যোগৰ প্ৰকাৰ (Different Kinds of Yoga)

যোগৰ প্ৰকাৰ (Different Kinds of Yoga)
ভাৰতীয় যোগ দাৰ্শনিকসকলে যোগৰ প্ৰধান আঠটা প্ৰকাৰৰ কথা উল্লেখ কৰিছে৷ এই আঠ প্ৰকাৰৰ যোগৰ বিষয়ে তলত উল্লেখ কৰা হ’ল--- 

১৷ হঠযোগ [Hathayoga] : হঠযোগৰ উদ্দেশ্য হ’ল শৰীৰক সুস্থ, সৱল আৰু দীৰ্ঘায়ু কৰা৷ হঠযোগ বিশেষকৈ শাৰীৰিক ক্ৰিয়াৰ সমাৱেশ৷ হঠযোগীৰ মতে, কোনো ধৰণৰ শক্তি আয়ত্ব কৰিবলৈ হ’লে শৰীৰক নিয়ন্ত্ৰিত কৰা প্ৰয়োজন৷ সাধাৰণ লোকে যোগ বুলিলে হঠযোগৰ ব্যায়াম বা আয়নবোৰকে বুজে৷ 

 ২৷ লয়যোগ [Layayoga] : ইয়াৰ অৰ্থ হ’ল ‘মনক আত্মাত লয় কৰি দিয়া বা লীন কৰি দিয়া’৷ শৰীৰৰ নৱচক্ৰত অৰ্থাৎ নাড়ী গ্ৰন্থিস্থানত চিত্ত লয় কৰি যি যোগ সম্পদ আৰু মোক্ষ লাভ হয় তাকে লয় যোগ বোলা হয়৷ 

 ৩৷ ৰাজযোগ [Rajayoga] : মন আৰু শৰীৰ নি(ল, স্থিৰ সমাধি প্ৰাপ্ত হোৱাই ৰাজযোগ৷ ৰাজযোগৰ উদ্দেশ্য হৈছে জীৱাত্মাক পৰমাত্মাৰ লগত যুক্ত কৰা৷ আৰু এই পৰমাত্মাৰ লগত যুক্ত হোৱাই হ’ল জীৱৰ মুক্তি বা মোক্ষলাভ৷ সকলো যোগ সাধনৰ ভিতৰত শ্ৰেষ্ঠ হোৱা হেতু ইয়াক ৰাজযোগ বোলা হয়৷ ৰাজযোগত প্ৰত্যেক যোগৰে কিবা নহয় কিবা তত্ত্বৰ সমাৱেশ ঘটিছে৷ 

 ৪৷ ভক্তিযোগ [Bhaktiyoga] : মোক্ষ লাভৰ আন এটা মাৰ্গ হ’ল ‘ভক্তিমাৰ্গ’৷ এই পথ অনুসৰণকাৰীৰ ঈশ্বৰৰ প্ৰতি স্বতঃস্ফূৰ্ত প্ৰেম, ঈশ্বৰৰ প্ৰতি ভক্তি আৰু ঈশ্বৰৰ লগত প্ৰেমময় সম্পৰ্ক থকাটো অনিবাৰ্য৷ ভক্তিমাৰ্গ জ্ঞান আৰু কৰ্মমাৰ্গৰ দৰেই নিষ্কাম হোৱাটো অপৰিহাৰ্য৷ যি ভক্তিত কেৱল মনটোক ঈশ্বৰৰ সেৱাত নিৱষ্ট কৰা হয় আৰু তাৰ বিনিময়ত ফলাফলৰ কোনো আশা কৰা নহয় তেনে ভক্তিয়েই নিষ্কাম ভক্তি৷ গীতাতো ‘অমৃত ৰূপী ধৰ্ম’ বুলি ব্যৱহাৰ কৰা এটা শব্দৰ দ্বাৰা নিষ্কামভাৱে কৰ্ম কৰি ভগৱান ৰূপী হোৱাটোকে বুজাইছে৷ যিজন ব্যক্তিয়ে নিষ্কামভাৱে ভক্তিমাৰ্গ অনুসৰণ কৰে সেইজন ব্যক্তিয়েই মোক্ষ লাভ কৰিবলৈ সক্ষম হয়৷ ভক্তিমাৰ্গ জ্ঞান আৰু কৰ্ম মাৰ্গৰ বিৰোধী নহয়৷ কৰ্ম আৰু ভক্তি মাৰ্গৰ পৰিণতিয়েই হৈছে জ্ঞানমাৰ্গ৷ 

