কান্টৰ নীতিতত্ত্বৰ চমু প্ৰশ্নোত্তৰ - Short Questions of Kant's Ethics

কান্টৰ নীতিতত্ত্বৰ চমু প্ৰশ্নোত্তৰ 

(Short Questions of Kant's Ethics)

 ১। What practcal reason?

       ব্যৱহাৰিক বিচাৰ শক্তি কি?

       উত্তৰ বিৱেক৷

২। Kant’s moral theory is found in pure reason / practical reason.

কাণ্টৰ নৈতিক মতবাদ বিশুদ্ধ বিচাৰশক্তি / ব্যৱহাৰিক বিচাৰশক্তিত পোৱা যায়৷

 উত্তৰ ব্যৱহাৰিক বিচাৰশক্তি৷

৩।  Name the any two books of Kant.

কাণ্টৰ যিকোনো দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা৷

উত্তৰ কান্ট দুখন গ্ৰন্থৰ নাম ---

Fundamental Principles of Metaphysics of Morals

 ২৷ Groundwork of the Metaphysics of Morals

 ৪।  ‘Fundamental Principles of Metaphysics of Morals’---- Who is the author of this book?

‘Fundamental Principles of Metaphysics of Morals’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ ইমানুৱেল কান্ট।

৫।  What is autonomy of will?

ইচ্ছাৰ স্বাধীনতা কাক বোলে?

উত্তৰ কাণ্টৰ মতে মানুহৰ ইচ্ছা যেতিয়া বিচাৰ-বুদ্ধিৰ দ্বাৰা প্ৰণোদিত হৈ কৰ্মত প্ৰবৃত্ত হয়, তেতিয়া তাক ইচ্ছা স্বাধীনতা বোলা হয়৷ অন্য কোনো উদ্দেশ্যৰ কথা চিন্তা নকৰি ফলাফল নিৰপেক্ষভাৱে কেৱল মাত্ৰ কৰ্তব্যৰ বাবে কৰ্তব্য সম্পাদন কৰাই স্বাধীন ইচ্ছা৷

 ৬। What do you mean by heteronomy of Will?

 ইচ্ছাৰ পৰাধীনতা কাক বোলে?

উত্তৰ ইচ্ছা যেতিয়া কামনা, বাসনা, প্ৰেম, ঘৃণা, সুখ, দুখ, ইত্যাদি অনুভূতিৰ দ্বাৰা প্ৰভাৱিত হৈ কোনো কৰ্ম সম্পাদন কৰে, তেতিয়া সেই ইচ্ছাক পৰাধীন বোলা হয়৷

৭।    Is Kant’s ethics deontological?

কাণ্টৰ নীতিতত্ত্ব কৰ্তব্যমূলক নে?

উত্তৰ হয়, কৰ্তব্যমূলক৷

৮। Who is the author of ‘Groundwork of the Metaphysics of Morals’?

‘Groundwork of the Metaphysics of Morals’ গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ ইমানুৱেল কান্ট।

৯।   What do you mean by good will?

সদিচ্ছা বুলিলে কি বুজা?

উত্তৰ কাণ্টৰ মতে যি ইচ্ছা ফলাকাংক্ষাবিহীনভাৱে কেৱল কৰ্তব্যবোধৰ চেতনাৰ ওপৰত আধাৰিত তাক শুভ ইচ্ছা বা সদিচ্ছা [good will] বোলা হয়৷ অৰ্থাৎ বিশুদ্ধ কৰ্তব্যৰ চেতনাৰ ওপৰত আধাৰিত ইচ্ছাহে সদিচ্ছা বা শুভ ইচ্ছা৷

১০। What is Kant’s ‘duty for duty's sake’?

কাণ্টৰকৰ্তব্যৰ বাবে কৰ্তব্যকি?

উত্তৰ কাণ্টৰ মতে সমস্ত ধৰণৰ আৱেগ-অনুভূতি সংযত কৰি সদিচ্ছা প্ৰণোদিত হৈ নৈতিক নিয়ম অনুসাৰে কেৱল বিবেকৰ নিৰ্দেশ মতে কৰা কৰ্মই হৈছে কৰ্তব্যৰ বাবে কৰ্তব্য সাধন৷

১১।  What is categorical imperative?

