আগমনৰ বস্তুগত ভিত্তি, নিৰীক্ষণ আৰু পৰীক্ষণক কিয় আগমনৰ বস্তুগত ভিত্তি বোলা হয়, পৰ্যবেক্ষণ কাক বোলে, পৰ্যবেক্ষণ বা নিৰীক্ষণৰ বৈশিষ্ট্য, নিৰীক্ষণ বা পৰ্যবক্ষণৰ চৰ্তসমুহ

১। আগনৰ বস্তুগত ভিত্তি কি কি?

Ans : পৰ্যবেক্ষণ আগমনৰ বস্তুগত ভিত্তি৷ পৰ্যবেক্ষণ দুই প্ৰকাৰৰনিৰীক্ষণ আৰু পৰীক্ষণ৷ গতিকে নিৰীক্ষণ আৰু পৰীক্ষণেই আগমনৰ বস্তুগত ভিত্তি৷

২।  নিৰীক্ষণ আৰু পৰীক্ষণক কিয় আগনৰ বস্তুগত ভিত্তি বুলি কোৱা হয়?

উত্তৰ নিৰীক্ষণ আৰু পৰীক্ষণ আগমন বস্তুগত ভিত্তি৷ কাৰণ নিৰীক্ষণ আৰু পৰীক্ষণৰ দ্বাৰা আগমনৰ বিশেষ বিশেষ দৃষ্টান্তবোৰ বাস্তুৱ জগতৰ পৰা সংগ্ৰহ কৰা হয় আৰু এই বাস্তুৱ দৃষ্টান্তবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আগমনে বস্তুগতভাৱে যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰে৷ 

৩।  পৰ্যবেক্ষণ কাক বোলে?

Ans : নিৰ্দিষ্ট উদ্দেশ্য প্ৰণোদিত, সু-নিয়ন্ত্ৰিত, প্ৰত্যক্ষই পৰ্যৱেক্ষণ৷ অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট উদ্দেশ্যৰ দ্বাৰা প্ৰণোদিত হৈ সতৰ্কভাৱে যেতিয়া কোনো এটা ঘটনাক সু-নিয়ন্ত্ৰিতভাৱে প্ৰত্যক্ষ কৰা হয়, তেতিয়া তাক পৰ্যবেক্ষণ বোলে৷

৪।  পৰ্যবেক্ষণৰ বৈশিষ্ট্য বা লক্ষণ সমূহ উল্লেখ কৰা 

Ans : পৰ্যবেক্ষণৰ বৈশিষ্ট্য

(i) পৰ্যবেক্ষণ এক প্ৰকাৰৰ প্ৰত্যক্ষ৷ অৰ্থাৎ পৰ্যবেক্ষণত অন্বেষণীয় বিষয় বা বস্তু ইন্দ্ৰিয়ৰ মাধ্যমত প্ৰত্যক্ষ কৰা হয়৷

(ii) পৰ্যবেক্ষণ সদায় উদ্দেশ্য প্ৰণোদিত৷ পৰ্যবেক্ষণৰ অন্তৰালত সদায় এটা উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্য অনুসৰি বিষয়বস্তু প্ৰত্যক্ষ কৰা হয়৷

(iii) পৰ্যবেক্ষণ অনিবাৰ্যভাৱে নিৰ্বাচনাত্মক৷ পৰ্যবেক্ষণত প্ৰত্যক্ষিত বিষয়বস্তুক উদ্দেশ্য অনুসৰি নিবাৰ্চন কৰি লোৱা হয়৷

(iv) পৰ্যবেক্ষণ সু-নিশ্চিত প্ৰত্যক্ষ৷ মনক বিক্ষিপ্ত অৱস্থাৰ পৰা অতি সতৰ্কতাৰে আৰু সযতেনেৰে নিয়ন্ত্ৰিত কৰি আনি কেৱল নিৰ্বাচিত বিষয়বস্তুক প্ৰত্যক্ষ কৰাই পৰ্যবেক্ষণ৷

৫।  পৰ্যবেক্ষণ বা নিৰীক্ষণৰ চৰ্তসমূহ উল্লেখ কৰা৷

Ans : তৰ্কবিজ্ঞানী জয়ছে পৰ্যবেক্ষণৰ তিনিটা চৰ্তৰ উল্লেখ কৰিছে৷ যেনে

(i) বৌদ্ধিক চৰ্ত পৰ্যবেক্ষণৰ বৌদ্ধিক চৰ্ত হৈছে জ্ঞানৰ আকাংক্ষা৷ যি ব্যক্তিৰ জ্ঞানৰ আকাংক্ষা নাই, তেনে ব্যক্তিৰ দ্বাৰা সাধাৰণভাবে প্ৰত্যক্ষ কৰা সম্ভব হ'লেও বিশুদ্ধ পৰ্যবেক্ষণ সম্ভব নহয়৷ প্ৰকৃততে জ্ঞানৰ আকাংক্ষাই আমাৰ মনত পৰ্যবেক্ষণ কৰাৰ প্ৰেৰণা যোগায়৷

(ii) দৈহিক বা শাৰীৰিক চৰ্ত পৰ্যবেক্ষণৰ দৈহিক চৰ্ত হৈছে সুস্থ-সৱল ইন্দ্ৰিয়৷ নিৰ্ভুলভাৱে পৰ্যবেক্ষণ কৰিবলৈ লে আমাৰ ইন্দ্ৰিয়বোৰ নিৰ্দোষ আৰু সুস্থ হোৱা দৰকাৰ৷

(iii) নৈতিক চৰ্ত পৰ্যবেক্ষণৰ নৈতিক চৰ্ত হৈছে নিৰপেক্ষ মন৷ নিৰ্ভুলভাৱে পৰ্যবেক্ষণ কৰিবলৈ হলে আমাৰ বাবে প্ৰয়োজন এটি কু-সংস্কাৰযুক্ত, পূৰ্বধাৰণা আৰু পক্ষপাতিত্ব শূন্য নিৰপেক্ষ মন৷

ডাউনলোড 

আগমনৰ ভিত্তি: আকাৰগত আৰু বস্তুগত


Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?