৫৷ জ্ঞানযোগ [Jnanayoga] ঃ বুদ্ধিৰ জৰিয়তে বস্তুৰ অস্তিত্ব সম্পৰ্কে আৰু অৱভাসৰ অন্তৰালত থকা পৰমসত্তাৰ জ্ঞান জ্ঞানমাৰ্গৰ জৰিয়তে লাভ কৰা হয়৷ জ্ঞানমাৰ্গৰ জৰিয়তে আত্মাৰ প্ৰকৃতি, ইন্দ্ৰিয় সংযম, শান্তি, জীৱাত্মা, পৰমাত্মা, জগত আদি সম্পৰ্কে সাধকে জ্ঞান লাভ কৰি মোক্ষ লাভ কৰিবলৈ সক্ষম হয়৷ হিন্দু ধৰ্মৰ ধৰ্মীয় পুথি গীতা অনুসৰি ঈশ্বৰেই হৈছে সৰ্বশ্ৰেষ্ঠ জ্ঞান আৰু ঈশ্বৰৰ স্বৰূপ উপলব্ধিয়েই হৈছে জ্ঞানমাৰ্গৰ মুখ্য কথা৷ জ্ঞানমাৰ্গ অনুশীলনৰ বাবে ব্যক্তিৰ মন শ্ৰদ্ধা আৰু ভক্তিৰে পৰিপূৰ্ণ হৈ থকাটো বাঞ্ছনীয়৷ জ্ঞানমাৰ্গ ও কৰ্মমাৰ্গৰ দৰেই নিষ্কাম হ’লেহে মোক্ষ লাভৰ সহায়ক হ’ব৷ নিষ্কাম জ্ঞানমাৰ্গ হৈছে এনে এটা জ্ঞানমাৰ্গ য’ত ব্যক্তিয়ে সকলো কৰ্ম ঈশ্বৰত অৰ্পণ কৰি আত্মজ্ঞান লাভ কৰে আৰু ফলাকাংক্ষাৰ লগতে ভোগ প্ৰবৃত্তি ত্যাগ কৰে৷ 

৬৷ কৰ্মযোগ [Karmayoga] : কৰ্মমাৰ্গ যোগী অৰ্থাৎ কৰ্মযোগীসকলে অৱলম্বন কৰে৷ কৰ্মমাৰ্গ হৈছে এনে এটা মাৰ্গ য’ত কৰ্ম সম্পাদনৰ মাধ্যমেদি মোক্ষ লাভ কৰা হয়৷ মানুহে কৰ্ম নকৰাকৈ থাকিব নোৱাৰে৷ প্ৰাকৃতিক গুণৰ দ্বাৰা প্ৰভাৱিত হৈ মানুহে কাম কৰে৷ কিন্তু মুক্তি লাভৰ কাৰণে তেনে কৰ্ম সম্পাদন কৰা উচিত য’ত ফলাকাংক্ষা নাথাকে৷ অৰ্থাৎ কামনা-বাসনাহীনভাৱে নিষ্কাম কৰ্ম সম্পাদনেহে মুক্তি লাভ কৰিবলৈ সক্ষম কৰে৷ বুদ্ধিৰ দ্বাৰা পৰিচালিত হৈ লোককল্যাণৰ অৰ্থে সম্পাদিত কৰ্মহে প্ৰকৃত কৰ্ম আৰু তেনে কৰ্মই হৈছে মুক্তি লাভৰ উল্লেখযোগ মাৰ্গ৷ কামনা-বাসনাৰ অধীন হৈ সম্পাদন কৰা কৰ্ম হৈছে সকাম কৰ্ম আৰু তেনে কৰ্মই মুক্তিৰ পৰিৱৰ্তে বন্ধনৰ সূত্ৰপাতহে কৰে৷ 

৭৷ মন্ত্ৰযোগ [Mantrayoga] : স্ৰষ্টাৰ জপ কৰোতে কৰোতে যি মনৰ লয় হয় তাকে মন্ত্ৰযোগ বোলা হয়৷ মন্ত্ৰৰ দ্বাৰা মনৰ চঞ্চলাতক নিৰোধ কৰাই মন্ত্ৰযোগ৷ 

৮৷ অষ্টাংগযোগ [Astangayoga] : যোগৰ অষ্ট অংগকে অষ্টাংগ যোগ বোলা হয়৷ পতঞ্জলিয়ে যোগক আঠটা স্তৰত ভাগ কৰিছে ইয়াকে যোগৰ অষ্ট অংগ বুলি কোৱা হৈছে৷ যোগৰ এই আঠটা অংগ হ’ল--- যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি৷

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?