নৈতিক আৰু অনৈতিক ক্ৰিয়া, ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়া (Moral and Immoral Action, Voluntary and non-voluntary action)

১। নৈতিক কৰ্ম কাক বোলে? 
 Ans: যি প্ৰক্ৰিয়াত নৈতিক গুণ আছে অৰ্থাৎ যি ক্ৰিয়া ভাল-বেয়া, উচিত-অনুচিত আদিৰ লগত জড়িত তাক নৈতিক কৰ্ম বুলি কোৱা হয়৷ 
 
২। অনৈতিক কৰ্ম কাক বোলে? 
 Ans: যি কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি, অৰ্থাৎ যি ক্ৰিয়াৰ ভাল-বেয়া, উচিত-অনুচিত আদিৰ বিচাৰ কৰিব নোৱাৰি, তাক অনৈতিক কৰ্ম বা ক্ৰিয়া বোলে৷ 

 ৩। নৈতিক আৰু অনৈতিক ক্ৰিয়াৰ পাৰ্থক্য নিৰ্ণয় কৰা৷ 
 Ans: নৈতিক আৰু অনৈতিক ক্ৰিয়াৰ পাৰ্থক্য– 
(i) নৈতিক ক্ৰিয়াৰ ক্ষেত্ৰত ভাল-বেয়া, উচিত-অনুচিত আদি নৈতিক গুণ আৰোপ কৰিব পাৰি৷ কিন্তু অনৈতিক ক্ৰিয়াৰ ক্ষেত্ৰত ভাল-বেয়া, উচিত-অনুচিত আদি নৈতিক গুণ আৰোপ কৰিব নোৱাৰি৷ 
 (iii) নৈতিক ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ ইচ্ছাৰ স্বাধীনতা থাকে৷ কিন্তু অনৈতিক ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ কোনো স্বাধীনতা নাথাকে৷ 
 (iii) নৈতিক কৰ্মৰ বাবে কৰ্তাক দায়ী কৰিব পাৰি৷ কিন্তু অনৈতিক কৰ্মৰ বাবে কৰ্তা দায়ী নহয়৷ 

 ৪। অনৈচ্ছক ক্ৰিয়াৰ কাক বোলে? 
 Ans: যি ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ ইচ্ছাৰ স্বাধীনতা নাথাকে, যি ক্ৰিয়া আকস্মাৎ বা আকস্মিকভাৱে বা পৰাধীনভাৱে সম্পাদিত হয়, তাক অনৈচ্ছক ক্ৰিয়াৰ বোলে৷ যেনে– হাতৰ পৰা গিলাচ এটা পৰি যোৱা, চকু টিপ মৰা ইত্যাদি৷ 

 ৫। ঐচ্ছিক আৰু অনৈচ্ছক ক্ৰিয়াৰ পাৰ্থক্য নিৰ্ণয় কৰা৷ 
 Ans: ঐচ্ছিক আৰু অনৈচ্ছক ক্ৰিয়াৰ পাৰ্থক্য– 
 (i) ঐচ্ছিক ক্ৰিয়া হ’ল নৈতিক ক্ৰিয়া৷ ঐচ্ছিক ক্ৰিয়াৰ ক্ষেত্ৰত নৈতিক গুণ আৰোপ কৰিব পাৰি৷ কিন্তু অনৈচ্ছক ক্ৰিয়া অনৈতিক ক্ৰিয়া, অনৈচ্ছক ক্ৰিয়াৰ ক্ষেত্ৰত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি৷ 
 (ii) ঐচ্ছিক ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ ইচ্ছাৰ স্বাধীনতা থাকে৷ কিন্তু অনৈচ্ছক ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ ইচ্ছাৰ স্বাধীনতা নাথাকে৷ 
 (iii) ঐচ্ছিক ক্ৰিয়াৰ বাবে কৰ্তা সদায় দায়ী৷ কিন্তু অনৈচ্ছক ক্ৰিয়াৰ বাবে কৰ্তা দায়ী নহয়৷ 

 ৬। ঐচ্ছিক ক্ৰিয়াৰ স্তৰ কেইটা আৰু কি কি? 
 Ans: ঐচ্ছিক ক্ৰিয়াৰ তিনিটা স্তৰ বা পৰ্যায় আছে৷ 
 (i) মানসিক স্তৰ৷ (ii) দৈহিক বা শাৰীৰিক স্তৰ৷ (iii) বাহ্য স্তৰ বা পৰিসমাপ্তি স্তৰ৷ 

