জৈন নীতিতত্ত্বৰ কেইটামান চমু প্ৰশ্নোত্তৰ

১। জৈন দৰ্শন বৈদিক নে অবৈদিক দৰ্শন?
উত্তৰ: অবৈদিক দৰ্শন।
২। 'জৈন' শব্দৰ অৰ্থ কি?
উত্তৰ : জয় কৰা অৰ্থাৎ কামনা-বাসনাক জয় কৰা।
৩। জৈন দৰ্শনৰ প্ৰৱৰ্তক কোন?
উত্তৰ : মহাবীৰ।
৪। মহাবীৰৰ আন এটা নাম কি?
উত্তৰ : বৰ্ধমান।
৫। জৈন দৰ্শনৰ শাখা দুটা কি কি? 
উত্তৰ : দিগম্বৰ আৰু শ্বেতাম্বৰ।
৬। জৈন দৰ্শনৰ প্ৰথম তীৰ্থঙ্কৰজন কোন?
উত্তৰ : ঋষভদেব।
৭। জৈন দৰ্শনৰ সৰ্বশেষ তীৰ্থঙ্কৰজন কোন?
উত্তৰ : বৰ্ধমান বা মহাবীৰ।
৮। জৈন দৰ্শনে ভগৱান বা ঈশ্বৰ বিশ্বাস কৰে নে?
উত্তৰ : নকৰে।
৯। জৈন দৰ্শন অনুসৰি মুক্তিপ্ৰাপ্ত লোকসকলক_____ বোলা হয়।
উত্তৰ : অৰ্হৎ।
১০। 'তীৰ্থঙ্কৰ' মানে কি?
উত্তৰ : 'তীৰ্থঙ্কৰ' শব্দৰ আক্ষৰিক অৰ্থ হল 'তীৰ্থৰ প্ৰতিষ্ঠাতা'। কামনা-বাসনাক জয় কৰি যিসকলে মানুহক সংসাৰৰ মায়া-মোহৰ পৰা মুক্তিৰ পথ দেখুৱাব পাৰে তেওঁলোকেই তীৰ্থঙ্কৰ।
১১। কেৱলজ্ঞান বুলিলে কি বুজা?
উত্তৰ: সম্যক জ্ঞান বা যথার্থ জ্ঞান।
১২। আশ্ৰৱৰ ধাৰণাটো ভাৰতীয় দৰ্শনৰ কোনটো সম্প্ৰদায়ৰ লগত জড়িত?
উত্তৰ : জৈন দৰ্শন। 
১৩। জৈন মতে কৰ্ম কেই প্ৰকাৰৰ?
উত্তৰ : আঠ প্ৰকাৰ।
১৪। ত্ৰিৰত্ন কাক বোলে?
উত্তৰ : জৈন দৰ্শনত মোক্ষ লাভৰ তিনিটা মাৰ্গ ক্ৰমে সম্যক দৰ্শন, সম্যক জ্ঞান আৰু সম্যক চৰিত্ৰক একেলগে ত্ৰিৰত্ন বোলা হয়।
১৫। জৈন দৰ্শন মতে মোক্ষ লাভৰ প্ৰক্ৰিয়া দুটা কি কি?
উত্তৰ : সম্বৰ আৰু নিৰ্জৰা।
১৬। জৈন পঞ্চব্ৰত কেইটা কি কি?
উত্তৰ : পঞ্চব্ৰত কেইটা হল--- অহিংসা, সত্য বা সুনৃত, অস্তেয়, ব্ৰহ্মচৰ্য আৰু অপৰিগ্ৰহ।
১৭। অনুব্ৰতৰ অৰ্থ হল মাহাব্ৰতৰ বৃহৎ / অনু অংশ।
উত্তৰ : অনু অংশ।
১৮। মহাব্ৰত পাঁচ/ছয়/চাৰি প্ৰকাৰৰ।
উত্তৰ : পাঁচ প্ৰকাৰ।
১৯। গুপ্তি বুলিলে কি বুজা?
উত্তৰ : কায়, মন আৰু বাক্যৰে অহিংস কৰ্ম সাধনক জৈন দৰ্শনত গুপ্তি (ত্ৰিগুপ্তি) বোলা হয়।
২০। সমিতি বুলিলে কি বুজা? 
উত্তৰ : সমস্ত জীৱৰ হিত সাধন আৰু কোনো পীড়া উৎপাদন নকৰাই সমিতি। সমিতি পঞ্চবিধ--- ঈৰ্ষা, ভাষা, এষণা, আদান আৰু উৎসৰ্গ।
২১। কষায় বুলিলে কি বুজা?
উত্তৰ : কষায় বুলিলে যিয়ে আত্মাক পাপ পথত লৈ গৈ বিনষ্ট কৰে তাকে বুজায়। কষায় হল ক্ৰোধ, লোভ, মান আৰু মায়া--- এই চাৰিবিধ বাসনাৰ সমষ্টি।
২২। জৈন দৰ্শনে নৈতিক বিধি / জ্ঞানতত্ত্বৰ ওপৰত বহুত বেছি গুৰুত্ব আৰোপ কৰিছে।
উত্তৰ : নৈতিক বিধি। 
২৩। আশ্ৰৱ বুলিলে কি বুজা? 
উত্তৰ : আত্মাত কৰ্মপুদ্গলৰ অনুপ্ৰবেশক আশ্ৰৱ বোলা হয়।
২৪। নিৰ্জৰা বুলিলে কি বুজা? 
উত্তৰ : তপস্যাৰ দ্বাৰা জীৱৰ লগত পূৰ্বৰে পৰা সংযুক্ত থকা কৰ্মপুদগলৰ ক্ষয় সাধনে হল নিৰ্জৰা।
২৫। সম্বৰ বুলিলে কি বুজা?
উত্তৰ : আত্মা বা জীৱত কৰ্মপুদগলৰ অনুপ্ৰবেশ ৰূদ্ধ কৰাকে সম্বৰ বোলে।

তথ্যসূত্ৰ:
হেমন্ত কুমাৰ ৰায় : নীতিবিদ্যা, ইউনিয়ন বুক পাব্লিকেশ্যন, গুৱাহাটী।

প্রথম অধ্যায়ৰ ভিডিও:

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?