Posts

Showing posts from August, 2021

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

Image
১।  নিৰীক্ষণ বা সৰল পৰ্যবেক্ষণ কাক বোলে ?  Ans :   কোনো এটা নিৰ্দিষ্ট উদ্দেশ্য অনুসৰি প্ৰাকৃতিক পৰিৱেশত কোনো প্ৰাকৃতিক ঘটনাক সু - নিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰাক নিৰীক্ষণ বোলা হয়৷ ২।  নিৰীক্ষণৰ বৈশিষ্ট্য  বা লক্ষণ সমূহ উল্লেখ কৰা৷   Ans :   নিৰীক্ষণৰ বৈশিষ্ট্য   বা লক্ষণ সমূহ – (i) নিৰীক্ষণ এক প্ৰকাৰৰ প্ৰত্যক্ষ৷ অৰ্থাৎ নিৰীক্ষণত অন্বেষণীয় বিষয়বস্তুক পঞ্চ ইন্দ্ৰিয়ৰ মাধ্যমত পৰ্যবেক্ষণ কৰা হয়৷ (ii) নিৰীক্ষণ সদায় উদ্দেশ্য প্ৰণোদিত৷ নিৰীক্ষণৰ অন্তৰালত সদায় এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্য অনুসৰি বিষয়বস্তুক প্ৰত্যক্ষ কৰা হয়৷ (iii) নিৰীক্ষণ অনিবাৰ্যভাৱে নিবাৰ্চনাত্মক৷ নিৰীক্ষণত উদ্দেশ্য অনুসৰি বিষয়বস্তুক নিৰ্বাচন  কৰি লোৱা হয়৷ (iv) নিৰীক্ষণৰ ক্ষেত্ৰত প্ৰাকৃতিক ঘটনাক প্ৰত্যক্ষ কৰা হয়৷ নিৰীক্ষণৰ ক্ষেত্ৰত ঘটনাৱলীৰ কাৰণে প্ৰকৃতিৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ প্ৰাকৃতিক নিয়মত যেতিয়া কোনো ঘটনা ঘটে তেতিয়াই আমি তাক নিৰীক্ষণ কৰিব পা...

পৰ্যবেক্ষণ দোষ বা নিৰীক্ষণ দোষ, পৰ্যবেক্ষণ দোষৰ প্ৰকাৰ, অনবেক্ষণ দোষ বা অপৰ্যবেক্ষণ দোষ, ভ্ৰান্ত পৰ্যবেক্ষণ দোষ, অপৰ্যবেক্ষণ দোষ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ পাৰ্থক্য

১। পৰ্যবেক্ষণ বা নিৰীক্ষণ দোষ বুলিলে কি বুজা ? Ans :   আমাৰ অমনোযোগিতাৰ কাৰণে নাইবা পক্ষপাতিত্ব , পূবৰ্ধাৰণা , কু - সংস্কাৰ আদিৰ প্ৰভাৱত অথবা ইন্দ্ৰিয়াদিৰ দোষত পৰ্যবেক্ষণ প্ৰায়েই দোষমুক্ত হৈ পৰে৷ এনে দোষক পৰ্যবেকণ দোষ   বোল হয়৷ যেনে – ৰচি এডালক সাপ বুলি দেখা , কৱচ পিন্ধিলে জীৱনত সফলতা লাভ কৰিব পাৰি বুলি ভবা ইত্যাদি পৰ্যবক্ষণ   দো ষ৷ ২। পৰ্যবক্ষণ   দোষ   কেই প্ৰকাৰৰ আৰু কি কি ? Ans :   পৰ্যবক্ষণ দোষ   দুই প্ৰকাৰৰ – (i) অপৰ্যবেক্ষণ দোষ বা অনবেক্ষণ দোষ৷ (ii) ভ্ৰান্ত পৰ্যবক্ষণ   দোষ। ৩। অপৰ্যবেক্ষণ বা অনবেক্ষণ দোষ কাক বোলে ? Ans :  পৰ্যবক্ষণৰ   স ময়ত যি যি লক্ষ্য কৰা বা দেখা উচিত তাক লক্ষ্য নকৰা বা নেদেখাৰ ফলত পৰ্যবেক্ষণৰ যি দোষ ঘটে তাক অ - পৰ্যবেক্ষণ বা অনবেক্ষণ দোষ বোলে৷ যেনে – কৱচ পিন্ধিলে জীৱনত সফলতা লাভ কৰা যায় , ৰাতি পুৱাৰ সপোন সফল হয় ইত্যাদি সিদ্ধান্ত অপৰ্যবেক্ষণ দোষযুক্ত৷ ৪।  অপৰ্যবেক্ষণ বা অনবেক্ষণ দোষ কেই প্...

