আত্মনিষ্ঠ ভাববাদ, আত্মগত ভাৱবাদ, আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ সমালোচনা, আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ বৈশিষ্ট্য, অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ (Subjective Idealism, Esse est percipi)
১। আত্মনিষ্ঠ ভাববাদ বুলিলে কি বুজা?
Ans: যি ভাববাদ অনুসৰি বাহ্যবস্তুৰ অস্তিত্ব ব্যক্তিমন বা ব্যক্তিআত্মাৰ ওপৰত নিৰ্ভৰশীল, তাক আত্মনিষ্ঠ বা আত্মগত ভাৱবাদ বুলি কোৱা হয়৷ এই ভাৱবাদ অনুসৰি বাহ্য জগতৰ মন নিৰপেক্ষ কোনো স্বতন্ত্ৰ সত্তা নাই৷ মন বা আত্মাই জগতৰ মূলবস্তু কিন্তু সেই মন বা আত্মা ব্যক্তিগত মন বা আত্মাহে৷ জৰ্জ বাৰ্কলি এই মতবাদৰ প্ৰৱৰ্তক৷
২। আত্মনিষ্ঠ বা আত্মগত ভাৱবাদৰ বৈশিষ্ট্য সমূহ লিখা?
Ans: আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ বৈশিষ্ট্য–
(i) জগতখন সম্পূৰ্ণৰূপেও মনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, এই মন বা আত্মা ব্যক্তিগত মন বা আত্মা হে৷
(ii) জ্ঞানৰ ক্ষেত্ৰত এই মতবাদে ইন্দ্ৰিয় প্ৰত্যক্ষক বিশ্বাস কৰে৷ যিকোনো বস্তুৰ অস্তিত্ব প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰ কৰে৷
(iii) আত্মনিষ্ঠ ভাৱবাদে জড় বস্তুৰ অস্তিত্বক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে৷
(iv) এই মতবাদত মূখ্য গুণ আৰু গৌণ গুণৰ বিভাজনক অস্বীকাৰ কৰা হয়৷ এই মতবাদ অনুসৰি মূখ্য গুণবোৰ গৌণ গুণৰ দৰে মনোগত৷
৩। আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ সমালোচনা বা দোষ লিখা৷
Ans: আত্মনিষ্ঠ বা আত্মগত ভাববাদৰ সমালোচনা বা দোষ :
(i) বাৰ্কলিৰ ভাববাদৰ মূলতত্ত্ব হৈছে বস্তুৰ অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ৷ কিন্তু বস্তুৰ অস্তিত্ব থাকিলেহে বস্তুক প্ৰত্যক্ষ কৰিব পাৰি৷ গতিকে প্ৰত্যক্ষহে বস্তুৰ অস্তিত্ব নিৰ্ভৰ৷
(ii) বাৰ্কলিয়ে সংবেদন আৰু সংবেদনৰ বিষয়বস্তুৰ মাজৰ পাৰ্থক্যক অস্বীকাৰ কৰিছে৷ কিন্তু দুয়োৰে মাজত স্পষ্ট পাৰ্থক্য আছে৷
(iii) আত্মগত ভাববাদে বস্তুৰ অস্তিত্বৰ ধাৰাবাহিকতা, স্থিতি আৰু ঐক্যৰ ব্যাখ্যা দিব নোৱাৰে৷
(iv) বাৰ্কলিৰ ভাববাদ অহং সবৰ্স্ববাদ৷ কাৰণ এই মতবাদ অনুসৰি কেৱল মন বা মনৰ ধাৰণাৰহে অস্তিত্ব আছে৷ বাহ্য বস্তুৰ কোনো অস্তিত্ব নাই৷
৪। আত্মজ্ঞানবাদ বা অহং সবৰ্স্ববাদ মানে কি?
Ans: যি মতবাদ অনুসৰি মই আৰু মোৰ ধাৰণাৰ হে অস্তিত্ব আছে, সেই মতবাদক অহং সবৰ্স্ববাদ বা আত্মজ্ঞানবাদ বোলা হয়৷
৫। বাৰ্কলিৰ মতবাদ আত্মজ্ঞানবাদ বা অহং সবৰ্স্ববাদ হয় নে?