চৰ্তহীন আদেশ কাক বোলে?

উত্তৰ চৰ্তহীন আদেশ এনে আদেশ ফলাফলৰ আকাংক্ষাবিহীনভাৱে আৱেগ শূন্য হৈ সদিচ্ছাৰ দ্বাৰা প্ৰণোদিত হৈ কেৱল কৰ্তব্যৰ খাতিৰত নৈতিক নিয়ম পালন কৰা হয়৷

১২।  What is conditional imperative?

চৰ্তাধীন আদেশ কাক বোলে?

উত্তৰ যি আদেশ কোনো উদ্দেশ্য সাধনৰ বাবে পালন কৰা হয় তাক কোৱা হয় চৰ্তাধীন আদেশ৷ চৰ্তাধীন আদেশ সদায় ফলাফলৰ আশাত পালিত আদেশ৷ অৰ্থাৎ এনে আদেশত কোনো চৰ্ত নিহিত থাকে৷ যেনেযদি তুমি পৰীক্ষাত ভাল ফলাফল লাভ কৰিব বিচৰা, তেনেহলে ভালদৰে পঢ়িব লাগিব৷

১৩। What is assertorical imperative?

 বাস্তৱ আদেশ কাক বোলে?

উত্তৰ যি আদেশৰ ক্ষেত্ৰত প্ৰত্যেক বিচাৰ-বুদ্ধিসম্পন্ন কৰ্মকৰ্তা লক্ষ্যটোক নিজৰ স্বভাৱবশতঃ পাব বিচাৰে, তাক বাস্তৱ আদেশ বা দৃঢ় উক্তিমূলক আদেশ বোলা হয়৷ যেনেমানুহ মাত্ৰই সুখ লাভ কৰিব বিচাৰে৷

১৪। What is the meaning of the statement ‘‘Thou oughtest, therefore, thou canst’’?

‘‘তোমাৰ কৰা উচিত মানে তুমি কৰিবলৈ সক্ষম’’ উক্তিটোৰ অৰ্থ কি?

উত্তৰ ‘‘তোমাৰ কৰা উচিত মানে তুমি কৰিবলৈ সক্ষম’’-- এই উক্তিটোৰ তাৎপৰ্য এয়ে যে, যেতিয়া কোনো মানুহক কোৱা হয়তোমাৰ এই কামটো কৰা উচিত’, তেতিয়া আমাৰ স্বীকাৰ কৰি লাগিব যে সেই মানুহজনৰ কামটো কৰাৰ ক্ষমতা আছে আৰু কামটো কৰা বা নকৰাৰ ক্ষেত্ৰত মানুহজনৰ ইচ্ছাৰ স্বাধীনতাও [Freedom of will] আছে৷ যি কৰা উচিত সেইটো কৰাৰ ক্ষমতা মানুহজনৰ থাকে, কিন্তু কৰাটো মানুহজনৰ নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে৷

১৫। Are Kant’s maxims universal?

 কাণ্টৰ নীতিবাক্য কেইটা সাৰ্বিক নে?

 উত্তৰ হয়, সাৰ্বিক৷

১৬। What are the maxims of categorical imperative?

চৰ্তহীন আদেশৰ মূল সূত্ৰ কেইটা কি কি?

 উত্তৰ চৰ্তহীন আদেশৰ মূল সূত্ৰ তিনিটা

১৷ ‘‘এনে কৰ্মনীতি অনুসৰি কাম কৰা, যি নিয়মক এটি সৰ্বজনীন নিয়মৰূপে তুমি কামনা কৰিব পাৰা৷ ’’

২৷ ‘‘মানুহৰ প্ৰতি এনে আচৰণ কৰা, সেইটো তুমি নিজেই হোৱা বা আন কোনোবাই হওক, যাতে মানুহক উপায় হিচাপে ব্যৱহাৰ নকৰি সদায় উদ্দেশ্য হিচাপে ব্যৱহাৰ কৰা যায়৷ ’’

৩৷ ‘‘লক্ষ্য বা আদৰ্শৰ ৰাজ্যৰ এজন সদস্য হিচাপে কাম কৰা৷ ’’

১৭।  Does Kant’ব্দ rationalism suffer from formalism?

