ধৰ্মৰ সংজ্ঞা, স্বৰূপ বা প্ৰকৃতি, বৈশিষ্ট্য বা লক্ষণ আৰু বুৎপত্তিগত অৰ্থ (Definition, Nature, Characteristics and etymological meaning of Religion)

১। ধৰ্ম কাক বোলে? 
 Ans: ধৰ্ম হ’ল মানুহৰ এনে এক অলৌকিক বা অতিপ্ৰাকৃত সত্তাত বিশ্বাস বা জ্ঞান, যি বিশ্বাস বা জ্ঞান মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে৷ মানুহৰ ধৰ্ম বোধৰ লগত প্ৰচ্চন্নভাৱে নিহিত থাকে জ্ঞান, কৰ্ম আৰু অনুভূতিৰ উপাদান৷ 

২। ‘Religion’ শব্দটোৰ বুৎপত্তিগত অৰ্থ কি? 
 Ans: ‘Religion’ শব্দটো ‘Religare’ শব্দৰ পৰা উৎপত্তি হৈছে৷ ‘Religare’ শব্দৰ অৰ্থ হৈছে ‘বন্ধন’ অৰ্থাৎ যিয়ে দৃঢ়ভাৱে বান্ধি ৰাখে৷ গতিকে ‘Religion’ শব্দৰ বুৎপত্তিগত অৰ্থ হৈছে ব্যক্তি বা জাতিৰ জীৱনৰ যি যথাৰ্থ বন্ধন বা সংহতি আনে সিয়ে ধৰ্ম৷ 

 ৩। ভাৰতীয় ‘ধৰ্ম’ শব্দৰ উৎপত্তি কৰ পৰা হৈছে? 
 Ans: পশ্চিমৰ ‘Religion’ শব্দটোৰ প্ৰতিশব্দ হ’ল ধৰ্ম৷ ‘ধৰ্ম’ শব্দটো সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা আহিছে৷ ‘ধৃ’ ৰ অৰ্থ হ’ল ধাৰণা কৰা৷ অৰ্থাৎ যি ধাৰণা কৰি ৰাখে সিয়েই ধৰ্ম৷ গতিকে সামাজিক আৰু বৃহত্তৰ ঐক্যৰ মাজত যি ব্যৱস্থাই মানুহৰ জীৱনক ধৰি ৰাখে বা ধাৰণ কৰি ৰাখে সিয়েই ধৰ্ম৷ 

 ৪। ধৰ্মৰ বৈশিষ্ট্য বা লক্ষণ সমূহ উল্লেখ কৰা৷ অথবা ধৰ্মৰ স্বৰূপ বা প্ৰকৃতি ব্যাখ্যা কৰা৷ 
 Ans: ধৰ্মৰ স্বৰূপ বা প্ৰকৃতিক তলত দিয়া ধৰণে বৈশিষ্ট্যৰ আকাৰত উল্লেখ কৰিব পাৰি– 

(i) ধৰ্মত কোনো নহয় কোনো অতি মানবিক, অতি প্ৰাকৃত বা অলৌকিক সত্ত্বাত বিশ্বাস কৰা হয়৷ এই অতীন্দ্ৰিয় সত্তাক মানুহে বহুত বেছি গুণান্বিত আৰু শক্তিশালী বুলি ভাবে৷ এই শক্তি সবৰ্জ্ঞ, সবৰ্শক্তিমান আৰু সবৰ্ব্যপ্ত৷ 

 (ii) ধৰ্মৰ ক্ষেত্ৰত কিছুমান মানসিক শক্তিয়ে প্ৰেৰণাৰূপে ক্ৰিয়া কৰে৷ ব্যক্তিৰ জীয়াই থকাৰ ‘বাসনা’ কল্যাণ লাভৰ আগ্ৰহ, আত্মবিকাশ আৰু আত্ম উপলদ্ধিৰ  আকাংক্ষা, ইত্যাদি কিছুমান শক্তিয়ে অনবৰত ক্ৰিয়া কৰি থাকে৷

 (iii) অতি প্ৰাকৃত সত্তাৰ ওপৰত বিশ্বাসৰ ভিত্তিত মানুহৰ মনত আবিৰ্ভূত হয় আৱেগ, অনুভূতি, ভয়-ভক্তি, প্ৰেম শ্ৰদ্ধা ইত্যাদি৷ মানুহৰ মনৰ এই সমস্তু ভাবাৱেগ বা অনুভূতি হ’ল ধৰ্মৰ আভ্যন্তৰীন বিষয়৷ 

 (iv) ধৰ্মৰ বাহ্যিক দিশো আছে৷ বিভিন্ন আৰু বিচিত্ৰ আচাৰ-অনুষ্ঠান, পূজা আৰাধনা, উৎসব পাৰ্বন, ধৰ্মীয় ক্ৰিয়া-কলাপ প্ৰভৃতিৰ মাধ্যমত ধৰ্মৰ বাহ্যিক দিশৰ অভিব্যক্তি ঘটে৷ 

 (v) ধৰ্মীয় ধাৰণৰ মাজত জ্ঞান, অনুভূতি আৰু ক্ৰিয়াৰ এক স্বাৰ্থক সমন্বয় লক্ষ্য কৰা যায়৷ পৰম সত্তাৰ যি জ্ঞান লাভ হয় সেই জ্ঞানৰ লগত জড়িত থাকে ব্যক্তিৰ আৱেগ আৰু অনুভূতি যাক ব্যক্ত কৰা হয় কিছুমান বাহ্যিক কৰ্মৰ মাধ্যম৷ 

