"আগমন আৰু ইয়াৰ প্ৰকাৰ" অধ্যায়টোৰ কিছুমান চমু প্ৰশ্নোত্তৰ

আগমন আৰু ইয়াৰ প্ৰকাৰ অধ্যায়টোৰ কিছুমান চমু প্ৰশ্নোত্তৰ 

চমু প্ৰশ্ন উত্তৰ

১।  “ নিগমনত আধাৰ বচন হিচাপে ব্যৱহৃত সাৰ্বিক বচন আগমনে যোগান ধৰে৷” -- এইটো সত্য নে?         

উত্তৰ : সত্য৷

২।   নিন্মোক্ত উক্তি সমূহৰ কোনটো শুদ্ধ নহয়

[] নিগমন অনুমান কেৱল আকাৰগত সত্যতাৰ লগত জড়িত৷

[] আগমন অনুমান কেৱল বস্তুগত সত্যতাৰ লগত জড়িত৷

[] আগমন অনুমান আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত৷               

উত্তৰ: [] আগমন অনুমান কেৱল বস্তুগত সত্যতাৰ লগত জড়িত৷

৩।  “ অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত ” --- এইটো সত্যনে?                

উত্তৰ:  অসত্য৷ 

৪।   “ সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিত ”– এইটো সত্য নে?                

উত্তৰ : অসত্য৷

৫।   শুদ্ধ উত্তৰটো বাচি উলিওৱা :

আগমনাত্মক জাঁপ সামান্যৰ পৰা বিশেষলৈ / সামান্যৰ পৰা সামান্য লৈ / বিশেষৰ পৰা বিশেষলৈ / বিশেষৰ পৰা সামান্যলৈ যোৱাৰ পথ৷          

উত্তৰ : বিশেষৰ পৰা সামান্যলৈ যোৱাৰ পথ৷ 

৬।  "আগমন অনুমানৰ আশ্ৰয়বাক্যই সিদ্ধান্তৰ সত্যতাৰ নিশ্চয়তা সাব্যস্ত কৰে।" এইটো সত্য নে?      

উত্তৰ : অসত্য। 

৭।  আগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয়বাক্যতকৈ অধিক ব্যপক হয় নে?              

উত্তৰ : হয়৷

৮।   আগমনৰ উদ্দেশ্য বা লক্ষ্য কি?              

উত্তৰ : সিদ্ধান্ত স্বৰূপে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা৷

৯। আগমনে সিদ্ধান্ত স্বৰূপে এটা কি বচন প্ৰতিষ্ঠা কৰে?              

উত্তৰ : যথাৰ্থ সামান্য বচন বা সামান্য সংশ্লেষক বচন৷

১০।  আগমনৰ মূল লক্ষণ কি?              

উত্তৰ  : আগমনাত্মক জাঁপ৷

১১। আগমনাত্ম জাঁপ কিছুমানৰ পৰা সামান্যলৈ / কিছুমানৰ পৰা বিশেষলৈ / সকলোৰ পৰা কিছুমানলৈ যোৱা যুক্তিৰ ঊৰ্দ্ধমূখী গতি।              

উত্তৰ : কিছুমানৰ পৰা সামান্যলৈ৷

১২।  আগমনৰ অনুমান আকাৰগত নে বস্তুগত সত্যতাৰ লগত জড়িত?              

উত্তৰ : আকাৰগত আৰু বস্তুগত উভয় সত্যতাৰ লগত জড়িত৷

১৩।   বৈজ্ঞানিক আগমনৰ প্ৰকৃত আগমন হয়নে?     

উত্তৰ : হয়।

১৪। বৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে কি বচন প্ৰতিষ্ঠা কৰে?              

উত্তৰ : যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে৷

১৫।বৈজ্ঞানিক আগমনত আগমনাত্ম জাঁপ আছেনে

উত্তৰ: আছে৷

১৬।   বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত নে অনিশ্চিত?              

উত্তৰ : নিশ্চিত৷

১৭।  বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাবৰ কিয়?              

উত্তৰ : কাৰণ বৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধৰ বিচাৰ কৰা হয়৷

১৮।  অবৈজ্ঞানিক আগমন প্ৰকৃত আগমন হয়নে?               