কাণ্টৰ বিচাৰবাদ আকাৰবাদত ভোগে নে?

উত্তৰ নাভোগে৷

১৮।   What do you mean by paradox of asceticism?

কৃচ্ছ্ৰতাবাদৰ বিৰোধাভাস বুলিলে কি বুজা?

উত্তৰ কাণ্টৰ মতে মানুহৰ নৈতিক জীৱন ইন্দ্ৰিয় প্ৰবৃত্তি বা জীৱবৃত্তিৰ আৰু বিচাৰ-বুদ্ধি বা বুদ্ধিবৃত্তিৰ চিৰসংগ্ৰাম৷ মানুহ যিমানেই তেওঁৰ ব্যৱহাৰিক প্ৰজ্ঞাৰ দ্বাৰা এই ইন্দ্ৰিয় প্ৰবৃত্তিক নিয়ন্ত্ৰিত কৰি, বিশুদ্ধ বুদ্ধিৰ জীৱন-যাপনত অগ্ৰসৰ হয়, সিমানেই এই বিৰোধিতা কমিয়েই থাকে৷ এনেদৰে বিচাৰ-বুদ্ধিৰ দ্বাৰা ইন্দ্ৰিয় প্ৰবৃত্তিক নিয়ন্ত্ৰণ কৰোঁতে কৰোঁতে এদিন এনে এটা অৱস্থা আহিব ইন্দ্ৰিয় প্ৰবৃত্তিৰ সম্পূৰ্ণৰূপে বশভূত আৰু ফলস্বৰূপে দ্বন্দ্ব্ব বা বিৰোধৰ অৱসান ঘটিব৷ কিন্তু এই বিৰোধৰ যেতিয়া অৱসান ঘটিব তেতিয়া নৈতিক জীৱন বুলি দৰাচলতে একোৱেই নাথাকিব৷ ইয়াকে মূৰহেডে [Muirhead] কৃচ্ছ্ৰতাবাদ বা বিচাৰবাদৰ বিৰোধাভাস [Paradox of Asceticism or Rationalism] বুলি অভিহিত কৰিছে৷

১৯। What is the maxim of Kant’s morality?

কাণ্টৰ নৈতিকতাৰ সূত্ৰটো কি?

উত্তৰ কান্ট নৈতিকতাৰ সূত্ৰটো --- এনে কৰ্মনীতি অনুসৰি কাম কৰা, যি নিয়মক এটি সৰ্বজনীন নিয়মৰূপে তুমি কামনা কৰিব পাৰা’’

২০। According to Kant, reason is / is not the ground of morality.

কাণ্টৰ মতে, নৈতিকতাৰ পটভূমি যুক্তি হয় / নহয়৷

উত্তৰ হয়৷

২১।  Why Kant rejects the teleological ethics? কাণ্টে কিয় ফলসাপেক্ষ নীতিক অস্বীকাৰ কৰিছে?

উত্তৰ কৰ্তব্যবাদী কাKI× মতে কৰ্মৰ স্বকীয় মূল্য আছে, কৰ্ম সৰ্বদা স্বতঃমূল্যৱান৷ কিন্তু ফলসাপেক্ষ নীতিত কৰ্মৰ পৰকীয় মূল্যক স্বীকাৰ কৰা হৈছে৷ সেইকাৰণে কান্টে ফলসাপেক্ষ নীতিক অস্বীকাৰ কৰিছে৷

২২।  What is deontological ethics?

কৰ্তব্যমূলক নৈতিক মতবাদ কি?

উত্তৰ যি নৈতিক মতবাদ অনুসৰি কোনো কৰ্ম বা কৰ্মনীতি ভাল বা উচিত যদিহে সেই কৰ্ম বা কৰ্মনীতি স্বতঃমূল্যৱান হয়, তাক কৰ্তব্যমূল নৈতিক মতবাদ বোলা হয়৷  কৰ্তব্যমূলক নৈতিক মতবাদ অনুসৰি কৰ্মৰ স্বকীয় মূল্য আছে, কৰ্ম এটা নিজ গুণে ভাল৷

২৩।  According to Kant, moral law is----- 

(i) apriori and is based on reason.

                       Or

(ii) a posteriori and is based on reason.

