পৰ্যবেক্ষণ দোষ বা নিৰীক্ষণ দোষ, পৰ্যবেক্ষণ দোষৰ প্ৰকাৰ, অনবেক্ষণ দোষ বা অপৰ্যবেক্ষণ দোষ, ভ্ৰান্ত পৰ্যবেক্ষণ দোষ, অপৰ্যবেক্ষণ দোষ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ পাৰ্থক্য

১। পৰ্যবেক্ষণ বা নিৰীক্ষণ দোষ বুলিলে কি বুজা?

Ans : আমাৰ অমনোযোগিতাৰ কাৰণে নাইবা পক্ষপাতিত্ব, পূবৰ্ধাৰণা, কু-সংস্কাৰ আদিৰ প্ৰভাৱত অথবা ইন্দ্ৰিয়াদিৰ দোষত পৰ্যবেক্ষণ প্ৰায়েই দোষমুক্ত হৈ পৰে৷ এনে দোষক পৰ্যবেকণ দোষ বোল হয়৷ যেনেৰচি এডালক সাপ বুলি দেখা, কৱচ পিন্ধিলে জীৱনত সফলতা লাভ কৰিব পাৰি বুলি ভবা ইত্যাদি পৰ্যবক্ষণ  দোষ৷

২। পৰ্যবক্ষণ  দোষ কেই প্ৰকাৰৰ আৰু কি কি?

Ans : পৰ্যবক্ষণ দোষ দুই প্ৰকাৰৰ

(i) অপৰ্যবেক্ষণ দোষ বা অনবেক্ষণ দোষ৷

(ii) ভ্ৰান্ত পৰ্যবক্ষণ  দোষ।

৩। অপৰ্যবেক্ষণ বা অনবেক্ষণ দোষ কাক বোলে?

Ans : পৰ্যবক্ষণৰ  সময়ত যি যি লক্ষ্য কৰা বা দেখা উচিত তাক লক্ষ্য নকৰা বা নেদেখাৰ ফলত পৰ্যবেক্ষণৰ যি দোষ ঘটে তাক -পৰ্যবেক্ষণ বা অনবেক্ষণ দোষ বোলে৷ যেনেকৱচ পিন্ধিলে জীৱনত সফলতা লাভ কৰা যায়, ৰাতি পুৱাৰ সপোন সফল হয় ইত্যাদি সিদ্ধান্ত অপৰ্যবেক্ষণ দোষযুক্ত৷

৪। অপৰ্যবেক্ষণ বা অনবেক্ষণ দোষ কেই প্ৰকাৰ আৰু কি কি?

Ans : অপৰ্যবেক্ষণ বা অনবেক্ষণ দোষ দুই প্ৰকাৰৰ

(i) আৱশ্যকীয় দৃষ্টান্তৰ অপৰ্যবেক্ষণ দোষ৷

(ii) আৱশ্যকীয় পাৰিপাশ্বিৰ্ক অৱস্থাৰ অপৰ্যবেক্ষণ দোষ৷

৫। আৱশ্যকীয় দৃষ্টান্তৰ অপৰ্যবেক্ষণ দোষ কাক বোলে?

Ans : কোনো ঘটনাৰ কাৰ্য বা কাৰণ নিৰ্ণয়ৰ বাবে যিবোৰ দৃষ্টান্ত আৱশ্যক সেই সকলোবোৰকেই পৰ্যবেক্ষণ কৰা উচিত৷ কিন্তু যদি এই আবশ্যকীয় দৃষ্টান্তবোৰৰ কিছুমানক পৰ্যবক্ষণ  কৰা নহয়, তেনেহলে তাক আৱশ্যকীয় দৃষ্টান্তৰ অপৰ্যবেক্ষণ দোষ বোল হয়৷ যেনেকৱচ পিন্ধিলে জীৱনত সফলতা লাভ কৰা যায়, ৰাতিপুৱাৰ সপোন সফল হয় ইত্যাদিৰ ক্ষেত্ৰত আৱশ্যকীয় দৃষ্টান্তৰ অপৰ্যবেক্ষণ দোষ ঘটে৷

৬। আৱ্যশকীয় পাৰিপাশ্বিৰ্ক অৱস্থাৰ অপৰ্যবেক্ষণ দোষ কাক বোলে?

