নীতিবিজ্ঞানক কিয় আদৰ্শনিষ্ঠ বিজ্ঞান আৰু নীতিবিদ্যাক আচৰণ সম্পৰ্কীয় কলা বুলি কোৱা হয়? (Ethics is normative and an Arts)
১। নীতিবিজ্ঞানক কিয় আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়?
Ans: নীতিবিজ্ঞান আৰ্দশনিষ্ঠ বিজ্ঞান৷ ইয়াৰ আদৰ্শ হৈছে পৰম কল্যাণ বা পৰমশ্ৰেয়৷ নীতিবিদ্যাই পৰমশ্ৰেয়ক আদৰ্শ বা মাপকাঠী হিচাপে লৈ মানুহৰ আচৰণ আৰু ঐচ্ছিক ক্ৰিয়াৰ নৈতিক মূল্য নিৰ্ধাৰণ কৰে৷ নীতিবিদ্যাই মানুহৰ আচৰণৰ আলোচনা কৰোতে বস্তুনিষ্ঠ বিজ্ঞানৰ দৰে সেইবোৰৰ স্বৰূপ, উৎপত্তি, বিকাশ আদিৰ আলোচনা নকৰে৷ কিন্তু পৰমশ্ৰেয়ক লাভ কৰিবলৈ সেই আচৰণ কেনে হোৱা উচিত সেইটো হে নীতিবিদ্যাৰ মূল বিষয়বস্তু৷ নীতিবিদ্যাই আচৰণৰ উচিত-অনুচিতৰ মাপকাঠি নিৰ্ণয়ৰ ওপৰতহে গুৰুত্ব দিয়ে৷ ই নৈতিক নীতি-নিয়মৰ মাজেদি জীৱন-যাপন কৰি ইয়াৰ লক্ষ্য বা আদৰ্শত উপনীত হ’বলৈ মানুহৰ মনত অনুপ্ৰেৰণা যোগায়৷ গতিকে নীতিবিদ্যা হৈছে আচৰণৰ আদৰ্শনিষ্ঠ বিজ্ঞান৷
২। নীতিবিদ্যাক আচৰণ সম্পৰ্কীয় কলা বুলিব পাৰিনে?
Ans: কলাবিদ্যা হৈছে এনে এক বিদ্যা য’ত কোনো জ্ঞানক ব্যৱহাৰিক ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ৰীতি-নীতিৰ শিক্ষা দিয়া হয়৷ নীতিবিজ্ঞানক যদি তাত্ত্বিক অৰ্থত গ্ৰহণ কৰা হয়, তেনেহলে ই এক প্ৰকাৰৰ বিজ্ঞান৷ কিন্তু যদি ব্যৱহাৰিক অৰ্থত লোৱা হয় তেনেহলে ইয়াক কলাবিদ্যা বুলিব পাৰি৷ অধ্যাপক মেকেঞ্জী নীতিবিদ্যাক তাত্ত্বিক অৰ্থত গ্ৰহণ কৰি নীতিবিজ্ঞানক আদৰ্শনিষ্ঠ বিজ্ঞান বুলি ক’লেও কলাবিদ্যা হিচাপে স্বীকাৰ কৰা নাই৷ মেকেঞ্জীৰ মতানুসাৰে কোনো বিজ্ঞান কলাবিদ্যা হ’ব নোৱাৰে৷
কিন্তু নিৰপেক্ষভাৱে বিচাৰ কৰিলে দেখা যায় যে নীতিবিজ্ঞান এক প্ৰকাৰৰ কলা৷ আদৰ্শনিষ্ঠ বিজ্ঞান হিচাপে নীতিবিজ্ঞানে মানুহৰ আচৰণৰ ভাল-বেয়া, ন্যায়-অন্যায়, ইত্যাদি বিচাৰ কৰে আৰু এই আদৰ্শ কেনেদৰে ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰি মানৱ কল্যাণ সাধন কৰা যায় তাৰো নিৰ্দেশ দিয়ে৷ গতিকে নীতিবিজ্ঞান হয় ঠিকেই, কিন্তু ই এক প্ৰকাৰৰ কলাও৷ লিলিৰ মতে, “সৎ জীৱন জাপন কৰাৰ লগত কলাৰ কিছুমান পাৰ্থক্যৰ কথা মনত ৰাখিও নৈতিক আচৰণক কলা হিচাপে স্বীকৃতি দিলে কোনো অপৰাধ নহয়৷”
Comments
Post a Comment