 কাণ্টৰ মতে, নৈতিক নিয়ম -----

 [] অভিজ্ঞতাপূৰ্ব আৰু বিচাৰ-বুদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত

                            নাইবা

 [] অভিজ্ঞতালব্ধ আৰু বিচাৰ-বুদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত

উত্তৰ [] অভিজ্ঞতাপূৰ্ব আৰু বিচাৰ-বুদ্ধিৰ ওপৰত প্ৰতিষ্ঠিত

২৪। What is rule-deontological ethical theory?

 নীতি-কৰ্তব্যমূলক নৈতিক মতবাদ কাক বোলে?

 উত্তৰ নিয়ম-কৰ্তব্যমূলক নৈতিক মতবাদ অনুসৰি এটা বিশেষ পৰিস্থিতিত আমাৰ কি কৰা উচিত বা অনুচিত তাক নিৰ্ধাৰণ কৰা হয় কিছুমান বিশেষ নিয়মৰ দ্বাৰা৷ ব্যক্তিগত জীৱনত যিবিলাক নৈতিক নিয়মৰ ভিত্তিত কাম কৰিলে কামটো উচিত , সেইবিলাক নিয়মেই ইয়াত বিবেচনা কৰা হয়৷

২৫।  What is act-deontological ethical theory?

কৰ্ম-কৰ্তব্যমূলক নৈতিক মতবাদ কাক বোলে?

উত্তৰ কৰ্ম-কৰ্তব্যমূলক নৈতিক মতবাদ অনুসৰি কোনো কৰ্ম বা কৰ্মনীতি উচিত নে অনুচিত তাক নিৰ্ধৰণ কৰাৰ মানদণ্ড বিশেষ পৰিস্থিতি, কোনো বিশেষ কৰ্মনীতি নহয়৷ কোনো বিশেষ পৰিস্থিতি অনুসৰি আমি কোনটো উচিত কোনটো অনুচিত তাক নিৰ্ধাৰণ কৰিবলগা হয়৷

২৬।  Kant supports teleological / deontologiccal ethics.

কাণ্টে ফলসাপেক্ষ বা উদ্দেশ্যমূলক নৈতিক মতবাদ / কৰ্তব্যমূলক নৈতিক মতবাদ সমৰ্থন কৰে৷

উত্তৰ কৰ্তব্যমূলক নৈতিক মতবাদ সমৰ্থন কৰে৷

২৭।  What are the two forms of deontological ethics?

কৰ্তব্যমূলক নৈতিক মতবাদৰ ৰূপ দুটা কি কি?

উত্তৰ কৰ্তব্যমূলক নৈতিক মতবাদৰ ৰূপ দুটা

[] নীতি-কৰ্তব্যমূলক নৈতিক মতবাদ; আৰু [] কৰ্ম-কৰ্তব্যমূলক নৈতিক মতবাদ৷

২৮। Kant was a advocate of rule-deontological ethics / act-deontological ethics.

কাণ্ট নীতি-কৰ্তব্যমূলক নৈতিক মতবাদ / কৰ্ম-কৰ্তব্যমূলক নৈতিক মতবাদৰ প্ৰৱক্তা আছিল৷

উত্তৰ নীতি-কৰ্তব্যমূলক নৈতিক মতবাদ৷

২৯। What are the two aspects of reason, according to Kant?

কাণ্টৰ মতে, বিচাৰ-বুদ্ধিৰ দিশ দুটা কি কি?

উত্তৰ কান্টৰ মতে বিচাৰ-বুদ্ধি দিশ দুটা --- [] বিশুদ্ধ বিচাৰ শক্তি [pure reason] আৰু [] ব্যৱহাৰিক বিচাৰ শক্তি [practical reason]

৩০।  Is Kant a deontologist?

কাণ্ট এজন কৰ্তব্যবাদী নে?

উত্তৰ হয়, কান্টৰ এজন কৰ্তব্যবাদী৷


অন্যান্য লিংক:

ক্লাছ ভিডিঅ'

পিডিএফ ডাউনলোড কৰক

জৈন নীতিতত্ত্বৰ চমু প্ৰশ্নোত্তৰ

বৰ্ণধৰ্ম বা চতুবৰ্ণ

Comments

Post a Comment

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?