 ৫। ধৰ্মৰ এটা সন্তোষ জনক সংজ্ঞা দিয়া৷ অথবা ফ্লিণ্টৰ ধৰ্মৰ সংজ্ঞাটো কি? 
 Ans: ফ্লিণ্টে  ধৰ্মৰ সংজ্ঞা দি কৈছে– “ধৰ্ম হ’ল এনে এক বা একাধিক সত্তাত মানুহৰ বিশ্বাস, যি সত্তা মানুহতকৈ বহুত বেছি শক্তিশালী আৰু তেওঁৰ ইন্দ্ৰিয়ৰ অনভিগম্য, অথচ তেওঁৰ আৱেগ আৰু কাৰ্যৰ প্ৰতি উদাসীন নহয় আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ আছে তেওঁৰ অনুভূতি আৰু আচৰণ৷” 

৬. হেগেলৰ ধৰ্মৰ সংজ্ঞাটো কি? 
 Ans: হেগেলৰ মতে, ‘‘ধৰ্ম হ’ল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মা সম্পৰ্কে জ্ঞান৷” 

৭। মেক্সমূলাৰৰ মতে ধৰ্ম কি? 
 Ans:  মেক্সমূলাৰৰ মতে, ‘‘ধৰ্ম হ’ল এনে এক মানসিক শক্তি বা প্ৰবৃত্তি যি মানুহক অসীম সত্তাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম কৰে৷” 

৮। টাইলৰৰ মতে ধৰ্ম কি? 
 Ans: টাইলৰৰ মতে, ‘‘ধৰ্ম হ’ল আধ্যাত্মিক সত্তাত বিশ্বাস৷’’ 

৯। হাৰ্বাৰ্ট স্পেন্সাৰৰ মতে ধৰ্ম কি? 
 Ans: হাৰ্বাৰ্ট স্পেন্সাৰৰ মতে, “ধৰ্ম হ’ল এক আনুমানিক ধাৰণা যি এই বিশ্ব জগতক বোধগম্য কৰি তোলে৷” 

১০. শ্লেয়াৰ মেকাৰৰ মতে ধৰ্ম কি? 
 Ans: শ্লেয়াৰ মেকাৰৰ মতে, “ধৰ্মৰ অপৰিহাৰ্য বৈশিষ্ট্য হ’ল ঈশ্বৰৰ ওচৰত একান্ত নিৰ্ভতাবোধ৷’’ 

 ১১। মেকটেগাৰ্টৰ মতে ধৰ্ম কি? 
 Ans: মেকটেগাৰ্টৰ মতে, “ধৰ্ম হ:ল এক প্ৰকাৰৰ আৱেগ যিটোৱে বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা সামঞ্জস্য আছে৷’’ 

 ১২. কাণ্টৰ মতে ধৰ্ম কি? 
 Ans জ্ঞ কাণ্টৰ মতে, “আমাৰ সকলো কৰ্তব্য ঐশ্বৰিক আদেশ ৰূপে স্বীকাৰ কৰি লোৱাই হ’ল ধৰ্ম৷” 

১৩. মেথিউ আনল্ডৰ্ৰ মতে ধৰ্ম কি? 
 Ans: মেথিউ আৰ্নল্ডৰ মতে, “আৱেগ স্পৰ্শিত নৈতিকতাই ধৰ্ম৷” 

১৪. জেমছ ফ্ৰেজাৰৰ মতে ধৰ্ম কি? 
 Ans: জেমছ ফ্ৰেজাৰৰ মতে, “ধৰ্ম হ’ল মানৱোত্তৰ কিছুমান উচ্চতৰ শক্তিৰ সন্তুষ্টিকৰণ– যিবিলাকে মানৱ জীৱনৰ গতি পৰিচালিত আৰু নিয়ন্ত্ৰিত কৰে৷” 

১৫. মাৰ্টিনিউৰ মতে ধৰ্ম কি? 
 Ans: মাৰ্টিনিউৰ মতে, “ধৰ্ম হ’ল এজন নিয়ত অস্তিত্বশীল ঈশ্বৰত বিশ্বাস, যিজন ঈশ্বৰে এক ঐশ্বৰিক মন আৰু ইচ্ছাৰে  জগতক নিয়ন্ত্ৰিণ কৰে আৰু মানুহৰ লগত এক পাৰস্পৰিক নৈতিক সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা কৰে৷”

 ১৬. গেলোৱেৰ মতে ধৰ্ম কি? 
 Ans: গেলোৱেৰ মতে, “ধৰ্ম হ’ল অতি প্ৰাকৃত শক্তিত মানুহৰ এনে এক আস্থা যাৰ দ্বাৰা তেওঁ আৱেগক তৃপ্ত কৰিব বিচাৰে আৰু জীৱনৰ স্থায়িত্ব কামনা কৰে আৰু যাক তেওঁ প্ৰকাশ কৰে পূজা-আৰধনা ইত্যাদি ক্ৰিয়াৰ মাধ্যমত৷” 

১৭. উইলিয়াম জেমছৰ মতে ধৰ্ম কি? 
 Ans: উইলিয়াম জেমছৰ মতে, “ধৰ্মৰ অৰ্থ ব্যক্তিৰ নিসংগ জীৱনৰ অনুভূতি, কৰ্ম আৰু অভিজ্ঞতা– যিবোৰ ব্যক্তি আৰু ঐশ্বৰিক সম্বন্ধ জ্ঞানৰ দ্বাৰা বিকশিত হয়৷”

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?