ধৰ্ম আৰু নৈতিকতা সম্বন্ধ (Relation between Religion and Morality)

১। ধৰ্ম আৰু নৈতিকতাৰ পাৰ্থক্য বা বৈসাদৃশ্য উল্লেখ কৰা৷ 
 Ans: ধৰ্ম আৰু নৈতিকতাৰ পাৰ্থক্য– 

(i) ধৰ্ম ঈশ্বৰকেন্দ্ৰিক, কিন্তু নৈতিকতা মানৱকেন্দ্ৰিক৷ 

(ii) নৈতিকতাৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পৰ্ক নাই৷ কিন্তু ধৰ্মৰ লগত সত্তাৰ অলৌকিকতাৰ সম্পৰ্ক আছে৷ 

 (iii) নৈতিকতাত কেৱল কল্যাণ সম্পৰ্কে আলোচনা কৰা হয়৷ কিন্তু ধৰ্মত কল্যাণৰ বাহিৰেও সত্য আৰু সুন্দৰৰো আলোচনা কৰা হয়। 

 (iv) নীতি হ’ল সসীমৰ দিশলৈ অগ্ৰগতি, কিন্তু ধৰ্ম হ’ল সসীমৰ মাজৰ পৰা অগ্ৰগতি৷ 

 (v) নৈতিকতা প্ৰধানতঃ আৱেগমুক্ত৷ আনহাতে, ধৰ্ম হ’ল আৱেগযুক্ত অভিজ্ঞতা৷ 

 (iv) ইচ্ছাৰ স্বাধীনতাৰ চেতনা অবিহনে নীতি সম্ভৱ নহয়৷ আনহাতে, ধৰ্মৰ ক্ষেত্ৰ হ’ল অনিবাৰ্যতাৰ ক্ষেত্ৰ৷ 

 ২। ধৰ্ম আৰু নৈতিকতাৰ সাদৃশ্য উল্লেখ কৰা৷ 
 Ans: ধৰ্ম আৰু নৈতিকতাৰ সাদৃশ্য– 
(iv) ধৰ্ম আৰু নৈতিকতা উভয়ে মানুহৰ আচৰণক নিয়ন্ত্ৰণ কৰে৷ সং আচৰণ আৰু সং কৰ্মই ধৰ্ম আৰু নৈতিকতাৰ উদ্দেশ্য৷ 

(iv) ধৰ্ম আৰু নৈতিকতা উভয়ে আত্মাৰ অমৰত্বত বিশ্বাস কৰে৷ 


 ৩। ধৰ্ম আৰু নৈতিকতাৰ সম্বন্ধ ব্যাখ্যা কৰা৷ 
 Ans: ধৰ্ম হৈছে এনে এক অতিপ্ৰাকৃত সত্তাত মানুহৰ বিশ্বাস যি বিশ্বাসে মানুহৰ সকলো প্ৰকাৰৰ অনুভূতি আৰু কাৰ্যক নিয়ন্ত্ৰণ কৰে৷ এই অতিপ্ৰকৃত সত্তা হৈছে সবৰ্জ্ঞ, সবৰ্শক্তিমান ঈশ্বৰ৷ ধৰ্ম চিন্তা, অনুভূতি আৰু ইচ্ছাৰ সন্মলিত প্ৰকাশ৷ আনহাতে, নৈতিকতা হৈছে সমাজত বাস কৰা মনুহৰ আচৰণ সম্পৰ্কীয় আদৰ্শনিষ্ঠ বিজ্ঞান৷ পৰম কল্যাণ বা পৰমশ্ৰেয়ই হৈছে নৈতিকতাৰ আদৰ্শ৷ 

ধৰ্ম আৰু নৈতিকতাৰ সম্বন্ধ অতি নিবিড়৷ ধৰ্ম আৰু নীতি পৃথক কৰিব নোৱাৰাকৈ সম্পৰ্কিত৷ ইহঁতে পৰস্পৰক প্ৰভাৱিত কৰে৷ ইচ্ছাৰ স্বাধীনতা, আত্মাৰ অমৰত্ব, ঈশ্বৰৰ অস্তিত্ব আদি বিষয়সমূহ ধৰ্ম আৰু নীতিশাস্ত্ৰ উভয়ৰে আলোচ্য বিষয়ৰ অন্তৰ্ভূক্ত আৰু স্বীকাৰ্য সত্য৷ নৈতিকতা আদৰ্শ অসীম আৰু মানুহে সসীম পাৰ্থিব জীৱনত এই আদৰ্শ অৰ্থাৎ পৰমশ্ৰেয়ক সম্পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ সক্ষম নহয়৷ ধৰ্মৰ দৰে নীতিশাস্ত্ৰয়ো আত্মাৰ অমৰত্বত বিশ্বাস কৰে বাবে জন্মান্তৰবাদৰ ধাৰণাকো মানি চলে৷ সেয়েহে এই জীৱনত পৰমশ্ৰেয়ক সম্পূৰ্ণৰূপে উপলদ্ধি কৰিব নোৱাৰা মানুহে জন্ম-জন্মান্তৰৰ চেষ্টাৰ মাধ্যমেৰে এই আদৰ্শৰ কাষ চাপে৷ মানুহৰ ইহ জীৱন হৈছে ভৱিষ্যতৰ অসীম জীৱনৰ প্ৰস্তুত্তি মাত্ৰ৷ পাৰ্থিৱ জীৱনৰ সমাপ্তিৰ পিছতো পুনৰ জীৱন আছে বুলি থকা বিশ্বাসে নৈতিক আচৰণ কৰাত মানুহক অনুপ্ৰাণিত কৰে৷ এই বিশ্বাসৰ বাবেই ইহ জীৱনত সৎ কাম কৰাৰ ফলত ঈশ্বৰে পৰৱৰ্তী জীৱনত আশাপ্ৰদ ফল দিব বুলি মানুহে ভাবে৷ গতিকে দেখা যায় যে ধৰ্ম আৰু নৈতিকতাৰ মাজত অতি গভীৰ সম্বন্ধ আছে৷

Comments

Popular posts from this blog

বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমন, বৈশিষ্ট্য, সাদৃশ্য, পাৰ্থক্য আৰু মূল্য

নিৰীক্ষণ কাক বোলে, পৰীক্ষণ কাক বোলে, নিৰীক্ষণৰ বৈশিষ্ট্য, পৰীক্ষণৰ বৈশিষ্ট্য

সাদৃশানুমান, ইয়াৰ প্ৰকাৰ, সাদৃশানুমানৰ মূল্য, সকলো প্ৰকাৰ অনুমান সাদৃশ্যানুমানভিত্তিক নে?