আগমনৰ বস্তুগত ভিত্তি, নিৰীক্ষণ আৰু পৰীক্ষণক কিয় আগমনৰ বস্তুগত ভিত্তি বোলা হয়, পৰ্যবেক্ষণ কাক বোলে, পৰ্যবেক্ষণ বা নিৰীক্ষণৰ বৈশিষ্ট্য, নিৰীক্ষণ বা পৰ্যবক্ষণৰ চৰ্তসমুহ

১।  আগনৰ বস্তুগত ভিত্তি কি কি ? Ans :   পৰ্যবেক্ষণ আগমনৰ বস্তুগত ভিত্তি৷ পৰ্যবেক্ষণ দুই প্ৰকাৰৰ – নিৰীক্ষণ আৰু পৰীক্ষণ৷ গতিকে নিৰীক্ষণ আৰু পৰীক্ষণেই হ ’ ল আগমনৰ বস্তুগত ভিত্তি৷ ২।    নিৰীক্ষণ আৰু পৰীক্ষণক কিয় আগনৰ বস্তুগত ভিত্তি বুলি কোৱা হয় ? উত্তৰ ঃ নিৰীক্ষণ আৰু পৰীক্ষণ আগমন বস্তুগত ভিত্তি৷ কাৰণ নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা আগমনৰ বিশেষ বিশেষ দৃষ্টান্তবোৰ বাস্তুৱ জগতৰ পৰা সংগ্ৰহ কৰা হয় আৰু এই বাস্তুৱ দৃষ্টান্তবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আগমনে বস্তুগতভাৱে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে৷   ৩।   পৰ্যবেক্ষণ কাক বোলে ? Ans :   নিৰ্দিষ্ট উদ্দেশ্য প্ৰণোদিত , সু - নিয়ন্ত্ৰিত , প্ৰত্যক্ষই পৰ্যৱেক্ষণ৷ অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট উদ্দেশ্যৰ দ্বাৰা প্ৰণোদিত হৈ সতৰ্কভাৱে যেতিয়া কোনো এটা ঘটনাক সু - নিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰা  হয় , তেতিয়া তাক পৰ্যবেক্ষণ বোলে৷ ৪।  পৰ্যবেক্ষণৰ বৈশিষ্ট্য বা লক্ষণ সমূহ উল্লেখ কৰা ৷   Ans :  পৰ্যবেক্ষণৰ বৈশি...

ভাৰতীয় দৰ্শন মতে কাৰণ কেই প্ৰকাৰৰ, সমবায়ী কাৰণ, অসমবায়ী কাৰণ, নিমিত্ত কাৰণ, সৎকাৰ্যবাদ আৰু অসৎকাৰ্যবাদ

  ১। ভাৰতীয় ন্যায় দৰ্শন অনুসৰি কাৰণ কেই প্ৰকাৰৰ আৰু কি কি ? Ans:   ভাৰতীয় ন্যায় দৰ্শন অনুসৰি কাৰণ তিনি প্ৰকাৰৰ – (i) সমবায়ী কাৰণ৷ (ii) অসমবায়ী কাৰণ৷ (iii) নিমিত্ত   কাৰণ৷ ২।   সমবায়ী কাৰণ কাক বোলে ? Ans:   যি দ্ৰব্য উপাদানেৰে কাৰ্য উৎপন্ন কৰা হয় তাক সমবায়ী কাৰণ বোলে৷ যেনে – বস্ত্ৰ সূতাৰে তৈয়াৰী৷ গতিকে সূতা বস্ত্ৰৰ সমবায়ী কাৰণ৷ ৩।  অসমবায়ী কাৰণ কাক বোলে ? Ans:   উপাদান কাৰণক আশ্ৰয় কৰি থকা কোনো গুণ বা ক্ৰিয়াক অসমবায়ী কাৰণ বোলে৷ যেনে – সূতাৰ সংযোগ নাইবা বগা ৰং বস্ত্ৰখনৰ অসমবায়ী কাৰণ৷ ৪।  নিমিত্ত কাৰণ কাক বোলে ? Ans :   কোনো বস্তু যি শক্তিৰ দ্বাৰা অস্তিত্ব লাভ কৰে বা গতিপ্ৰাপ্ত হয় সেই শক্তি , দক্ষতা বা কৌশলেই হ ’ ল বস্তুটোৰ নিমিত্ত কাৰণ৷ উদাহৰণস্বৰূপে , ভূপেন হাজৰিকাৰ মূৰ্ত্তিটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত ভাস্কৰৰ শক্তি , দক্ষতা আৰু কৌশল হ ’ ল নিমিত্ত কাৰণ৷ ৫।  সৎ কাৰ্যবাদ কাক বোলে ? Ans :   যি মতবাদ অনুসৰি কাৰ্য উ...