ধৰ্ম আৰু নৈতিকতাৰ সম্বন্ধ (Relation between Religion and Morality)
ধৰ্ম হৈছে এনে এক অতি প্ৰাকৃত সত্তাত মানুহৰ বিশ্বাস যি বিশ্বাসে মানুহৰ সকলো প্ৰকাৰৰ অনুভূতি আৰু কাৰ্য নিয়ন্ত্ৰণ কৰে৷ এই অতি প্ৰকৃত সত্তা হৈছে সবৰ্জ্ঞ, সবৰ্শক্তিমান ঈশ্বৰ৷ ধৰ্ম চিন্তা, অনুভূতি আৰু ইচ্চাৰ সন্মলিত প্ৰকাশ৷
আনহাতে, নৈতিকতা হৈছে সমাজত বাস কৰা মনুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান৷ পৰম কল্যাণ বা শ্ৰেয়ই হৈছে নৈতিকতাৰ আদৰ্শ৷
ধৰ্ম আৰু নৈতিকতাৰ সম্বন্ধ অতি নিবিড়৷ ধৰ্ম আৰু নীতি পৃথক কৰিব নোৱাৰাকৈ সম্পৰ্কিত৷ ইহঁতে পৰস্পৰক প্ৰভাৱিত কৰে৷ ইচ্চাৰ স্বাধীনতা, আত্মাৰ অমৰত্ব, ঈশ্বৰৰ অস্তিত্ব আদি বিষয়সমূহ ধৰ্ম আৰু নীতিশাস্ত্ৰ উভয়ৰে আলোচ্য বিষয়ৰ অন্তৰ্ভূক্ত আৰু স্বীকাৰ্য সত্য৷
নৈতিকতা আদৰ্শ অসীম আৰু মানুহে সসীম পাৰ্থিব জীৱনত এই আদৰ্শ অৰ্থাৎ পৰমশ্ৰেয়ক সম্পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ সক্ষম নহয়৷ ধৰ্মৰ দৰে নীতিশাস্ত্ৰয়ো আত্মাৰ অমৰত্বত বিশ্বাস কৰে বাবে জন্মান্তৰবাদৰ ধাৰণাকো মানি চলে৷ সেয়েহে এই জীৱনত পৰমশ্ৰেয়ক সম্পূৰ্ণৰূপে উপলদ্ধি কৰিব নোৱাৰা মানুহে জন্ম-জন্মান্তৰৰ চেষ্টাৰ মাধ্যমেৰে এই আদৰ্শৰ কাষ চাপে৷ মানুহৰ ইহ জীৱন হৈছে ভৱিষ্যতৰ অসীম জীৱনৰ প্ৰস্তুত্তি মাত্ৰ৷ পাৰ্থিৱ জীৱনৰ সমাপ্তিৰ পিছতো পুনৰ জীৱন আছে বুলি থকা বিশ্বাসে নৈতিক আচৰণ কৰাত মানুহক অনুপ্ৰাণিত কৰে৷ এই বিশ্বাসৰ বাবেই ইহ জীৱনত সৎ কাম কৰাৰ ফলত ঈশ্বৰে পৰৱতী জীৱনত আশাপ্ৰদ ফল দিব বুলি মানুহে ভাবে৷ গতিকে দেখা যায় যে ধৰ্ম আৰু নৈতিকতাৰ মাজত অতি গভীৰ সম্বন্ধ আছে৷
Comments
Post a Comment