 ৭। ঐচ্ছিক ক্ৰিয়াৰ স্তৰ কেইটা বিশ্লেষণ কৰা৷ 
 Ans: ঐচ্ছিক ক্ৰিয়া এটা বিশ্লেষণ কৰিলে ইয়াৰ তিনিটা স্তৰ বা পৰ্যায় পোৱা যায়৷ যেনে– (i) মানসিক স্তৰ , (ii) দৈহিক বা শাৰীৰিক স্তৰ; আৰু (iii) বাহ্য স্তৰ বা পৰিসমাপ্তি স্তৰ৷ 

 (i) মানসিক স্তৰঃ– মানসিক স্তৰত তলত দিয়া মানসিক উপাদান সমূহ থাকে৷ যেনে– 
[ক] কৰ্মৰ উৎসঃ– অভাৱবোধ হৈছে মানুহৰ মানসিক ক্ৰিয়াৰ উৎস৷ অভাৱ দূৰ কৰিবলৈ মানুহে কৰ্মত প্ৰবৃত্ত হয়৷ 
 [খ] লক্ষ্য বা উদ্দেশ্যঃ– অভাৱ দৰ কৰিব পৰা বস্তুটোক ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য আৰু বস্তুটোৰ চিন্তা বা ধাৰণাক ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য বুলি কোৱা হয়৷ 
 [গ] কামনাঃ– অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ ধাৰণা আৰু বস্তুটো পাবলৈ মনত জন্মা আগ্ৰহ বা আকুলতা হ’ল কামনা৷ 
 [ঘ] কামনাৰ সংঘাতঃ– একে সময়তে মনত উদয় হোৱা একাধিক কামনাই কামনাৰ সংঘাত বা দন্দ্ব৷ 
 [ঙ] বিবেচনা আৰু নিৰ্বাচনঃ – বহুতো উদ্দেশ্য আৰু কামনাৰ পৰা গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সঠিক বিবেচনা কৰি এটা নিৰ্বাচন কৰি লোৱাই হ’ল ঐচ্ছিক ক্ৰিয়াৰ বিবেচনা আৰু নিৰ্বাচন৷
 [চ] সিদ্ধান্ত আৰু সংকল্পঃ– এটা নিৰ্দিষ্ট কামনাক নিৰ্বাচন কৰাৰ পিছত তাক চাৰিতাৰ্থ কৰিবলৈ সিদ্ধান্ত কৰা হয় আৰু তাক কাৰ্যকৰী কৰাৰ বাবে মানুহে সংকল্প লয়৷ 

 (ii) দৈহিক বা শাৰীৰিক স্তৰঃ– অভিপ্ৰায় পূৰণ কৰাৰ বাবে ব্যক্তিয়ে অংগ-প্ৰত্যংগ আৰু মাংসপেশীৰ সঞ্চালন কৰিব লাগিব৷ মানসিক সংকল্প শৰীৰৰ মাধ্যমেৰে কৰ্মত ৰূপায়িত কৰাই দৈহিক স্তৰ৷ 

 (iii) পৰিসমাপ্তিৰ স্তৰঃ– কাম্য বা কাংক্ষিত ফল লাভেই ঐচ্ছিক ক্ৰিয়াৰ পৰিসমাপ্তি৷ এই প্ৰাপ্তি কেতিয়াবা প্ৰত্যাশিত আৰু কেতিয়াবা অপ্ৰত্যাশিত হয়৷ 

