এৰিষ্ট'টলৰ চাৰি কাৰণ তত্ত্ব (Aristotle's Four Cuses)
১। এৰিষ্টটলৰ মতে কাৰণ কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰ : এৰিষ্টটলৰ মতে কাৰণ চাৰিবিধ–
(i) উপাদান কাৰণ;
(ii) আকাৰগত কাৰণ;
(iii) নিমিত্ত কাৰণ; আৰু
(iv) উদ্দেশ্য বা পৰিণতি কাৰণ৷
২। উপাদান কাৰণ কাক বোলে?
উত্তৰ : কোনো এটা বস্তু যি পদাৰ্থৰে গঠিত সি বস্তুটোৰ উপাদান কাৰণ৷ উপাদান কাৰন হল কেচা সামগ্ৰী বা পদাৰ্থ যাৰ সহায়ত কোনো এটা বস্তু তৈয়াৰ কৰা হয়৷ উদাহৰণস্বৰূপে, মাৰ্বল পাথৰেৰে ভূপেন হাজৰিকাৰ মুৰ্ত্তি এটা সজালে মাৰ্বল পাথৰ হ’ব উপাদান কাৰণ৷
৩। আকাৰগত কাৰণ কাক বালে?
উত্তৰ : উপাদান বা পদাৰ্থৰ ওপৰত যি আকাৰ বা ৰূপ দি বস্তুটো গঠন কৰা হয়, সি হ’ল বস্তুটোৰ আকাৰগত কাৰণ৷ উদাহৰণস্বৰূপে, মাৰ্বল পাথৰক ভূপেন হাজৰিকাৰ ৰূপ দিয়া হলে সি হ’ব আকাৰগত কাৰণ৷
৪। নিমিত্ত কাৰণ কাক বোলে?
উত্তৰ : কোনে বস্তু যি শক্তিৰ দ্বাৰা অস্তিত্ব লাভ কৰে বা গতিপ্ৰাপ্ত হয়, সেই শক্তি, দক্ষতা বা কৌশলেই হ’ল বস্তুটোৰ নিমিত্ত কাৰণ৷ উদাহৰণস্বৰূপে, ভূপেন হাজৰিকাৰ মুৰ্তিটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত ভাস্কৰৰ শক্তি, দক্ষতা বা কৌশল হ’ল নিমিত্ত কাৰণ৷
৫। উদ্দেশ্য বা পৰিণতি কাৰণ কাক বোলে?
উত্তৰ : যি লক্ষ্য বা উদ্দেশ্যত কোনো এটা বস্তু তৈয়াৰ কৰা হয়, তাক উদ্দেশ্য বা পৰিণতি কাৰণ বোলা হয়৷ উদাহৰণস্বৰূপে, ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষাৰ নিমিত্তে মুৰ্ত্তি এটা সজালে “ভূপেন হাজৰিকাৰ স্মৃতি ৰক্ষা” মুৰ্ত্তিটোৰ উদ্দেশ্য কাৰণ৷
Comments
Post a Comment