বায়ু, সূৰ্য, চন্দ্ৰ লোক ভ্ৰমণ কৰি শোকৰহিত লোকত গমন কৰে৷
ছান্দোগ্যোপনিষদত মৃত্যুৰ বাবে দুটা পথৰ উল্লেখ কৰিছে--- এটা পথ উজ্জ্বলতাৰ আৰু আনটো অন্ধকাৰৰ, এটা হ’ল দেৱমাৰ্গ আৰু আনটো হ’ল পিতৃমাৰ্গ৷ যিসকলে তপস্যা কৰে আৰু শ্ৰদ্ধা বা আস্থাৰ সৈতে উজ্জ্বলতাৰ মাৰ্গত প্ৰৱেশ কৰে, তেওঁলোকে জীৱনচক্ৰ বা সংসাৰচক্ৰত পুনঃপুন জন্মগ্ৰহণ কৰিবলগীয়া নহয়৷ যিসকল নীতিৱান, জনকল্যাণৰ উদ্দেশ্যে কৰ্ম কৰে, তেওঁলোকে ধোৱাৰ মাৰ্গৰে ভ্ৰমণ কৰে আৰু যেতিয়ালৈকে নিম্নত অৱতৰণ নকৰে, তেতিয়ালৈকে পিতৃলোকত অৱস্থান কৰে৷ ইয়াৰ পিছত তেওঁলোকে নিজৰ যোগ্যতা অনুসৰি পুনৰ জন্মগ্ৰহণ কৰে৷ সৎ চৰিত্ৰ লোকসকলে সুন্দৰ আৰু সুখী জীৱন লাভ কৰে আৰু অসৎ চৰিত্ৰ লোকসকলে দুখী জীৱনৰ সৈতে জন্মগ্ৰহণ কৰিবলগীয়া হয়৷ স্বৰ্গ আৰু নৰক কালযুক্ত জগতৰ লগত সম্বন্ধিত য’ত মানুহৰ চৰিত্ৰ অনুসাৰে আশ্ৰয় প্ৰদান কৰা হয়৷
উপনিষদ মতে, মানুহে যেতিয়ালৈকে যথাৰ্থ জ্ঞান লাভ নকৰে, তেতিয়ালৈকে পুনৰ্জন্মই তেওঁৰ নিয়তি৷ সৎকৰ্মৰ দ্বাৰা তেওঁ নিজৰ ক্ৰমিক বিকাশক উন্নত কৰিব পাৰে৷ সদ্গুণৰ পুৰুষ্কাৰ তেওঁ সদ্গুণৰ শ্ৰীবৃদ্ধিৰ যোগেদি লাভ কৰে৷ হৃদয় পবিত্ৰ হ’লে সত্তাৰ অধিক স্পষ্ট সন্দৰ্শন হয়৷ আৰু সত্তাৰ স্পষ্ট জ্ঞান লাভ হ’লে মানুহৰ মোক্ষ প্ৰাপ্তি হয়৷ মোক্ষপ্ৰাপ্তিয়ে সংসাৰ চক্ৰক সম্পূৰ্ণৰূপে ৰোধ কৰে৷
Comments
Post a Comment