লাইৱনিজৰ মনাড বা দ্ৰব্যতত্ব (Leibnitz's Monad or theory of substance)
মনাডবোৰ অসংখ্য যদিও এটা আনটোৰ পৰা স্বতন্ত্ৰ৷ মনাডবোৰ স্বয়ংক্ৰিয়, স্বাধীন আৰু অন্যনিৰেপক্ষ৷ মনাডবোৰ চেতন পদাৰ্থ– এক আধ্যাত্মিক একক৷ মনাডবোৰ সৰল, অবিভাজ্য আৰু নিৰংশ৷ কাৰণ চেতনাৰ বিভাজন বা অংশ সম্ভৱ নহয়৷ প্ৰত্যেক মনাড অনন্ত শক্তিসম্পন্ন– সমগ্ৰ জগতক প্ৰতিবিম্বিত কৰাৰ ক্ষমতা প্ৰত্যেক মনাডতে সুপ্তভাৱে থাকে৷
মনাডৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল– প্ৰত্যেক মনাড গবাক্ষবিহীন বা বাতায়নহীন [windowless]৷ অৰ্থাৎ মনাডৰ ভিতৰত প্ৰৱেশ বা নিৰ্গমনৰ কোনো পথ নাই৷ প্ৰত্যেক মনাডৰ মাজত আভ্যন্তৰীণ ক্ৰিয়া আছে আৰু এটা মনাডৰ ক্ৰিয়া আনটো মনাডক প্ৰভাৱিত কৰিব নোৱাৰে৷
লাইৱনিজৰ মতে, মনাডবোৰৰ মাজত এক ধাৰাবাহিক ঐক্য আছে৷ অৱশ্যে, দুটা মনাড সম্পূৰ্ণৰূপে এক বা অভিন্ন নহয়৷ মনাডবোৰৰ মাজত ক্ৰিয়াশক্তিৰ তাৰতম্য বা পাৰ্থক্য আছে আৰু সেই অনুসাৰে মনাডবোৰৰ প্ৰত্যক্ষণ স্পষ্ট বা অস্পষ্ট হয়৷ কোনো মনাড কম সক্ৰিয় আৰু কোনো মনাড বেছি সক্ৰিয়৷ যি মনাড কম সক্ৰিয় তাৰ চেতনা কম স্পষ্ট আৰু যি মনাড বেছি সক্ৰিয় সেই মনাডৰ সক্ৰিয়তা বেছি স্পষ্টতৰ৷ এই দিশৰ ওপৰত গুৰুত্ব দি লাইৱনিজে মনাডবোৰ তিনিটা স্তৰত [grades] ভাগ কৰিছে– অচেতন [unconscious], সচেতন [conscious] আৰু আত্মসচেতন [self-conscious]৷ অচেতন মনাড হ’ল বিভিন্ন জড়পদাৰ্থ আৰু উদ্ভিদ; সচেতন মনাড হ’ল ইতৰ জীৱ বা প্ৰাণী; আৰু আত্মসচেতন মনাড বুলিলে মানৱাত্মাক [human soul] বুজোৱা হয়৷ ক্ৰমবিন্যাসৰ সৰ্বোচ্ছ স্তৰত আছে ঈশ্বৰ-মনাড আৰু ঈশ্বৰ-মনাড পৰিপূৰ্ণ সক্ৰিয় মনাড৷ ঈশ্বৰ-মনাডৰ প্ৰত্যক্ষণ আৰু চেতনা অনন্ত আৰু অসীম৷ দ্ৰব্যৰূপে ঈশ্বৰ-মনাডেই সকলো প্ৰকাৰৰ মনাডৰ ভিতৰত শ্ৰেষ্ঠ মনাড [Highest Monad or Queen Monad] আৰু অন্যান্য মনাডৰ স্ৰষ্টা৷ ঈশ্বৰ মনাড হ’ল ‘মনাডৰ মনাড’ [Monad of monads]৷
লাইৱনিজৰ মতানুসাৰে মনাডবোৰৰ বিশিষ্টতা আৰু ব্যক্তিত্বৰ বাবে প্ৰতিটো মনাডেই স্বাধীন আৰু কোনোৱে কাৰো ওপৰত ক্ৰিয়া কৰিব নোৱাৰে৷ অৱশ্যে, এটা মনাডৰ মাজত পৰিৱৰ্তন ঘটিলে অৰ্থাৎ জগত সম্পৰ্কে কোনো প্ৰত্যক্ষণ বা চিন্তন প্ৰতিবিম্বিত হ’লে অন্য মনাডৰ মাজত এনেকুৱা প্ৰত্যক্ষণ বা চিন্তনৰ প্ৰতিফলন ঘটে৷ এই বিষয়টোক ব্যাখ্যা কৰাৰ বাবে লাইৱনিজে ‘পূৰ্বপ্ৰতিষ্ঠিত শৃংখলাৰ’ [Pre-established Harmony] কথা উল্লেখ কৰিছে৷ লাইৱনিজৰ মতে, ঈশ্বৰ বা সৰ্বশ্ৰেষ্ঠ মনাড অন্যান্য মনাডবোৰক পূৰ্বৰে পৰা এনেদৰে শৃংখলাবদ্ধ কৰিছে যে, বিভিন্ন মনাডবোৰৰ ঘটনা-প্ৰবাহৰ মাজত সামঞ্জস্য দেখা যায়৷ ঈশ্বৰ প্ৰতিটো মনাডৰ মাজত এনে গুণ আৰোপ কৰিছে যাৰ ফলত প্ৰতিটো মনাডত স্বতঃস্ফূত বিশ্বজগত প্ৰতিফলিত হয়৷ এই পূৰ্বপ্ৰতিষ্ঠিত শৃংখলা অনুসাৰে এটা মনাডৰ পৰিৱৰ্তনৰ ফলত অন্য মনাডৰ মাজতো পৰিৱৰ্তন সাধিত হয়৷ পৰস্পৰৰ মাজত এই পৰিৱৰ্তনৰ ফলত একেই ৰকমৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
Comments
Post a Comment