 ৮। ঐচ্ছিক ক্ৰিয়াৰ মানসিক স্তৰসমূহ বিশ্লেষণ কৰা৷ 
Ans: মানসিক স্তৰত তলত দিয়া মানসিক উপাদান সমূহ থাকে৷ যেনে– 
[ক] কৰ্মৰ উৎসঃ– অভাৱবোধ হৈছে মানুহৰ মানসিক ক্ৰিয়াৰ উৎস৷ অভাৱ দূৰ কৰিবলৈ মানুহে কৰ্মত প্ৰবৃত্ত হয়৷ 
 [খ] লক্ষ্য বা উদ্দেশ্যঃ– অভাৱ দৰ কৰিব পৰা বস্তুটোক ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য আৰু বস্তুটোৰ চিন্তা বা ধাৰণাক ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য বুলি কোৱা হয়৷ 
 [গ] কামনাঃ– অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ ধাৰণা আৰু বস্তুটো পাবলৈ মনত জন্মা আগ্ৰহ বা আকুলতা হ’ল কামনা৷ 
 [ঘ] কামনাৰ সংঘাতঃ– একে সময়তে মনত উদয় হোৱা একাধিক কামনাই কামনাৰ সংঘাত বা দন্দ্ব৷ 
 [ঙ] বিবেচনা আৰু নিৰ্বাচনঃ – বহুতো উদ্দেশ্য আৰু কামনাৰ পৰা গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি সঠিক বিবেচনা কৰি এটা নিৰ্বাচন কৰি লোৱাই হ’ল ঐচ্ছিক ক্ৰিয়াৰ বিবেচনা আৰু নিৰ্বাচন৷
 [চ] সিদ্ধান্ত আৰু সংকল্প ঃ– এটা নিৰ্দিষ্ট কামনাক নিৰ্বাচন কৰাৰ পিছত তাক চাৰিতাৰ্থ কৰিবলৈ সিদ্ধান্ত কৰা হয় আৰু তাক কাৰ্যকৰী কৰাৰ বাবে মানুহে সংকল্প লয়৷ 

 ৯। অনৈচ্ছক ক্ৰিয়া বিশ্লেষণ কৰা৷ অথবা অনৈচ্ছিক ক্ৰিয়া কাক বোলে? অনৈচ্ছিকা ক্ৰিয়া সমূহ কি কি? অথবা অনৈচ্ছছিক ক্ৰিয়াৰ ওপৰত এটি চমুটোকা লিখা৷ 
 Ans: যি ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তাৰ ইচ্চাৰ স্বাধীনতা নাথাকে, যি ক্ৰিয়া আকস্মাৎ বা আকস্মিকভাৱে বা পৰাধীনভাৱে সম্পাদিত হয়, তাক অনৈচ্ছক ক্ৰিয়া বোলে৷ তলত উল্লেখ কৰা ক্ৰিয়াসমূহ অনৈতিক বা অনৈচ্ছিক ক্ৰিয়াৰ ভিতৰত পৰে– 
 (i) নিৰ্জীৱ বা অচেতন বস্তুৰ দ্বাৰা সংঘটিত কৰ্ম বা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ঘটনা অনৈতিক বা অনৈচ্ছক ক্ৰিয়া, যেনে-- বানপানী ইত্যাদি৷ 
 (ii) ইতৰ প্ৰানীৰ কৰ্ম বা আচৰণ অনৈচ্ছক বা অনৈতিক৷ 
 (iii) সৰু লৰা-ছোৱালী বা শিশুৰ স্বতঃস্ফূৰ্ত ক্ৰিয়াসমূহ অনৈচ্ছক৷ 
 (iv) সহজাত ক্ৰিয়া, যেনে– চৰাইৰ বাহঁ সজা, মকৰাই জাল গথা, ইত্যাদি ক্ৰিয়া অনৈতিক বা অনৈচ্ছক৷  
 (v) প্ৰত্যাৱৰ্তী ক্ৰিয়া অৰ্থাৎ যিবোৰ ক্ৰিয়া কোনো উদ্দীপকৰ সন্নিধ্যত সংবেদনশীল ইন্দ্ৰিয়ৰ জৰিয়তে স্বয়ংক্ৰীয়ভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ সেইবোৰ ক্ৰিয়া অনৈতিক বা অনৈচ্ছিক৷ যেনে– উজ্জ্বল পোহৰ চকুত পৰিলে চকু মুদ খায়৷ 
 (vi) ভাবজ ক্ৰিয়া অৰ্থাৎ মনত উদয় হোৱা ভাব ধাৰণা আমাৰ অজ্ঞাতসাৰে হঠাৎ ক্ৰিয়াত পৰিণত হয়৷ এনে ক্ৰিয়াত অনৈতিক বা অনৈচ্ছক৷  

১০। অভ্যাসজাত ক্ৰিয়া কাক বোলে? 
 Ans: অভ্যাসজাত ক্ৰিয়া ঐচ্ছিক ক্ৰিয়াৰ পুনৰাবৃত্তিৰে পৰিণতি৷ যেতিয়া কোনো এটা ক্ৰিয়া ইচ্ছাকতভাৱে বাৰে বাৰে অনুশীলন কৰা হয় তেতিয়া সি অভ্যাসজাত ক্ৰিয়াত পৰিণত হয়৷ যেনে– ৰাতিপূৱা সোনকালে টোপনিৰ পৰা উঠিলে লাহে লাহে ই অভ্যাসত পৰিণত হয়৷

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?