ধৰ্মৰ বৈশিষ্ট্য বা লক্ষণ সমূহ

ধৰ্মৰ বৈশিষ্ট্য বা লক্ষণ সমূহ উল্লেখ কৰা৷ 
অথবা 
ধৰ্মৰ স্বৰূপ বা প্ৰকৃতি ব্যাখ্যা কৰা৷ 
 Ans : ধৰ্মৰ স্বৰূপ বা প্ৰকৃতিক তলত দিয়া ধৰণে বৈশিষ্ট্যৰ আকাৰত উল্লেখ কৰিব পাৰি– (i) ধৰ্মত কোনো নহয় কোনো অতি মানবিক, অতি প্ৰাকৃত বা অলৌকিক সত্ত্বাত বিশ্বাস কৰা হয়৷ এই অতিন্ত্ৰিয় সত্ত্বাত মানুহে বহুত বেছি গুণান্বিত আৰু শক্তিশালী বুলি ভাৱে৷ এই শক্তি সবৰ্জ্ঞ, সবৰ্শক্তিমান আৰু সবৰ্ব্যপ্ত৷ (ii) ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্ৰিয়া কৰে৷ ব্যক্তিৰ জীয়াই থকাৰ ‘বাসনা’ কল্যাণ লাভৰ আগ্ৰহ, আত্মবিকাশ আৰু আত্ম উপলদ্ধীৰ আকাংক্যা, ইত্যাদি কিছুমান শক্তিয়ে অনবৰত ক্ৰিয়া কৰি থাকে৷ (iii) অতি প্ৰাকৃত সত্ত্বাৰ ওপৰত বিশ্বাসৰ ভিত্তিত মানুহৰ মনত আবিৰ্ভূত হয় আবেক অনুভূতি, ভয়-ভক্তি, প্ৰেম শ্ৰদ্ধা ইত্যাদি৷ মানুহৰ মনৰ এই সমস্তু ভাবাবেক বা অনুভূতি হ’ল ধৰ্মৰ আভ্যন্তৰীন বিষয়৷ (iv) ধৰ্মৰ বাহি্যক দিশো আছে৷ বিভিন্ন আৰু বিচিত্ৰ আচাৰ-অনুষ্ঠান, পূজা আৰাধনা, উৎসব পাবৰ্ন, ধম¹য় ক্ৰিয়া-কলাপ প্ৰভিতিৰ মাধ্যমত ধৰ্মৰ বাহি্যক দিশৰ অভিব্যক্তি ঘটে৷ (v) ধম¹য় ধাৰনাৰ মাজত জ্ঞান, অনুভূতি আৰু ক্ৰিয়াৰ এক স্বাৰ্থক সমন্বয় লক্ষ্য কৰা যায়৷ পৰম সত্বাৰ যি জ্ঞান লাভ হয় সেই জ্ঞানৰ লগত জড়িত থাকে ব্যক্তিৰ আবেগ আৰু অনুভূতি যাক ব্যক্ত কৰা হয় কিছুমান বাহি্যক কৰ্মৰ মাধ্যম৷

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?