বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমানৰ পাৰস্পৰিক সম্পৰ্ক
১। বৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমানৰ সাদৃশ্য উল্লেখ কৰা।
উত্তৰ : বৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমানৰ সাদৃশ্য---
(i) বৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান দুয়োটাই প্ৰকৃত আগমন৷ দুয়োটাতে আগমনৰ মূল লক্ষণ আগমনাত্মক জাঁপ আছে৷
(ii) বৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান উভয়তে পৰ্যবেক্ষণ বা নিৰীক্ষণৰ সহায়ত বাস্তৱ দৃষ্টান্ত সংগ্ৰহ কৰা হয়৷
(iii) বৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান দুয়োটাই অনুমিতি স্বভাবৰ৷ দুয়োটাতে সিদ্ধান্তটো অনুমানৰ সহায়ত প্ৰতিষ্ঠা কৰা হয়৷
(iv) বৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান উভয়তে আগমনৰ আকাৰগত ভিত্তি প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰা হয়।
২। বৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমানৰ পাৰ্থক্য বা বৈসাদৃশ্যসমূহ উল্লেখ কৰা।
উত্তৰ: বৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমানৰ পাৰ্থক্য---
(i) বৈজ্ঞানিক আগমনত কেতবোৰ বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়৷ কিন্তু সাদৃশ্যানুমানত এটা বিশিষ্ট ঘটনা বা দৃষ্টান্ত লক্ষ্য কৰি আন এটা বিশিষ্ট ঘটনা বা দৃষ্টান্ত সম্পৰ্কে অনুমান কৰা হয়৷
(ii) বৈজ্ঞানিক আগমন কাৰ্যকৰণ সম্বন্ধৰ ওপৰত প্ৰতিষ্ঠিত৷ কিন্তু সাদৃশ্যানুমানত কাৰ্যকাৰণ সম্বন্ধৰ বিচাৰ কৰা নহয়৷ সাদৃশানুমান কেৱল সাদৃশ্য জ্ঞানৰ ওপৰতেই প্ৰতিষ্ঠিত৷
(iii) বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সুনিশ্চিত৷ কিন্তু সাদৃশ্যানুমানৰ সিদ্ধান্ত সদায় অনিশ্চিত স্বভাৱৰ বা সম্ভাবনামূলক৷
(iv) বৈজ্ঞানিক আগমনত বিশেষ বিশেষ দৃষ্টান্তসমূহ নিৰীক্ষণ আৰু পৰীক্ষণ--- পৰ্যবেক্ষণৰ উভয় প্ৰকাৰৰ প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰা হয়। কিন্তু সাদৃশ্যানুমানৰ বিশেষ দৃষ্টান্তটো কেৱল নিৰীক্ষণ দ্বাৰাহে সংগ্ৰহ কৰা হয়।
৩। সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্য উল্লেখ কৰা।
উত্তৰ: সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ সাদৃশ্য---(i) সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমন দুয়োটাই প্ৰকৃত আগমন, দুয়োটাতে আগমনৰ মূল লক্ষণ 'আগমনাত্মক জাঁপ' আছে৷
(ii) সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমন উভয়তে পৰ্যবেক্ষণ বা নিৰীক্ষণৰ দ্বাৰা বাস্তৱ দৃষ্টান্ত সংগ্ৰহ কৰা হয়৷
(iii)সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমন উভয়তে কাৰ্যকাৰণ সম্বন্ধৰ বিচাৰ কৰা নহয়৷
(iv)সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমন উভয়ৰে সিদ্ধান্ত অনিশ্চিত স্বভাৱৰ বা সম্ভাৱনামূলক৷
৪। সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ পাৰ্থক্য লিখা৷
উত্তৰ: সাদৃশ্যানুমান আৰু অবৈজ্ঞানিক আগমনৰ পাৰ্থক্য---(i) সাদৃশ্যানুমানত এটা বিশেষ দৃষ্টান্তৰ পৰা আন এটা বিশেষ দৃষ্টান্ত অনুমান কৰা হয়৷ কিন্তু অবৈজ্ঞানিক আগমনত কিছুমান বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়৷
(ii) সাদৃশ্যানুমানৰ মূল ভিত্তি হৈছে দুটা বস্তুৰ মাজত থকা অসম্পূৰ্ণ সাদৃশ্য জ্ঞান৷ আনহাতে, অবৈজ্ঞানিক আগমনৰ মূল ভিত্তি হৈছে অবাধিত অভিজ্ঞাতা বা অভিজ্ঞতাৰ একৰূপতা৷
(iii) সাদৃশ্যানুমানৰ সিদ্ধান্তৰ সম্ভৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে দুটা বস্তুৰ মাজত সাদৃশ্য থকা গুণৰ সংখ্যা আৰুগুৰুত্বৰ ওপৰত৷ আনহাতে, অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তৰ সম্ভাৱনাৰ পৰিমাণ নিৰ্ভৰ কৰে অবাধিত অভিজ্ঞতা বা অভিজ্ঞতাৰ একৰূপতাৰ ওপৰত৷
(iv) সাদৃশ্যানুমানত বস্তুৰ গুণ বা লক্ষণাৰ্থৰ জ্ঞান জন্মে৷ কিন্তু অবৈজ্ঞানিক আগমনত বস্তুৰ সংখ্যা বা বাচ্যাৰ্থ সম্পৰ্কে জ্ঞান জন্মে৷
Comments
Post a Comment