উত্তৰ : হয়৷

১৯।  অবৈজ্ঞানিক আগমনে সিদ্ধান্ত স্বৰূপে কি বচন প্ৰতিষ্ঠ কৰে?              

উত্তৰ  : যৰ্থাথ সামান্য বচন প্ৰতিষ্ঠা কৰে৷

২০।  অবৈজ্ঞানিক আগমনৰ আগমনাত্মক জাঁপ আছেনে?              

উত্তৰ : আছে৷

২১।   অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত নে অনিশ্চিত?              

উত্তৰ : অনিশ্চিত৷

২২।  অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত অনিশ্চিত স্বভাবৰ কিয়?

উত্তৰ : কাৰণ অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ সম্বন্ধৰ বিচাৰ কৰা নহয়৷

২৩।  অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাবনামূলক নে?

উত্তৰ : হয়৷

২৪।  অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি?

উত্তৰ : অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতা৷

২৫।  “অবৈজ্ঞানিক আগমনে বৈজ্ঞানিক আগমনৰ বাট মুকলি কৰি দিয়ে৷”– এইটো সত্য নে?

উত্তৰ : সত্য।

২৬। সাদৃশ্যনুমান প্ৰকৃত আগমন হয়নে?

উত্তৰ: হয়৷

২৭। সাদৃশ্যানুমনত  আগমনাত্মক জাঁপ আছেনে?

উত্তৰ : আছে৷

২৮।  সাদৃশ্যানুমানে সিদ্ধান্ত স্বৰূপে কি বচন প্ৰতিষ্ঠা কৰে?

উত্তৰ : এটা বিশেষ বচন৷

২৯।  সাদৃশ্যানুমনৰ  সিদ্ধান্তৰ নিশ্চিত নে অনিশ্চিত স্বাভাবৰ?

উত্তৰ : অনিশ্চিত স্বভাবৰ৷

৩০।  ‘সাদৃশ্যানুমনৰ  সিদ্ধান্ত সম্ভবনা মূলকএইটো সত্যনে?

উত্তৰ : সত্য

৩১। সাদৃশ্যানুমনৰ  মৃল্য কিহৰ ওপৰত নিৰ্ভৰ কৰে

উত্তৰ : সাদৃশ্য থকা গুণৰ সংখ্যা আৰু গুৰুত্বৰ ওপৰত৷

৩২।  সকলো প্ৰকাৰৰ অনুমান মূলতঃ সাদৃশ্যানুমান ভিত্তিক হয়নে?

উত্তৰ : নহয়৷

৩৩।  ‘সকলো কাউৰী হয় কলা’– এইটো কোন প্ৰকাৰৰ আগমনৰ উদাহৰণ?

উত্তৰ : অবৈজ্ঞানিক আগমন৷

৩৪।  সাদৃশ্যনুমানৰ মূল ভিত্তি কি?

উত্তৰ : দুটা বস্তুৰ মাজত থকা অসম্পূৰ্ণ সাদৃশ্য জ্ঞান৷

৩৫।   ‘অবৈজ্ঞানিক আগমন এটা শিশু সুলভ কৰ্ম’ – এই কথাষাৰ কোনে কৈছে?

উত্তৰ : বেকনে৷

৩৬।  'সকলো মানুহ হয় মৰণশীল’ – কোন প্ৰকাৰৰ আগমনৰ উদাহৰণ?

উত্তৰ : বৈজ্ঞানিক আগমন৷

৩৭।  বৈজ্ঞানিক আগমনৰ মূল ভিত্তি কি কি?

উত্তৰ : প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি৷

৩৮।  ‘সকলো প্ৰকাৰৰ অনুমানেই মূলতঃ সাদৃশ্যানুমান ভিত্তিক’ – এই কথাষাৰ  কোনে কৈছে?

উত্তৰ : মিলে কৈছে৷

৩৯।  সাদৃশ্যানুমনত  কেইটা দৃষ্টান্তৰ প্ৰয়োজন?

উত্তৰ : এটা৷

৪০।  তথাকথিত আগমন কেই প্ৰকাৰৰ?

উত্তৰ : তথাকথিত আগমন তিনি প্ৰকাৰৰ৷

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?