নীতিবিজ্ঞানৰ স্বৰূপ বা প্ৰকৃতি আৰু পৰিসৰ বা আলোচ্য বিষয়বস্তু (Nature and Scope of Ethics)


১৷ নীতিবিজ্ঞানৰ স্বৰূপ বা প্ৰকৃতি আলোচনা কৰা৷ Ans: নীতিবিজ্ঞানৰ স্বৰূপ বা প্ৰকৃতি তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি– 
 (i) নীতিবিজ্ঞানত মানুহৰ আচৰণৰ ভাল-বেয়া, ন্যায়-অন্যায়, উচিত-অনুচিত ইত্যাদি বিচাৰ কৰা হয়৷ গতিকে নীতিবিজ্ঞান মানুহৰ আচৰণ সম্পৰ্কীয় এক আদৰ্শনিষ্ঠ শাস্ত্ৰ৷ 
 (iii) নীতিবিজ্ঞানে মানুহৰ ঐচ্ছিক ক্ৰিয়াক আলোচনা কৰে৷ যি কৰ্ম বা ক্ৰিয়া মানুহে নিজ ইচ্চাৰে সম্পাদন কৰে, নীতিবিজ্ঞানে কেৱল তাৰহে আলোচনা কৰে৷  
(iii) নীতিবিজ্ঞান এক আদৰ্শনিষ্ঠ বিজ্ঞান৷ নীতিবিজ্ঞানত মানুহৰ আচৰণ ভাল নে বেয়া, উচিত নে অনুচিত ইত্যাদিৰ মূল্যাংকন কৰা হয় অৰ্থাৎ আদৰ্শনিষ্ঠ আলোচনা কৰা হয়৷ 
 (iv) নীতিবিজ্ঞান বিজ্ঞান আৰু কলা উভয়ে৷ বিজ্ঞান হিচাপে নীতি বিজ্ঞানৰ এক নিৰ্দিষ্ট আলোচ্য বিষয়বস্তু আছে আৰু সেইটো হৈছে মানুহৰ আচৰণ৷ কলা হিচাপে নীতি বিজ্ঞানে নৈতিক আচৰণৰ নিয়মাৱলীক মানুহৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰাৰ ৰীতি-নীতিৰ শিক্ষা দিয়ে৷ 
 (v) নীতিবিজ্ঞান তাত্ত্বিক আৰু ব্যৱহাৰিক উভয়েই৷ নীতিবিজ্ঞানৰ তত্ত্বগত জ্ঞান মানুহৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰা হয়৷ ব্যৱহাৰিক নীতিবিজ্ঞান ইয়াৰ উৎকৃষ্ট উদাহৰণ৷ 

 ২৷ নীতিবিজ্ঞানৰ পৰিসৰ বা আলোচ্য বিষয়বস্তু উল্লেখ কৰা৷ 
 Ans: নীতিবিজ্ঞানৰ পৰিসৰ বা আলোচ্য বিষয়বস্তু তলত দিয়া ধৰণে তুলি ধৰিব পাৰি– 
(i) নীতিবিজ্ঞানৰ মূল আলোচ্য বিষয় হ’ল মানুহৰ ঐচ্ছিক ক্ৰিয়া৷ ঐচ্ছিক ক্ৰিয়াৰ স্বৰূপ, অনৈচ্ছিক ক্ৰিয়াৰ লগত ইয়াৰ পাৰ্থক্য, নৈতিক আৰু অনৈতিক কৰ্ম ইত্যাদি নীতিবিজ্ঞানৰ আলোচ্য বিষয়৷ 
 (iii) নীতিবিজ্ঞানত নৈতিক বিচাৰ সম্পৰ্কেও আলোচনা কৰা হয়৷ নৈতিক বিচাৰৰ স্বৰূপ, বিষয়বস্তু, বৃত্তি, কৰ্তা ইত্যাদি নীতিবিদ্যাৰ পৰিসৰভূক্ত৷ 
 (iii) নীতিবিজ্ঞানৰ কিছুমান স্বীকাৰ্য সত্য আছে, যিবিলাক বিনা প্ৰমাণে মানি লোৱা হয়৷ ব্যক্তিত্ব, বিচাৰবুদ্ধি আৰু ইচ্চাৰ স্বাধীনতা নীতিবিদ্যাৰ মূল স্বীকাৰ্য সত্য৷ আনহাতে, আত্মাৰ অমৰত্ব আৰু ঈশ্বৰৰ অস্তিত্ব কাণ্ট স্বীকৃত দুটা গৌণ স্বীকাৰ্য সত্য৷ 
 (iv) নীতিবিজ্ঞানে নৈতিক প্ৰত্যয় বা ধাৰণা যেনে– ভাল-বেয়া, উচিত-অনুচিত, ন্যায়-অন্যায়, কৰ্তব্য ইত্যাদি ধাৰণাবোৰৰ অৰ্থ আৰু স্বৰূপ সম্পৰ্কে আলোচনা কৰে৷ 
 (v) নীতিবিজ্ঞানে মানুহৰ আচৰণৰ লগত যুক্ত অন্যান্য বিজ্ঞান, যেনে– মনোবিজ্ঞান, সমাজ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, ধৰ্মশাস্ত্ৰ ইত্যাদিৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰে৷ 

ইয়াৰ উপৰিও, নীতিবিজ্ঞানে নৈতিক আৰ্দশ, নৈতিক ভবাৱেক, বিবেক, নৈতিক চেতনা, অধিকাৰ আৰু কৰ্তব্য, সমাজ, ব্যক্তি, শাস্তি আদিৰ বিষয়ো আলোচনা কৰে৷


Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?