নীতিবিদ্যা বা নীতিবিজ্ঞানৰ সংজ্ঞ আৰু অৰ্থ (Definition and Meaning of Ethics)

১।. নীতিবিদ্যা বা নীতিবিজ্ঞান কাক বোলে? Ans উত্তৰ:  নীতিবিজ্ঞান হ’ল সমাজত বসবাস কৰা মানুহৰ আচৰণ সম্পৰ্কীয় এক আদৰ্শনিষ্ঠ বিজ্ঞান৷ নীতিবিজ্ঞানত মানুহৰ আচৰণৰ ভাল-বেয়া, উচিত, অনুচিত, ন্যায়-অন্যায়, ইত্যাদিৰ নৈতিক মূল্যাংকন কৰা হয়৷ 

 ২. নীতিবিজ্ঞানৰ বা Ethics শব্দটোৰ বু্যৎপত্তিগত অৰ্থ লিখা৷ 
Ans: নীতিবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Ethics’৷ ‘Ethics’ শব্দটো গ্ৰীক ‘Ethica’ শব্দটোৰ পৰা আহিছে৷ ‘Ethica’ শব্দটো আকৌ ‘Ethose’ শব্দৰ পৰা লোৱা হৈছে৷ ‘Ethose’ শব্দটোৰ অৰ্থ হৈছে চৰিত্ৰ, আচাৰ-ব্যৱহাৰ, ৰাতি-নীতি বা অভ্যাস৷ গতিকে ব্যুৎপত্তিগত দিশৰ পৰা নীতিবিজ্ঞান হ’ল এনে বিজ্ঞান য’ত মানুহৰ চৰিত্ৰ, আচাৰ-ব্যৱহাৰ, বা ৰীতি-নীতি সম্পৰ্কে আলোচনা কৰা হয়৷

 ৩. নৈতিক দৰ্শন বা Moral Philosophy ৰ বু্যৎপত্তিগত অৰ্থ কি?
Ans: নীতিবিজ্ঞানক নৈতিক দৰ্শন বুলিও কোৱা হয়৷ নৈতিক দৰ্শনৰ ইংৰাজী প্ৰতিশব্দ হ’ল ‘Moral Philosophy’৷ ‘Moral’ শব্দৰ লেটিন শব্দ ‘Mores’ ৰ পৰা উদ্ভৱ হৈছে৷ ‘Mores’ শব্দৰ অৰ্থ হৈছে ৰীতি-নীতি বা অভ্যাস৷ গতিকে ব্যুৎপত্তিগত দিশৰ পৰা নৈতিক দৰ্শন হল মানুহৰ ৰীতি-নীতি, প্ৰথা বা অভ্যাস সম্পৰ্কীয় বিজ্ঞান৷ 

৪৷ মেকেঞ্জীয়ে উল্লেখ কৰা নীতিবিজ্ঞানৰ সংজ্ঞাটো কি? 
Ans: মেকেঞ্জীয়ে নীতিবিজ্ঞানৰ সংজ্ঞা দি কৈছে – “নীতিবিজ্ঞান হ’ল মানুহৰ আচৰণৰ শুদ্ধতা বা শ্ৰেয় সম্পৰ্কীয় বিজ্ঞান৷” 

৫৷ উইলিয়াম লিলি আগবঢ়োৱা নীতিবিজ্ঞানৰ সংজ্ঞাটো কি? 
Ans: উইলিয়াম লিলিয়ে নীতিবিজ্ঞানৰ সংজ্ঞা আগৱঢ়াইছে এনেদৰে– “ নীতিবিজ্ঞান হ’ল সমাজত বাস কৰা মানুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান, যি বিজ্ঞানে এই আচৰণ উচিত নে অনুচিত ভাল নে বেয়া ইত্যাদিৰ বিচাৰ কৰে৷”

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?