Ans : যদি পূবৰ্নিৰ্ধাৰণৰ বশৱৰ্ত্তী হৈ নাইবা ব্যগ্ৰতাবশতঃ আৱশ্যকীয় সকলোবোৰ অৱস্থাক ভালদৰে লক্ষ্য নকৰি কোনো এটা মাত্ৰ পূবৰ্বত¹ অৱস্থাক ঘটনাটোৰ সম্পূৰ্ণ কাৰণ বুলি ধৰা হয়, তেনেহলে তাক আৱশ্যকীয় পাৰিপাশ্বিৰ্ক অৱস্থাৰ অপৰ্যবেক্ষণ দোষ বোলে৷ যেনেবলকাৰক ঔষধেই স্বাস্থ্যৰ উন্নতিৰ কাৰণ৷

৭। ভ্ৰান্ত পৰ্যবেক্ষণ দোষ কাক বোলে?

Ans : ইন্দ্ৰিয় সংবেদনৰ ভুল ব্যাখ্যাবশতঃ এটা বস্তুক আন এটা বস্তুৰূপে পৰ্যবেক্ষণ কৰাক ভ্ৰান্ত পৰ্যবেক্ষণ বোলা হয়৷ যেনেৰচি এডালক সাপ বুলি দেখা, গছ এজোপাক ভূত বুলি দেখা ইত্যাদি৷

৮। ভ্ৰান্ত পৰ্যবেক্ষণ দোষ কেই প্ৰকাৰৰ আৰু কি কি? 

Ans : ভ্ৰান্ত পৰ্যবেক্ষণ দোষ দুই প্ৰকাৰৰ

(i) ব্যক্তিগত ভ্ৰান্ত পৰ্যবেক্ষণ দোষ৷

(ii) সাবৰ্জনীন ভ্ৰান্ত পৰ্যবেক্ষণ দোষ৷

৯। ব্যক্তিগত ভ্ৰান্ত পৰ্যবেক্ষণ দোষ কাক বোলে

Ans : যি ভ্ৰান্ত পৰ্যবেক্ষণ কেৱল ব্যক্তি বিশেষৰ ক্ষেত্ৰত হয়, সকলোৰে ক্ষেত্ৰত নহয়, তাক ব্যক্তিগত ভ্ৰান্ত পৰ্যবেক্ষণ দোষ বোলে৷ যেনেৰচি এডালক সাপ বুলি দেখা৷

১০। সাবৰ্জনীন ভ্ৰান্ত পৰ্যবেক্ষণ দোষ কাক বোলে

Ans : যি ভ্ৰান্ত পৰ্যবেক্ষণ সকলোৰে ক্ষেত্ৰত ঘটে, তাক সাবৰ্জনীন ভ্ৰান্ত পৰ্যবেক্ষণ দোষ বোলে৷ যেনেচলন্ত ৰেলগাড়ীত বহি সকলো মানুহেই নিশ্চল গছবোৰক বিপৰীত ফালে বেগাই যোৱা যেন দেখে৷

১১। অপৰ্যবেক্ষণ বা অনবেক্ষণ দোষ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ পাৰ্থক্য নিৰ্ণয় কৰা৷ 

Ans : অপৰ্যবেক্ষণ দোষ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ পাৰ্থক্য

(i) অপৰ্যবেক্ষণ দোষত যি যি পৰ্যবেক্ষণ কৰিব লাগিছিল তাক পৰ্যবেক্ষণ কৰা নহয়৷ আনাহাতে, ভ্ৰান্ত পৰ্যবেক্ষণত যি পৰ্যবেক্ষণ কৰিব লাগে তাক ভুলকৈ পৰ্যবেক্ষণ কৰা হয়৷

(ii) অপৰ্যবেক্ষণ দোষ সদায় নঞৰ্থক৷ কিন্তু ভ্ৰান্ত পৰ্যবেক্ষণ দোষ সদায় সদৰ্থক৷

(iii) অপৰ্যবেক্ষণ দোষৰ মূল কাৰণ হৈছে অন্ধবিশ্বাস, কু-সংস্কাৰ আদি৷ কিন্তু ভ্ৰান্ত পৰ্যবেক্ষণ দোষৰ মূল কাৰণ হৈছে অন্ধবিশ্বাস, কু-সংস্কাৰ, পক্ষপাতিত্ব, পুবৰ্ধাৰণা, ইন্দ্ৰিয়াদিৰ দোষ আদি৷  

ডাউনলোড 

আগমনৰ ভিত্তি : আকাৰগত আৰু বস্তুগত


Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?