"আগমন আৰু ইয়াৰ প্ৰকাৰ" অধ্যায়টোৰ কিছুমান চমু প্ৰশ্নোত্তৰ
আগমন আৰু ইয়াৰ প্ৰকাৰ অধ্যায়টোৰ কিছুমান চমু প্ৰশ্নোত্তৰ চমু প্ৰশ্ন উত্তৰ ঃ ১। “ নিগমনত আধাৰ বচন হিচাপে ব্যৱহৃত সাৰ্বিক বচন আগমনে যোগান ধৰে৷ ” -- এইটো সত্য নে ? উত্তৰ : সত্য৷ ২। নিন্মোক্ত উক্তি সমূহৰ কোনটো শুদ্ধ নহয় – [ ক ] নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত৷ [ খ ] আগমন অনুমান কেৱল বস্তুগত সত্যতাৰ লগত জড়িত৷ [ গ ] আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত৷ উত্তৰ: [ খ ] আগমন অনুমান কেৱল বস্তুগত সত্যতাৰ লগত জড়িত৷ ৩। “ অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত ” --- এইটো সত্যনে ? উত্তৰ: অসত্য৷ ৪। “ সাদৃশ্য মূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিত ”– এইটো সত্য নে ? ...