বৌদ্ধ বিপাশনা বা যোগ (Buddha Vipassana or Yoga)

বৌদ্ধ দৰ্শনত যোগক ‘বিপাশনা’ বা ‘বিপসনা’ [Vipassana] বুলি জনা যায়৷ সংস্কৃত ‘বিপশ্যনা’ বা পালী ‘বিপস্‌সনা’ ভাৰতৰ এটি অতি প্ৰাচীন ধ্যান পদ্ধতি৷ এই বিদ্যা প্ৰায় আঢ়ৈ হেজাৰ বছৰ আগতে গৌতম বুদ্ধ পুনৰ আবিষ্কাৰ কৰিছে৷ সংস্কৃত ‘বিপশ্যনা’ মানে কিবা বস্তুক ‘বিশেষভাৱে দেখা’৷ এই ক্ষেত্ৰত এক্ষেত্ৰে ‘বিশেষ’ মানে কোনো কিছুক যথাযথ, যথাভূত অৰ্থাৎ যেনে আছে ঠিক তেনে ৰূপত কোনো প্ৰতিক্ৰিয়া নকৰি দ্ৰষ্টাভাব সহকাৰে দেখা৷ বিপশ্যনা স্বপৰ্যবেক্ষণ মাধ্যমত আত্ম সংশোধন কৰাৰ প্ৰক্ৰিয়া৷ নিজৰ স্বাভাবিক নিশ্বাসৰ চলাচলক মনোযোগ সৈতে লক্ষ্য কৰোতে কৰোতে নিজৰ মনক একাগ্ৰ কৰি এই পদ্ধতিৰ প্ৰথম ধাপ আনাপানৰ [anapan] সূচনা হয়৷ নিজৰ শৰীৰ আৰু মনৰ বিনশ্বৰ আৰু অনিত্য প্ৰকৃতিৰ প্ৰতি সংবেদনৰ স্তৰত সজাগতাক অনুশীলন কৰোতে কৰোতে অনিত্যতা, দুখ আৰু অহং-অস্মিতা বিলীন হোৱাৰ চিৰন্তন সত্যসমূহ অনুভব কৰাৰ নামেই বিপশ্যনা৷ প্ৰত্যক্ষ অনুভূতি সৈতে এই সত্য-উপলব্ধি কৰাই শোধন-প্ৰণালী৷ এই নিৰঞ্জন ধৰ্মৰ পন্থা যদিও বুদ্ধ পুনৰ আবিষ্কাৰ কৰি প্ৰচাৰ কৰিছে, অৱশ্যে এই সাধনা কোনো নিৰ্দিষ্ট সম্প্ৰদায়ৰ অথবা দল-উপদলত আবদ্ধ নহয়, বৰং জাতি-সম্প্ৰদায় নিৰ্বিশেষে সাৰ্বজনীন দুখবোৰৰ সাৰ্বজনীন প্ৰতিকাৰ হ’ল বিপশ্যনা৷ ফলত ইয়াক যিকোনো ব্যক্তিয়ে যিকোনো সময়ত, যিকোনো স্থানত, নিজৰ জাতিবৰ্ণ অথবা সম্প্ৰদায়ৰ লগত কোনো দ্বন্দ্ব না ৰাখি অবাধে অনুশীলন কৰিব পাৰে৷ বৌদ্ধ সম্প্ৰদায়ৰ থেৰবাদ পৰম্পৰাত এই সাধনাৰ প্ৰচাৰ প্ৰায় দশম শতাব্দীৰ ফালে দেখা যায়৷ বিপশ্যনা হ’ল ‘প্ৰজ্ঞা’ অৰ্থাৎ প্ৰকৃত সত্যৰ অন্তৰ্দৃষ্টি অথবা যাক দুক্‌খ বা দুঃখ, অনাত্ত বা অনাত্ম ভাব আৰু অনিচ্ছ বা অনিত্যতা আদিৰ ‘প্ৰত্যক্ষ-জ্ঞান’ হিচাপে সংজ্ঞা প্ৰদান কৰা হয়৷ এইবোৰেই থেৰবাদ বৌদ্ধদৰ্শনত অস্তিত্বৰ তিনিটা চিহ্ন৷ মহাযান বৌদ্ধদৰ্শনত বিপশ্যনাক ‘শুন্যতা’ আৰু বুদ্ধ-প্ৰকৃতিৰ লগত তুলনা কৰা হৈছে৷ ইয়াৰ পিছত বিংশ শতাব্দীত বিপাশনা আন্দোলনৰ মাজেদি এই পদ্ধতিটো এক কেন্দ্ৰীয় বিষয় হৈ পৰিল৷ ভাৰতীয় মূলৰ ব্ৰহ্মদেশজাত আচাৰ্য সত্যনাৰায়ণ গোয়েঙ্কা তেওঁৰ গুৰু সায়াজি উ বা খিন-এৰ সান্নিধ্যত এই বিদ্যা শিকি লাভান্বিত হয় আৰু নিজৰ ক্ষমতা আৰু সদিচ্ছাৰ দ্বাৰা প্ৰণোদিত হৈ মানৱ সমাজক দুখৰ পৰা নিবৃত্তি পোৱাৰ পথ দেখুৱাৰ উদ্দেশ্যে বিপাশনাা বিশ্বব্যাপী প্ৰচাৰ কৰে৷ তেওঁৰ অন্যতম শিক্ষা বিপশ্যনাৰ মাজত নিহিত আছে জীৱন-যাপনৰ কলা, জীয়াই থকাৰ কৌশল৷ সত্যনাৰায়ণ গোয়েঙ্কাৰ উদ্যোগতে বিপশ্যনা আৰু কেৱল বৌদ্ধসকলৰ মাজত আৱদ্ধ থকা নাই, তেওঁ বিপশ্যনাৰ অসাম্প্ৰদায়িক আৰু সাৰ্বজনীন প্ৰকৃতিক জনমানসত তুলি ধৰিছে ‘ধৰ্ম’ কথাটোৰ যি বিস্মৃত প্ৰাচীন অৰ্থ ভাৰতবষৰ্ত প্ৰচলিত আছিল, যাৰ কোনো নিৰ্দিষ্ট জাতি আৰু সম্প্ৰদায়ৰ সংগঠিত ৰিলিজিয়নৰ লগত বিন্দুমাত্ৰ কোনো সম্পৰ্ক নাই তাক স্পষ্ট কৰিলে৷ ধৰ্ম এটাই, জুইৰ যিদৰে দাহন কৰাই ধৰ্ম, পানীৰ যিদৰে প্ৰৱাহিত হোৱা ধৰ্ম, ঠিক সেইদৰে মানুহ¸ৰ এটাই ধৰ্ম আছে যাক অনুভূতিৰ স্তৰত বুজাবলৈ গৈ এই বিপশ্যনা ধ্যান পদ্ধতিৰ উদ্ভাৱন হৈছে৷ অৱশ্যে বিপশ্যনাৰ উদ্দেশ্য কেৱল মনক একাগ্ৰ কৰা অথবা ৰোগ নিৰাময় নহয়, এইবোৰ সাধনা পথৰ বিভিন্ন ঢাপ৷ ইয়াৰ মূল উদ্দেশ্য মনক সমস্ত জাগতিক দুখৰ পৰা মুক্তি দিয়া, চিত্ত সমত্ব স্থাপন কৰা আৰু মনৰ বিশুদ্ধি, যাৰ চূড়ান্ত ফল পৰমসুখ আৰু পূৰ্ণমুক্তি, বোধি৷ বিপাশনা সফলতাৰ মাপকাঠি এটাই– অনুশীলনত সমত্ব বজাই ৰখা, কেৱলমাত্ৰ গ্ৰন্থ অধ্যয়ন কৰি অথবা বক্তৃতা শুনি, বুদ্ধি বিলাস কৰি এই পথত আগুৱাই যোৱা সম্ভৱ নহয়৷ সেইকাৰণে সত্যনাৰায়ণ গোয়েঙ্কা সৰ্বদা পৰিশ্ৰম কৰি, পুৰুষাৰ্থ কৰি অনুশীলন কৰাৰ ওপৰত জোৰ দিছে৷

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?