ভাববাদ, ভাববাদৰ বৈশিষ্ট্য, বাস্তৱবাদ আৰু ভাববাদৰ মাজত পাৰ্থক্য (Idealism, Characteristics of Idealism, Idealism and Realism)
১। ভাববাদ বুলিলে কি বুজা?
Ans: জ্ঞানৰ বিষয়বস্তু সম্পর্কীয় যি মতবাদ অনুুসৰি জ্ঞেয়বস্তু অৰ্থাৎ বাহ্যবস্তুৰ মননিৰপেক্ষ স্বতন্ত্ৰ সত্তা নাই, বাহ্যবস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰশীল, তাক ভাববাদ বোলে৷ ভাববাদ মতে মন বা আত্মাই জগতৰ পৰম তত্ত্ব৷
২। ভাববাদৰ বৈশিষ্ট্য বা লক্ষণসমূহ উল্লেখ কৰা৷
Ans: ভাববাদৰ বৈশিষ্ট্য–
(i) ভাববাদ অনুসৰি বাহ্য জগতৰ স্বতন্ত্ৰ অস্তিত্ব নাই, বাহ্য জগতৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল৷
(ii) ভাববাদে বস্তুতকৈ মনক বেছি গুৰুত্ব দিয়ে৷ জগতখন বস্তুৰ দ্বাৰা নহয় মনৰ দ্বাৰাহে নিয়ন্ত্ৰিত হয়৷
(iii) ভাববাদ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্বন্ধ আন্তৰ সম্বন্ধ৷
(iv) ভাববাদী সকলৰ মতে এখন উদ্দেশ্যধর্মী জগত আছে যাৰ প্ৰকৃত স্বৰূপ আধ্যাত্মিক৷
(v) ভাববাদ মতে ঈশ্বৰ জগতৰ পৰা বাহ্যিক বা পৃথক নহয়৷ ঈশ্বৰ জগতৰে আভ্যন্তৰীণ মূলসূত্ৰ৷
৩। বাস্তৱবাদ আৰু ভাববাদৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা৷
Ans: বাস্তৱবাদ আৰু ভাববাদৰ মাজত পাৰ্থক্য–
(i) বাস্তৱবাদ অনুসৰি বাহ্য জগতৰ মননিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব আছে৷ কিন্তু ভাববাদ অনুসৰি বাহ্য জগতৰ মননিৰপেক্ষ স্বতন্ত্ৰ অস্তিত্ব নাই৷
(ii) বাস্তৱবাদে জ্ঞাতাতকৈ জ্ঞেয়বস্তুৰ বেছি প্ৰধান্য দিয়ে৷ কিন্তু ভাববাদে জ্ঞেয়বস্তুতকৈ জ্ঞাতাক বেছি প্ৰধান্য দিয়ে৷
(iii) বাস্তৱবাদ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্বন্ধ বাহ্য সম্বন্ধ৷ কিন্তু ভাববাদ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্বন্ধ আন্তৰ সম্বন্ধ৷
(iv) ভাববাদী একত্ববাদ বা অদ্বৈতবাদত বিশ্বাসী৷ কিন্তু বাস্তৱবাদ বহুত্ববাদত বিশ্বাসী৷
(v) ভাববাদ এক আধ্যাত্মিক মতবাদ৷ ভাববাদ অনুসৰি জগতখনৰ প্ৰকৃত স্বৰূপ আধ্যাত্মিক৷ কিন্তু বাস্তৱবাদ এক বস্তুবাদী মতবাদ৷
৪। ভাববাদ কেই প্ৰকাৰৰ আৰু কি কি?
Ans: ভাববাদ তিনি প্ৰকাৰৰ–
(i) আত্মনিষ্ঠ বা আত্মগত ভাববাদ৷
(ii) অৱভাসিক ভাববাদ৷
(iii) বস্তুনিষ্ঠ বা বিষয়নিষ্ঠ ভাববাদ৷
Comments
Post a Comment