নৈতিক বিচাৰ আৰু নৈতিক বিচাৰৰ বিষয়বস্তু (Moral judgement)

১। নৈতিক বিচাৰ কাক বোলে? 
 Ans: নৈতিক বিচাৰ বুলিলে বুজায় মানুহৰ স্বেচ্চাকৃত কাৰ্যৰ অৰ্থাৎ আচৰণৰ ভাল বেয়া বিচাৰ৷ গতিকে যি অবধাৰণাৰ দ্বাৰা মানুহৰ স্বেচ্চাকৃত কৰ্ম বা আচৰণৰ ভাল-বেয়া, ন্যায়-অন্যায়, উচিত-অনুচিত আদি বিচাৰ কৰা হয় তাক নৈতিক বিচাৰ বোলে৷ 
     অথবা 
যি অবধাৰণাৰ দ্বাৰা মানুহৰ কৰ্মৰ বা আচৰণৰ ভাল-বেয়া, উচিত-অনুচিত,ন্যায়-অন্যায় আদি নিৰ্ণয় কৰা হয় তাক নৈতিক অৱধাৰণ বা নৈতিক বিচাৰ বোলে৷ 

 ২। নৈতিক বিচাৰৰ বিষয়বস্তু কি কি? 
 Ans: ঐচ্চিক ক্ৰিয়া নীতিবিদ্যাৰ মূল আলোচ্য বিষয়৷ ঐচ্চিক ক্ৰিয়াক বিশ্লেষণ কৰিলে ইয়াৰ তিনিটা স্তৰ– [ক] মানসিক [খ] শাৰীৰিক বা দৈহিক আৰু [গ] পৰিসমাপ্তিৰ স্তৰ কেইটা পোৱা যায়৷ দৈহিক বা শাৰীৰিক স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ’ব নোৱাৰে৷ কাৰণ দৈহিক ক্ৰিয়া যান্ত্ৰিক৷ ই কেৱল মানসিক সিদ্ধান্তৰ বাহি্যক প্ৰতিফলন৷ পৰিসমাপ্তিৰ স্তৰ নৈতিক বিচাৰৰ বিষয়বস্তু হ’ব নোৱাৰে৷ কাৰণ পৰিণাম বা ফল সকলো সময়তে সৎ বা ভাল নহয়৷ উদ্দেশ্য সৎ হ’লেও উদ্দেশ্য সাধনৰ উপায় যদি অসৎ হয় তেনেহলে সেই কামৰ কোনো মূল্য নাথাকে৷ প্ৰকৃততে নৈতিক বিচাৰৰ বিষয়বস্তু হৈছে অভিপ্ৰায়৷ অভিপ্ৰায়ত ঐচ্চিক ক্ৰিয়াৰ মানসিক স্তৰৰ সকলো উপাদান, যেনে– কৰ্মৰ উৎস, কামনা, লক্ষ্য, উদ্দেশ্য, উপায় আদি নিহিত থাকে৷ দৰাচলতে অভিপ্ৰায়ত মানসিক স্তৰৰ আটাইকেইটা উপাদানে পৰিসমাপ্তি লাভ কৰে৷

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?