Ans: যি মতবাদ অনুসৰি কেৱল মই আৰু মোৰ ধাৰণাৰ হে অস্তিত্ব আছে, সেই মতবাদক অহং সবৰ্স্ববাদ বা আত্মজ্ঞানবাদ বোল হয়৷ বাৰ্কলিৰ ভাববাদ অনুসৰি কেৱল ব্যক্তিমন বা আত্মাৰ অস্তিত্ব আছে৷ বহ্যবস্তুৰ অস্তিত্ব ব্যক্তিমন বা আত্মাৰ ওপৰত নিৰ্ভৰশীল৷ ব্যক্তিমনৰ ওপৰত অত্যধিক গুৰুত্ব দিয়া বাবে বহুতো সমালোচকে বাৰ্কলিৰ মতবাদক অহং সবৰ্স্ববাদ বা আত্মজ্ঞানবাদ বুলি সমালোচনা কৰিছে৷ অৱশ্যে বাৰ্কলিয়ে পৰৱর্তী পৰ্যায়ত ঈশ্বৰৰ অস্তিত্ব মানি লৈ আত্মজ্ঞানবাদৰ দোষৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰা দেখা যায়৷
৬। “অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ” বা “ প্ৰত্যক্ষতে বস্তু বিদ্যমান” (Esse est pericipi)– কথাষাৰৰ যৰ্থাটো বিচাৰ কৰা৷
Ans: অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ বা ‘প্ৰত্যক্ষতে বস্তু বিদ্যমান’ বাৰ্কলিৰ আত্মগত ভাৱবাদৰ মূলমন্ত্ৰ৷ এই মত অনুসৰি কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ হ’লে সি ব্যক্তি বিশেষৰ প্ৰত্যক্ষ নিৰ্ভৰ হ’ব লাগিব৷ যাক প্ৰত্যক্ষ কৰা নাযায়, সি অস্তিত্বশীল নহয় অৰ্থাৎ বস্তু জগতত তাৰ স্থিতি অগ্ৰাহ্য কৰা হ’ব৷ যি বস্তুক কোনোৱে প্ৰত্যক্ষ প্ৰত্যক্ষ কৰা নাই, তাৰ অস্তিত্ব নাই৷ বস্তুৰ অস্তিত্ব ব্যক্তিবিশেষৰ প্ৰত্যক্ষ-নিৰ্ভৰ৷ সেয়ে কোনো এটা বস্তু আছে বোলা কথাষাৰে ইয়াকে বুজায় যে সেই বস্তুটোক কোনোবাই প্ৰত্যক্ষ কৰিছে৷ মুঠতে, বাৰ্কলিৰ মতে কোনো বস্তুৰ স্থিতি প্ৰমাণিত হ’বলৈ ই প্ৰত্যক্ষৰ জৰিয়তে জ্ঞাত হ’ব লাগিব৷ তেওঁ আৰু কয় যে, যি বস্তুক কোনোৱে কেতিয়াও প্ৰত্যক্ষ কৰা নাই তাক পৰোক্ষভাৱে জনাটোও সম্ভৱ নহয়৷ অৰ্থাৎ প্ৰত্যক্ষ জ্ঞানৰ বিষয় নোহোৱা কোনো বস্তু পৰোক্ষ জ্ঞানৰো বিষয় হ’ব নোৱাৰে৷
জৰ্জ বাৰ্কলি এজন অভিজ্ঞতাবাদী দাৰ্শনিক৷ ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’– এনে মতৰ ভিত্তিত বাৰ্কলিয়ে বৈজ্ঞানিক বাস্তৱবাদত ল’কে স্বীকাৰ কৰা গুণৰ আধাৰ স্বৰূপ কোনো অজ্ঞাত দ্ৰব্যৰ অস্তিত্ব অস্বীকাৰ কৰে৷ বাৰ্কলিৰ মতে গুণৰ আশ্ৰয়ৰূপে কোনো দিন কোনো দ্ৰব্যক আমি প্ৰত্যক্ষ কৰা নাই৷ গতিকে যি প্ৰত্যক্ষৰ বিষয় নহয় তাৰ অস্তিত্বও থাকিব নোৱাৰে৷ বাৰ্কলিৰ ভাৱবাদ মতে মনৰ ওপৰতহে বস্তৰ অস্তিত্ব নিৰ্ভৰ কৰে৷ প্ৰত্যক্ষ যিহেতু মনৰ বিষয়, গতিকে মন বা আত্মাৰে কেৱল অস্তিত্ব আছে৷ গতিকে দেখা যায় যে ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’– এই মতৰ দ্বাৰা বাৰ্কলিয়ে তেওঁৰ আত্মগত ভাৱবাদৰ ভেটি দৃঢ় কৰিব বিচাৰিছিল৷
৭। অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ – এই উক্তিটোৰ অৰ্থ বা তাৎপৰ্য কি?
Ans: ‘অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ’ বাৰ্কলিৰ ভাববাদৰ এটা অতি গুৰুত্বপূৰ্ণ উক্তি৷ ইয়াৰ তাৎপৰ্য হ’ল কোনো বস্তুৰ অস্তিত্ব থাকিবলৈ হ’লে ই প্ৰত্যক্ষৰ দ্বাৰা জ্ঞাত হ’ব লাগিব, বস্তুৰ অস্তিত্ব থকা মানে তাক কোনোবা নহয় কোনোবাই প্ৰত্যক্ষ কৰিব লাগিব৷ যি বস্তুক প্ৰত্যক্ষ কৰা নাযায় তাৰ অস্তিত্ব নাই৷
Comments
Post a Comment