ভাৰতীয় দৰ্শন মতে কাৰণ কেই প্ৰকাৰৰ, সমবায়ী কাৰণ, অসমবায়ী কাৰণ, নিমিত্ত কাৰণ, সৎকাৰ্যবাদ আৰু অসৎকাৰ্যবাদ
১। ভাৰতীয় ন্যায় দৰ্শন অনুসৰি কাৰণ কেই প্ৰকাৰৰ আৰু কি কি?
Ans: ভাৰতীয় ন্যায় দৰ্শন অনুসৰি কাৰণ তিনি প্ৰকাৰৰ–
(i) সমবায়ী কাৰণ৷
(ii) অসমবায়ী কাৰণ৷
(iii) নিমিত্ত কাৰণ৷
২। সমবায়ী কাৰণ কাক বোলে?
Ans: যি দ্ৰব্য উপাদানেৰে কাৰ্য উৎপন্ন কৰা হয় তাক সমবায়ী কাৰণ বোলে৷ যেনে– বস্ত্ৰ সূতাৰে তৈয়াৰী৷ গতিকে সূতা বস্ত্ৰৰ সমবায়ী কাৰণ৷
৩। অসমবায়ী কাৰণ কাক বোলে?
Ans: উপাদান কাৰণক আশ্ৰয় কৰি থকা কোনো গুণ বা ক্ৰিয়াক অসমবায়ী কাৰণ বোলে৷ যেনে– সূতাৰ সংযোগ নাইবা বগা ৰং বস্ত্ৰখনৰ অসমবায়ী কাৰণ৷
৪। নিমিত্ত কাৰণ কাক বোলে?
Ans : কোনো বস্তু যি শক্তিৰ দ্বাৰা অস্তিত্ব লাভ কৰে বা গতিপ্ৰাপ্ত হয় সেই শক্তি, দক্ষতা বা কৌশলেই হ’ল বস্তুটোৰ নিমিত্ত কাৰণ৷ উদাহৰণস্বৰূপে, ভূপেন হাজৰিকাৰ মূৰ্ত্তিটো তৈয়াৰ কৰাৰ ক্ষেত্ৰত ভাস্কৰৰ শক্তি, দক্ষতা আৰু কৌশল হ’ল নিমিত্ত কাৰণ৷
৫। সৎ কাৰ্যবাদ কাক বোলে?
Ans : যি মতবাদ অনুসৰি কাৰ্য উৎপাদনৰ পূর্বে কাৰণত নিহিত থাকে তাক সৎকাৰ্যবাদ বোলে৷ যেনে--- উৎপাদনৰ পূৰ্বে তেল সৰিহত নিহিত থাকে৷ সংখ্যা-যোগ্য দৰ্শন সৎকাৰ্যবাদৰ সমৰ্থক৷
৬। অসৎকাৰ্যবাদ কাক বোলে?
Ans : যি মতবাদ অনুসৰি কাৰ্য উৎপাদনৰ পূর্বে কাৰণত নিহিত নাথাকে, কাৰ্যটো এটা নতুন সৃষ্টি, তাক অসৎকাৰ্যবাদ বোলা হয়৷ যেনে-- উৎপাদনৰ পূৰ্বে ঘট মাটিত নিহিত নাথাকে, ঘট এক নতুন সৃষ্টি৷ ন্যায়-বৈশেষিক দৰ্শন অসৎকাৰ্যবাদৰ সমৰ্থক৷
ডাউনলোড
Comments
Post a Comment